ETV Bharat / bharat

ভাৰতত ৰে'ল দুৰ্ঘটনা : ৰে'লৰ খুন্দাত মৃত্যু বহু লোকৰ

author img

By

Published : May 8, 2020, 4:00 PM IST

Updated : May 8, 2020, 4:32 PM IST

ৰে'ল লাইনৰ চোৱা-চিতা তথা মেৰামতি কামত নিয়োজিত হৈ থকা কৰ্মচাৰী সকলৰ লগতে সৰ্বসাধৰণৰ সুৰক্ষাৰ ক্ষেত্ৰত এক প্ৰত্যাহ্বান ৰূপে থিয় দিছে ৰে'ল দুৰ্ঘটনাই । ভাৰতত বহু লোকৰ প্ৰাণ যায় কেৱল ৰে'ল দুৰ্ঘটনাৰ ফলত । আজি আমি উল্লেখ কৰিম ভাৰতত সংঘটিত হোৱা এনে কিছুমান বৃহৎ ৰে'ল দুৰ্ঘটনাৰ কথা ।

Rail accidents in India: A look at incidents of trains mowing down people
Rail accidents in India: A look at incidents of trains mowing down people

নিউজ ডেস্ক, ৮ মে': শুকুৰবাৰে ঔৰাংগাবাদ জিলাত সংঘটিত হয় এক শোকাৱহ ৰে'ল দুৰ্ঘটনা । য'ত মৃত্যু হয় ১৬ জনকৈ প্ৰৱাসী শ্ৰমিকৰ । এখন মালবাহী ৰে'ল খুন্দাত মৃত্যু হয় লোক কেইজনৰ । ভাৰতত এনে বহু কেইটা ৰে'ল দুৰ্ঘটনা সংঘটিত হৈছে । বৰ্তমান ৰে'লৱে মন্ত্ৰণালয়ৰ বাবে এক গম্ভীৰ প্ৰত্যাহ্বান ৰূপে থিয় দিছে এই দুৰ্ঘটনা সমূহে । চাওঁ আহক ভাৰতত ৰে'লে মহতিয়াই নিয়া কেইটামান শোকাৱহ ৰে'ল দুৰ্ঘটনাৰ কথা-

বিজিয়ানাগাৰাম ৰে'ল দুৰ্ঘটনা (অন্ধ্ৰপ্ৰদেশ) : ২০১৩

এই দুৰ্ঘটনাত ১০ জন লোকৰ মৃত্যু হৈছিল । অন্ধ্ৰপ্ৰদেশৰ বিজিয়ানাগাৰামত সংঘটিত হৈছিল এই শোকাৱহ ঘটনাটো । বকাৰো এক্সপ্ৰেছৰ কিছু যাত্ৰীয়ে ভুৱা প্ৰচাৰ কৰিছিল যে ৰে'লৰ এটা ডবাত অগ্নি সংযোগ হৈছে । তাৰ পাচতেই চলন্ত ৰে'লৰ পৰা জাপ মাৰি দিছিল একাংশ যাত্ৰীয়ে । ফলত অন্য ট্ৰেকত আহি থকা ৰে'লৰ খুন্দাত মৃত্যু হৈছিল ১০ জন লোকৰ ।

ধাৰ্মাৰা ঘাট দুৰ্ঘটনা : ২০১৩

বিহাৰৰ খাগাৰিয়া জিলাত চলন্ত ৰে'লে মহতিয়াই নিছিল ৩৭ গৰাকী ভক্তক । এই দুৰ্ঘটনাত আটাইকেইজন ভক্তৰে মৃত্যু হৈছিল ।

কাইমুৰ ৰে'ল দুৰ্ঘটনা (বিহাৰ) : ২০১৮

২০১৮ চনত কাইমুৰত সংঘটিত হৈছিল এক ৰে'ল দুৰ্ঘটনা । ৫ জন লোকে ৰে'লপথ অতিক্ৰমৰ চেষ্টা চলাওতেই এখন দ্ৰুতবেগী ৰে'লে মহতিয়াই লৈ গৈছিল লোক কেইজনক । সন্ধিয়া হোৱাৰ বাবেই ট্ৰেকত ৰে'ল অহাৰ ওমান পোৱা নাছিল লোক কেইজনে ।

হাৰডই ৰে'ল দুৰ্ঘটনা (উত্তৰ প্ৰদেশ) : ২০১৮

চাৰিজন ৰে'লৱে মেৰামতি কৰা কৰ্মচাৰীক চলন্ত ৰে'লে মহতিয়াই নিছিল উত্তৰ প্ৰদেশৰ হাৰডই জিলাত । ৰে'ল লাইন মেৰামতি কৰাৰ সময়তে সংঘটিত হৈছিল এই দুৰ্ঘটনাটো ।

অম্ৰিতশ্বৰ ৰে'ল দুৰ্ঘটনা (পাঞ্জাৱ) : ২০১৮

দেশ জোকাৰি যোৱা এক ৰে'ল দুৰ্ঘটনাৰ ভিতৰত আছিল অম্ৰিতশ্বৰ এই ৰে'ল দুৰ্ঘটনাটো । এই দুৰ্ঘটনাটোত প্ৰায় ৬২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৭২ জন লোক আহত হৈছিল । বিজয়া দশমীত ৰাৱন দহনৰ সময়তে সংঘটিত হৈছিল এই হৃদয় বিদাৰক ঘটনাটো ।

ইটাৱাহ ৰে'ল দুৰ্ঘটনা (উত্তৰ প্ৰদেশ) : ২০১৯

ইটাৱাহত সংঘটিত হোৱা ৰে'ল দুৰ্ঘটনাটোত প্ৰায় গৈছিল ৪ জন লোকৰ । আনহাতে আহত হৈছিল ৬ জন লোক । ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত সংঘটিত হৈছিল এই শোকাৱহ ৰে'ল দুৰ্ঘটনাটো ।

Last Updated : May 8, 2020, 4:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.