অসম

assam

Goalpara Municipality Scam: গোৱালপাৰা পৌৰসভাত বিয়াগোম কেলেংকাৰী

By

Published : Oct 13, 2022, 4:57 PM IST

যোৰহাটৰ 'ৰেডিয়েণ্ট ইঞ্জিনীয়াৰিং কোম্পানী'ক ৱৰ্ক অৰ্ডাৰসহ ৮০% ধন আগতীয়াকৈ মোকলাই দিয়াৰ চৰ্তত ঠিকা আৱণ্টন(Corruption in Goalpara Municipality Board) । কেলেংকাৰী লুকুৱাবলৈ উঠিপৰি লাগিছে মহানন্দৰ পৌৰব'ৰ্ড । গোৱালপাৰা সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল । ইটিভি ভাৰত অসমৰ বাতৰি প্ৰভাৱ ।
CORRUPTION IN GOALPARA MUNICIPALITY BOARD
গোৱালপাৰা পৌৰসভাত পঞ্চদশ বিত্তীয় আয়োগৰ আঁচনিত বিয়াগোম কেলেংকাৰী

গোৱালপাৰা, ১৩ অক্টোবৰ : ঐতিহাসিক গোৱালপাৰা পৌৰসভাৰ নতুন ব'ৰ্ড গঠন হোৱাৰ ছমাহ পূৰ্ণ নৌহওঁতেই সংঘটিত হৈছে কোটিটকীয়া কেলেংকাৰী । এই বৃহৎ কেলেংকাৰীত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে পৌৰপতি মহানন্দ পাঠককে ধৰি তদানীন্তন চৰকাৰী কাৰ্যবাহী বিষয়া শান্তা কাৰ্কি চেত্ৰী, মুখ্য সহায়ক ভাস্কৰাদিত্য ৰয় আৰু সহকাৰী অভিযন্তা ইছফাকুল ৱাৰিছ । উল্লেখযোগ্য যে, পঞ্চদশ বিত্তীয় আয়োগ(15th Finance Commission)/ ২০২০-২১(টাইড)ৰ অধীনত গোৱালপাৰা চহৰৰ হাচিলাবিল বাছ আস্থানত ব্যৱসায় ভিত্তিত এখনি বিশুদ্ধ খোৱাপানীৰ বাবে আৰ অ' প্লাণ্ট বহুৱাৰ সিদ্ধান্ত লয় পৌৰ ব'ৰ্ডে(Corruption in drinking water project) ।

ধনজীৱ ৰাভা, পৌৰ আয়ুক্ত, গোৱালপাৰা

প্ৰায় ১ কোটি ১২ লাখ টকাৰ আঁচনিৰ কামৰ বৈধ বা ই-টেণ্ডাৰ আহ্বান নকৰি পৌৰ ব’ৰ্ডে কৌশলেৰে পকেট টেণ্ডাৰৰ জৰিয়তে যোৰহাটৰ তিতাবৰৰ 'ৰেডিয়েণ্ট ইঞ্জিনীয়াৰিং কোম্পানী' নামৰ প্ৰতিষ্ঠানটোক ঠিকা আবণ্টন কৰে । যিটো কোম্পানীৰ স্বত্বাধিকাৰ হ'ল পাৰচিয়া চুলতানা ৰহমান । কিন্তু আঁচনিখনৰ কাম আৰম্ভ নকৰাকৈয়ে তদানীন্তন কাৰ্যবাহী বিষয়া শান্তা কাৰ্কি চেত্ৰী, মুখ্য সহায়ক ভাস্কৰাদিত্য ৰায়, সহকাৰী অভিযন্তা ইছফাকুল ৱাৰিছে পৌৰ আইন আৰু বিত্তীয় লেনদেনৰ সকলো নীতি-নিয়মক উলংঘা কৰি চলিত বৰ্ষৰ ১৪ জুলাইত পৌৰ ব'ৰ্ডখনে ভাৰতীয় ষ্টেট বেংকৰ বিত্তীয় ব্যৱস্থাপনা ব্যৱস্থা (পি এফ এম এচ)ৰ পৰা আঁচনিখনৰ আশী শতাংশ (৮৬,৯৭০৬৬ টকা)ধন আগতীয়াকৈ কোম্পানীটোক মোকলাই দিয়ে ।

ইয়াৰ বিনিময়ত সংশ্লিষ্ট দুৰ্নীতিগ্ৰস্তসকলে কোম্পানীৰ পৰা ২৫ লক্ষৰ মোটা কমিছন লাভ কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । ই টিভি ভাৰতত ১ অক্টোবৰত প্ৰকাশিত 'গোৱালপাৰা পৌৰসভাত কোটি টকীয়া বিত্তীয় কেলেংকাৰীৰ বাতৰি ফাদিল হোৱাৰ পিচতে পৌৰ ব'ৰ্ডে নিজৰ কেলেংকাৰী লুকুৱাবলৈ উঠিপৰি লগাও পৰিলক্ষিত হৈছে । একাংশ বাতৰি কাকতৰ প্ৰকাশিত বাতৰিত পৌৰপতি মহানন্দ পাঠকে চাফাই দিয়া মতে, বিভাগীয় নিয়ম অনুসৰি ৰেডিয়েণ্ট ইঞ্জিনীয়াৰিং কোম্পানীক ঠিকা আবণ্টন কৰা হৈছে আৰু কোম্পানীয়ে আৰ অ' প্লাণ্টৰ সকলো মেছিনাৰী প্ৰস্তুত কৰাৰ পিচতহে আশী শতাংশ ধন মুকলি কৰি দিয়া হৈছে ।

ইয়াৰ পূৰ্বে পৌৰসভাৰ অভিযন্তাসকলে কোম্পানীলৈ গৈ সকলো মেছিনাৰী চাই, পৰীক্ষা কৰাৰ পিচতহে আঁচনিৰ ধন মোকলাই দিয়া হৈছে বুলি পৌৰপতি মহানন্দ পাঠকে সদৰী কৰে । কিন্তু মেছিনাৰী সামগ্ৰী ৰখাৰ বাবে আঁচনি গৃহত ঠাইৰ অভাৱ হোৱা বাবে ৯০ দিনৰ বাবে মেছিনাৰীসমূহ কোম্পানীৰ জিম্মাত ৰাখিবলৈ দিয়া হৈছে বুলি দাবী কৰিছে পৌৰপতিগৰকীয়ে । কিন্ত আমাৰ হাতত থকা তথ্য অনুসৰি পৌৰ ব'ৰ্ডে বিশুদ্ধ খোৱাপানীৰ আৰ অ' প্লাণ্টৰ সকলো মেছিনাৰী প্ৰস্তুত কৰাৰ পিচত আঁচনিৰ ধন মোকলাই দিয়া নাই । ৰেডিয়েণ্ট ইঞ্জিনীয়াৰিং কোম্পানীৰ চৰ্ত সাপেক্ষেহে ৱৰ্ক অৰ্ডাৰসহ আগতীয়াকৈ আশী শতাংশ ধন মোকলাই দিয়া হৈছে ।

ৰেডিয়েণ্ট ইঞ্জিনীয়াৰিং কোম্পানীৰ সৈতে ৱৰ্ক অৰ্ডাৰসহ আগতীয়াকৈ আশী শতাংশ ধন মোকলাই দিয়াৰ কোম্পানী চৰ্তত গোৱালপাৰা পৌৰসভাৰ সহকাৰী অভিযন্তা ইছফাকুল ৱাৰিছে স্বাক্ষৰ কৰা গোপন চুক্তিৰ তথ্য আমাৰ হাতত মজুত আছে । তাৎপৰ্যপূৰ্ণ বিষয় যে, চলিত বৰ্ষৰ ১৩ জুলাইত ৰেডিয়েণ্ট ইঞ্জিনীয়াৰিং কোম্পানীয়ে আঁচনিৰ ধন আগতীয়াকৈ মোকলাই বিচাৰি পৌৰসভাক পত্ৰ দিয়ে । একেদিনাই কোম্পানীলৈ গৈ সহকাৰী অভিযন্তা ইছফাকুল ৱাৰিছে মেছিনাৰীসমূহ চাই পৌৰসভাক সেইদিনাই ৰিপ'ৰ্ট দাখিল কৰে । পিচদিনা অৰ্থাৎ ১৪ জুলাইত ধন মোকলাই দিয়ে ।

ৰেডিয়েণ্ট ইঞ্জিনীয়াৰিং কোম্পানীয়ে আগতীয়াকৈ ধন বিচাৰি পত্ৰ প্ৰেৰণৰ দিনাই অভিযন্তা ইছফাকুল ৱাৰিছে কিহৰ স্বাৰ্থত আৰু কেনেকৈ ইমান সোনকালে তথা ২৪ ঘণ্টা নৌহওঁতেই কোম্পানীলৈ গৈ মেছিনাৰীসমূহ চাই ব'ৰ্ডক ৰিপ'ৰ্ট দাখিল কৰিব পাৰিলে সেয়া কাৰো সহজে হজম হোৱা নাই ।অভিযোগ মতে, সু-সম্পৰ্কিত ৰেডিয়েণ্ট ইঞ্জিনীয়াৰিং কোম্পানীক ব্যৱহাৰ কৰি সহকাৰী অভিযন্তা ইছফাকুল ৱাৰিছে নিজেই গোপনে ঠিকা কৰা বুলিও সচেতন ৰাইজ আৰু একাংশ ৱাৰ্ড কমিছনাৰে সন্দেহ ব্যক্ত কৰিছে । ইছফাকুল ৱাৰিছে বিগত চাৰি বছৰে গোৱালপাৰা পৌৰসভাত অভিযন্তাৰ ৰূপত কাৰ্যনিৰ্বাহ কৰি অগাধ সম্পত্তিৰ গৰাকী হৈ এই সন্দেহক বাস্তৱিক ৰূপ দিয়া বুলিও সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে ।

সেইদৰে আৰ অ' প্লাণ্টৰ কোটি টকীয়া ঠিকা আবণ্টনত কোনো বিভাগীয় নীতি-নিয়ম মানি চলা নাই পৌৰ ব'ৰ্ডখনে । চেণ্ট্ৰেল ভিজিলেন্স কমিছনৰ নিয়ম অনুসৰি ২৫ লাখৰ ওপৰৰ ঠিকাৰ ক্ষেত্ৰত ই-টেণ্ডাৰ বাঞ্ছনীয় । তদুপৰি বহুল প্ৰচাৰিত ৰাষ্ট্ৰীয় বাতৰি কাকত, বিভাগীয় আৰু এন আই চি ৱেবছাইটত নিবিদা জাননী দিয়াটো বাধ্যতামূলক । এইক্ষেত্ৰত কিন্তু সকলো বাধ্য বাধকতাক উলংঘা কৰা হৈছে । কোনোকালে নাম নুশুনা 'দি আসাম ফাষ্ট' নামৰ এখন স্বল্প প্ৰচলিত ইংৰাজী কাকতৰ জৰিয়তে নামমাত্ৰ অফ লাইন নিবিদা জাননী দিয়া হৈছে বুলি জানিব পৰা গৈছে । তদুপৰি কোনো উন্নয়নমূলক আঁচনি ল'লে পৌৰব'ৰ্ড মিটিঙত প্ৰস্তাৱ গ্ৰহণ কৰিহে সিদ্ধান্ত ল'ব লাগে ।

কিন্তু একাংশ ৱাৰ্ড কমিছনাৰে সজোৰে দাবী কৰা মতে আজিলৈকে অনুষ্ঠিত হোৱা কোনো এখন পৌৰব'ৰ্ড মিটিঙত পঞ্চদশ বিত্তীয় আয়োগ/২০২০-২১ৰ ধনৰ ব্যৱহাৰৰ কোনো আলোচনাই হোৱা নাই । এইক্ষেত্ৰত ব'ৰ্ড মিটিঙৰ প্ৰস্তাৱ বা পঞ্চদশ বিত্তীয় আয়োগৰ ধন‌ প্ৰয়োগৰ কোনো আলোচনা নোহোৱাকৈ মহানন্দৰ পৌৰব'ৰ্ডে কেনেকৈ আৰ অ' প্লাণ্টৰ কোটি টকীয়া আঁচনি ৰূপায়ণ কৰাৰ সিদ্ধান্ত ল'লে সেয়া সহজেই অনুমান কৰিব পাৰি । ইপিনে গোৱালপাৰা পৌৰসভাৰ এই বিত্তীয় কেলেংকাৰী সন্দৰ্ভত ইটিভি ভাৰতত ০১ অক্টোবৰত তথ্য সম্বলিত বাতৰি প্ৰকাশৰ দিনাই আঠ নং ৱাৰ্ডৰ বাসিন্দা তথা প্ৰাক্তন সাংবাদিক নিতেশ ৰঞ্জন গোস্বামীয়ে গোৱালপাৰা সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে । কিন্তু এই সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে নে নাই সেই সন্দৰ্ভত জানিব পৰা নাই ।

লগতে পঢ়ক:গোৱালপাৰা পৌৰসভাত কোটিটকীয়া বিত্তীয় কেলেংকাৰী

ABOUT THE AUTHOR

...view details