গোৱালপাৰা পৌৰসভাত কোটিটকীয়া বিত্তীয় কেলেংকাৰী

author img

By

Published : Oct 1, 2022, 1:40 PM IST

Updated : Oct 1, 2022, 10:00 PM IST

goalpara

গোৱালপাৰা পৌৰসভাত কোটিটকীয়া বিত্তীয় কেলেংকাৰী । কাম আৰম্ভ নকৰাকৈয়ে পঞ্চদশ বিত্তীয় আয়োগৰ ৮০ শতাংশ ধন সৰকালে পৌৰপতিসহ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে (Corruption in Goalpara Municipality Board)।

গোৱালপাৰা, ১ অক্টোবৰ : গোৱালপাৰা পৌৰসভাত সংঘটিত হৈছে কোটিটকীয়া বিত্তীয় কেলেংকাৰী (Corruption in Goalpara Municipality Board) । কাম আৰম্ভ নকৰাকৈয়ে পঞ্চদশ বিত্তীয় আয়োগৰ (15th Finance Commission) ৮০ শতাংশ ধন সৰকালে পৌৰপতিসহ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta BIswa Sarma) 'দুৰ্নীতিমুক্ত অসম'ৰ সপোন ধূলিসাৎ কৰিলে খোদ বিজেপি দলে গঠন কৰা গোৱালপাৰা পৌৰসভা আৰু পৌৰ প্ৰশাসনৰ একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ।

পৌৰপতি মহানন্দ পাঠক নেতৃত্বাধীন পৌৰসভাই কেন্দ্ৰীয় চৰকাৰৰ খোৱাপানীৰ (আৰ অ') কোটিটকীয়া আঁচনিত সংঘটিত কৰিছে বিয়াগোম বিত্তীয় কেলেংকাৰী । কাম আৰম্ভ নকৰাকৈয়ে পৌৰসভাই আগতীয়াকৈ সৰকাই লৈছে আঁচনিখনৰ ৮০% ধন । এই বিয়াগোম বিত্তীয় কেলেংকাৰীত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে পৌৰ প্ৰশাসনৰ চৰকাৰী এ চি এছ তথা কাৰ্যবাহী বিষয়াকে ধৰি সহকাৰী অভিযন্তা আৰু মুখ্য সহায়কগৰাকী ।

উল্লেখযোগ্য যে পঞ্চদশ বিত্তীয় আয়োগৰ (টাইড) অধীনত গোৱালপাৰা চহৰৰ হাচিলাবিল বাছ আস্থানত ব্যৱসায় ভিত্তিত এক বিশুদ্ধ খোৱাপানীৰ (আৰ অ') আঁচনিৰ এক প্ৰস্তাৱ লোৱা হয় (corruption in drinking water project) । উক্ত প্ৰস্তাৱ অনুসৰি, প্ৰায় ১ কোটি ১২ লাখ টকাৰ প্ৰাক্কলন প্ৰস্তুত কৰায় হয় । জানিব পৰা মতে, আঁচনিখনে চৰকাৰী অনুমোদনো লাভ কৰে চলিত বৰ্ষৰ মে' মাহত ।

কিন্তু আঁচনিখনৰ কাম আৰম্ভ নকৰাকৈয়ে তদানীন্তন কাৰ্যবাহী বিষয়া শান্তা কাৰ্কি চেত্ৰী, মুখ্য সহায়ক ভাস্কৰাদিত্য ৰায়, সহকাৰী অভিযন্তা ইছফাকুল ৱাৰিছে মিলি চলিত বৰ্ষৰ ১৪ জুলাইত পৌৰ পৰিষদখনে কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা বিত্তীয় ব্যৱস্থাপনা ব্যৱস্থাৰ (পি এফ এম এছ) পৰা আঁচনিখনৰ ৮০ শতাংশ (৮৬,৯৭,০৬৬ লাখ) টকা সৰকোৱা বুলি জানিব পৰা গৈছে ।

গোৱালপাৰা পৌৰসভাত কোটিটকীয়া বিত্তীয় কেলেংকাৰী

প্ৰাপ্ত তথ্যমতে, ১১০৫ ৭৮০৩৭৭২ নম্বৰ একাউণ্টত পি এফ এম এছৰ পৰা চি ০৭২২২৬১৮৫২৯৩ এডভাইচ নম্বৰযোগে ধন লাভ কৰে । প্ৰণিধানযোগ্য যে নিয়মমতে আঁচনিখনৰ কাম সম্পূৰ্ণ হোৱাৰ পিচত সহকাৰী অভিযন্তাই ফিল্ড ৰিপ'ৰ্ট কৰাৰ পিচত ঠিকাদাৰে পৌৰসভাত বিল দাখিল কৰে । মুখ্য সহায়ক আৰু কাৰ্যবাহী বিষয়াই বিলত অনুমোদন জনাব লাগে । উত্থাপিত অভিযোগ মতে, দুৰ্নীতিৰ অভিপ্ৰায়েৰে পূৰ্ব পৰিকল্পনা অনুসৰি পৌৰসভাৰ পৌৰপতি আৰু উপ-পৌৰপতিয়ে গোপনে দুগৰাকীমান বিশ্বস্ত ৱাৰ্ড কমিছনাৰক লগত লৈ ৱাৰ্ড সভাত এই আঁচনিখনৰ প্ৰস্তাৱ লয় ।

এই সন্দৰ্ভত পৌৰসভাৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ লগতে পঞ্চদশ‌ বিত্তীয় আয়োগৰ ধন আবণ্টনক লৈও সেই সময়ত একাংশ ৱাৰ্ড কমিছনাৰে জিলা উপায়ুক্ত আৰু সংশ্লিষ্ট বিভাগক অভিযোগ দাখিল কৰা বুলি এক বিশেষ সূত্ৰে জানিব পৰা গৈছে । তৎসত্ত্বেও পৌৰসভাৰ পৃষ্ঠপোষকতাত আঁচনিখনত ধন আবণ্টন আৰু চৰকাৰী অনুমোদন আদায় কৰে ।

আঁচনিখনৰ নিবিদাৰ ক্ষেত্ৰতো আন এক অভিযোগ উত্থাপিত হৈছে । আঁচনিখনৰ অন লাইন বা অফ লাইন নিবিদা হোৱা নাই । দুখনমান কাকতত নিবিদাৰ বিজ্ঞাপন দিয়া বুলি পৌৰপতিয়ে দাবী কৰিছে যদিও সেয়াও সন্দেহজনক । আনহাতে, ঐতিহাসিক গোৱালপাৰা পৌৰসভাক নিজৰ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি চাৰি বছৰৰ ভিতৰতে অগাধ ধনৰ গৰাকী হৈ পৰা সহকাৰী অভিযন্তা ইছফাকুল ৱাৰিছে বহিঃৰাজ্যৰ মন পছন্দৰ এগৰাকী ঠিকাদৰক আগতীয়াকৈ ধন আদায় দিয়াৰ স্বাৰ্থতে এইদৰে পৌৰসভাক ব্যৱহাৰ কৰি আগতীয়াকৈ ধন সৰকাই লোৱা বুলিও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক :শিৱসাগৰ পৌৰসভা কাৰ্যালয়ত প্ৰতিবাদ

Last Updated :Oct 1, 2022, 10:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.