অসম

assam

2025 চনৰ এপ্ৰিলত ভিতৰত ৰূপ সলনি হ’ব নিউ হাফলং ষ্টেচনৰ

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 9:46 AM IST

অচিৰেই অমৃত ভাৰত ৰে’ল ষ্টেচনলৈ উন্নীত হোৱাৰ পথত ৰাজ্যৰ একমাত্ৰ পাহাৰীয়া ৰে’লপথৰ নিউ হাফলং ৰে’ল ষ্টেচন ৷ 2025 চনৰ এপ্ৰিলৰ ভিতৰত ডিমা হাচাওবাসীয়ে লাভ কৰিব নতুন ষ্টেচন ৷

Amrit Bharat Railway Station
2025 চনৰ এপ্ৰিলৰ ভিতৰত ৰূপ সলনি হ’ব নিউ হাফলং ষ্টেচনৰ

2025 চনৰ এপ্ৰিলৰ ভিতৰত ৰূপ সলনি হ’ব নিউ হাফলং ষ্টেচনৰ

হাফলং, 14 ডিচেম্বৰ: লামডিং-শিলচৰ পাহাৰীয়া ব্ৰডগজ ৰে’লপথৰ নিউ হাফলং ৰে’ল ষ্টেচনক অমৃত ভাৰত ৰে’ল ষ্টেচনলৈ উন্নত কৰাৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে। দেশৰ 508 টা ৰে’ল ষ্টেচনক অমৃত ভাৰত ৰেল ষ্টেচনলৈ উন্নত কৰাৰ সিদ্ধান্ত লৈছে ভাৰতীয় ৰে’ল বিভাগে। ইয়াৰ অংশ হিচাপে পাহাৰীয়া ৰে’লপথৰ নিউ হাফলং ষ্টেচনে অমৃত ভাৰত ষ্টেচন হিচাপে স্থান লাভ কৰিছে ৷

যোৱা 6 আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে দেশৰ 508 টা ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচনলৈ উন্নীত কৰাৰ পৰিকল্পনাৰ আধাৰশিলা স্থাপন কৰিছিল। ইয়াৰ পিচতেই ক্ষীপ্ৰতাৰে দেশৰ এই 508 টা ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উন্নীত কৰাৰ কাম আৰম্ভ হৈছে। নিউ হাফলং ষ্টেচনক অমৃত ভাৰত ষ্টেচনলৈ উন্নীত কৰাৰ ক্ষেত্ৰত ৰে’ল বিভাগে ব্যয় কৰিব 33 কোটি টকা।

সংস্কাৰ সাধনৰ বাবে বৰ্তমানৰ নিউ হাফলং ষ্টেচনৰ সন্মুখভাগ ভাঙি পেলোৱা হৈছে। এই ষ্টেচনত থাকিব অত্যাধুনিক সা-সুবিধা , ফুডপ্লাজা, যানবাহন পাৰ্কিঙৰ উন্নত সুবিধাৰ বাহিৰেও ৰে’ল যাত্ৰী সকলৰ বাবে থাকিব উন্নতমানৰ ব্যৱস্থা। অহা দুই বছৰৰ ভিতৰতে নিউ হাফলং ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে গঢ়ি তোলা হ’ব বুলি উত্তৰ পূব সীমান্ত ৰে’ল সূত্ৰই জানিবলৈ দিয়ে ।

উল্লেখ্য যে, 24,470 কোটিতকৈ অধিক টকা ব্যয়েৰে পুনৰ উন্নয়ন হ’বলগীয়া এই 508 টা ষ্টেচনে 27 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি লৈছে, যাৰ ভিতৰত উত্তৰ প্ৰদেশ আৰু ৰাজস্থানত 55 টাকৈ, বিহাৰত 49 টা, মহাৰাষ্ট্ৰত 44, পশ্চিমবংগত 37, মধ্য প্ৰদেশত 34, অসমত 32 টা ওড়িশাত 25 টা, পঞ্জাৱত 22 টা, গুজৰাট আৰু তেলেংগানাত 21 টাকৈ, ঝাৰখণ্ডত 20 টা, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুত 18 টাকৈ, হাৰিয়ানাত 15 টা, কৰ্ণাটকত 13 টা ষ্টেচন আছে ৷ এই ৰে’ল ষ্টেচনসমূহ পৰৱৰ্তী 40 বছৰৰ বাবে পৰিকল্পনা কৰি নিৰ্মাণ কৰা হ’ব । ৰে’ল বিভাগে 2025 চনৰ ভিতৰত এই ষ্টেচনসমূহৰ পুনৰ্বিকাশৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য আগত ৰাখিছে ।

লগতে পঢ়ক:Amrit Bharat station scheme 2023:অমৃত ভাৰত ষ্টেচনলৈ উন্নীত হ’ব ডিফু ৰে’ল ষ্টেচন, উৎফুল্লিত ৰাইজ

ABOUT THE AUTHOR

...view details