ETV Bharat / state

Amrit Bharat station scheme 2023:অমৃত ভাৰত ষ্টেচনলৈ উন্নীত হ’ব ডিফু ৰে’ল ষ্টেচন, উৎফুল্লিত ৰাইজ

author img

By

Published : Aug 5, 2023, 12:43 PM IST

দেওবাৰে অমৃত ভাৰত ষ্টেচন আঁচনি মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ৷ আধাৰশিলা অনুষ্ঠানক লৈ বিশেষ তৎপৰ ৰাইজ ৷ ডিফু ৰে’ল ষ্টেচন উক্ত আঁচনিত অন্তৰ্ভূক্ত হোৱাৰ পিচতে সমগ্ৰ কাৰ্বি আংলঙৰ লগতে ডিফুবাসীও আনন্দিত হৈ পৰিছে ৷

Amrit Bharat station scheme 2023
অমৃত ভাৰত ষ্টেচনলৈ উন্নিত হ’ব ডিফু ৰে’ল ষ্টেচন

অমৃত ভাৰত ষ্টেচনলৈ উন্নিত হ’ব ডিফু ৰে’ল ষ্টেচন

ডিফু,5 আগষ্ট: ৰে’ল যোগাযোগ ব্যৱস্থাক অধিক গতিশীলতা দিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰূপায়ন কৰিছে বিশেষ আঁচনি ৷ অমৃত ভাৰত ষ্টেচন আঁচনিৰ জৰিয়তে সমগ্ৰ ভাৰততে 500 অধিক ষ্টেচনক উন্নীত কৰা হ’ব অমৃত ভাৰত ষ্টেচন হিচাপে ৷ দেওবাৰে ভিডিঅ’ কনফাৰেঞ্চৰ যোগেদি অমৃত ভাৰত ষ্টেচনৰ অধাৰাশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ৷ এই আঁচনিৰ অধীনত নিৰ্মাণ হ’ব উত্তৰ-পূবৰ কেইবাটাও ৰে‘ল ষ্টেচন ৷ তাৰ ভিতৰত ডিফু ৰে’লষ্টেচন অন্তৰ্ভূক্ত হোৱাৰ পিচতে সমগ্ৰ কাৰ্বি আংলঙৰ লগতে ডিফুবাসীও আনন্দিত হৈ পৰিছে ৷

শনিবাৰে পুৱা ডিফু পৌৰ নিগমৰ অধ্যক্ষৰ নেতৃত্বত ৱাৰ্ড কমিচনাৰ সকল আৰু চাফাই কৰ্মচাৰী সকলে ডিফু ৰে’লষ্টেচনৰ চৌহদত চাফাই অভিযান চলায় ৷ দেওবাৰে পুৱা ৯-৩০ বজাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ‘ কনফাৰেন্সৰ জৰিয়তে ৫০৮ টা ৰে’লষ্টেচনৰ লগতে ডিফু ৰেল ষ্টেচনৰো আধাৰশিলা স্থাপন কৰিব ৷ সেই উপলক্ষে ডিফু ৰে’লষ্টেচন চৌহদত এক আকৰ্ষণীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ স্ক্ৰীণৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলি স্থাপন হ’ব লগীয়া আধাৰশিলা কাৰ্যসূচীৰ বাবে ডিফু ৰে’ল ষ্টেচন কৰ্তৃপক্ষই পূৰ্ণগতিত প্ৰস্তুতি চলাইছে ৷

প্ৰায় ৩২ কোটি ব্যয় সাপেক্ষে উন্নীতকৰণ হ’ব লগীয়া ডিফু ৰে’ল ষ্টেচনৰ বিশ্বমানৰ অত্যাধুনিক ৰূপান্তৰে পাৰ্বত্য জিলা খনত বহুদিনীয়া অভাৱ পূৰণ হ’ব বলি আশা কৰিছে ৰাইজে ৷ আনহাতে শনিবাৰে অনুষ্ঠিত হ’ব লগা বিশেষ সভাখনত উপস্থিত থাকিব সাংসদ হৰেণছিং বে'কে, কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যাবহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে প্ৰায় 2000 লোক ৷

উল্লেখ্য যে ভাৰত চৰকাৰে বিশ্বমানৰ ষ্টেচন আৰু অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত অসমৰ ৫০টা ষ্টেচনকে ধৰি উত্তৰ-পূব ৰাজ্যসমূহৰ ৰে’লৱে আন্তঃগাঁঠনিৰ পুনৰ উন্নয়ন আৰু উন্নীতকৰণৰ বাবে ১০,২৬৯ কোটি টকাৰ পুঁজি আবণ্টন দিছে ৷

লগতে পঢ়ক:Dengue Outbreak in Diphu: ডিফুত ডেংগুত আক্ৰান্ত ১৫০৬ লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.