ETV Bharat / state

Dengue Outbreak in Diphu: ডিফুত ডেংগুত আক্ৰান্ত ১৫০৬ লোক

author img

By

Published : Aug 1, 2023, 7:58 PM IST

ডিফুত ডেংগু ৰোগে ভয়াবৰ ৰূপ লৈছে ৷ বিগত বৰ্ষৰ ৰেকৰ্ড ভংগ কৰি দৈনিক ডেংগু ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে চহৰখনত ৷ এতিয়ালৈকে এলাইজা পৰীক্ষাত ১৫০৬ গৰাকী জ্বৰত ভোগা ৰোগীৰ দেহত ডেংগু পজিটিভ পোৱা গৈছে ৷

Dengue patient increase at Diphu
ডিফুত ডেংগুত আক্ৰান্ত ১৫০৬ লোক

ডিফুত ডেংগুত আক্ৰান্ত ১৫০৬ লোক

ডিফু, ১ আগষ্ট : ডিফুত ডেংগুৰ সংহাৰ ৷ এতিয়া চহৰখনত ঘৰে ঘৰে ডেংগু ৰোগী থকাৰ দৰে অৱস্থাৰ সৃষ্টি হৈছে ৷ বিগত বৰ্ষৰ ৰেকৰ্ড ভংগ কৰি দৈনিক ডেংগু ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে চহৰখনত ৷ ডিফু চিকিৎসা মহাবিদ্যালয়ৰ তথ্য অনুসৰি, এতিয়ালৈকে এলাইজা পৰীক্ষাত ১৫০৬ গৰাকী জ্বৰত ভোগা ৰোগীৰ দেহত ডেংগু পজিটিভ পোৱা গৈছে ৷

কিন্তু ইয়াৰ বাহিৰেও স্থানীয় ব্যক্তিগত চিকিৎসালয় আৰু মেডিকেল কলেজৰ চিকিৎসকে চেম্বাৰত ৰেপিড টেষ্ট কৰি ডেংগুৰ চিকিৎসা কৰি থকা হৈছে ৷ মঙলবাৰে ডিফু নগৰৰ শৰ্মিষ্ঠা মজুমদাৰ নামৰ এগৰাকী ২৫ বছৰীয়া যুৱতীৰ ডেংগু ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ৷ ইফালে যোৱা ১ জুনত ৰহিলা টেৰণপী নামৰ এগৰাকী মহিলাৰো ডেংগুত মৃত্যু হৈছিল ৷

ইয়াৰ বাহিৰেও ডিফু চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা নকৰাই ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰা এগৰাকী যুৱক আৰু এগৰাকী আৰক্ষীৰ লোকৰো ডেংগুত মৃত্যু হৈছে, যদিও সেই তথ্য চৰকাৰী নথিভুক্ত নহয় ৷ চৰকাৰীভাৱে এতিয়ালৈকে ডিফুত ডেংগুত দুগৰাকী মহিলাৰ মৃত্যু হৈছে ৷ মঙলবাৰলৈকে ডিফু চিকিৎসা মহাবিদ্যালয়ত ৪১ গৰাকী ডেংগু ৰোগী আছে। ইয়াৰে ৪ গৰাকী ছেমি আই চি ইউ আৰু এগৰাকী সাধাৰণ আই চি ইউত আছে ৷

ডিফু চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ এছ জে ডেকাই কয় যে, ডেংগু নিয়ন্ত্ৰণ কৰাত জনসাধাৰণৰ সহযোগিতা লাগিব। দিনত হাত দীঘল চোলা লংপেণ্ট পিন্ধি থকা , ঘৰৰ চৌহদত যাতে পানী জমা হোৱাৰ উৎস নাথাকে তাৰ প্ৰতি সচেতন হোৱা আৰু সন্ধিয়া দৈনিক ধোঁৱা বা ধূনা দিয়াৰ ব্যৱস্থা কৰিব লাগিব ৷

ডিফু চিকিৎসা মহাবিদ্যালয়ত ডেংগু পৰীক্ষা আৰু চিকিৎসা বিনামূলীয়াকৈ কৰা হয় ৷ সেয়ে তেওঁ সকলোকে সাধাৰণ জ্বৰ হ’লেই চিকিৎসা মহাবিদ্যালয়লৈ অহাৰ আহ্বান জনায় ৷ যি দুগৰাকীৰ মৃত্যুৰ ঘটনা ঘটিছে দুয়োটা ঘটনাতে ৰোগী পলমকৈ চিকিৎসালয়লৈ আহিছিল বুলি অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে ৷

আনহাতে জনসাধাৰণে অভিযোগ কৰিছে যে স্বাস্থ্য বিভাগে যি দৰে ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিব লাগিছিল কৰা নাই ৷ এই সন্দৰ্ভত স্বাস্থ্য বিভাগৰ কয় যে, এই ধোঁৱা দিয়াটো স্বাস্থ্যৰ বাবে ভাল নহয়। সেয়ে য’ত বেছি ডেংগু ৰোগী ধৰা পৰিছে তাতহে ধোঁৱা দিয়া হৈছে ৷ এতিয়া জনতাৰ সচেতনতাই ডেংগুৰ প্ৰভাৱ কম কৰাৰ একমাত্ৰ উপায় বুলি ৷

লগতে পঢ়ক: Respiratory infections in monsoon: বাৰিষাকালত বৃদ্ধি পাইছে উশাহ-নিশাহৰ সমস্য়া; আপোনাৰো আছে নেকি এই সমস্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.