অসম

assam

AASU protest against Assam Police: আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ ভিন্ন স্থানত আছুৰ প্ৰতিবাদ

By

Published : Feb 3, 2022, 8:39 PM IST

ডিব্ৰু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ পাছৰে পৰা আৰক্ষী আৰু আছুৰ মাজত মতবিৰোধ অব্যাহত আছে । ইয়াৰ মাজতে ডিব্ৰুগড় জিলাৰ ভিন্ন প্ৰান্তত আছু প্ৰতিবাদ সাব্যস্ত কৰিলে (AASU protest in Dibrugarh)। জিলাখনৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰক বৰ্খাস্তৰ দাবীত আছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

AASU protest against Assam Police
আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ ভিন্ন স্থানত আছুৰ প্ৰতিবাদ

মৰাণ,৩ ফেব্ৰুৱাৰী :যোৱা ২৪ ডিচেম্বৰত ডিব্ৰু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক লৈ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম ছাত্ৰ পৰিষদৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল (AASU ACP clash in Dibrugarh) ৷ এই ঘটনাই পাছত হিংসাত্মক ৰূপ ধাৰণ কৰিছিল আৰু ঘটনাত কেইবাজনো ছাত্ৰ আহত হয় ৷ তাৰ পাছতেই আৰক্ষীয়ে ডিব্ৰুগড়স্থিত আছুৰ শ্বহীদ ভৱনত প্ৰৱেশ কৰি আটক কৰে কেইবাজনো আছুৰ সদস্য়ক ৷

আছুৰ কাৰ্যালয়ত আৰক্ষী প্ৰৱেশ কৰি আছু নেতাক আটক কৰাৰ পাছৰে পৰা ডিব্ৰুগড় আৰক্ষী আৰু আছুৰ মাজত তীব্ৰ মতানৈক্য আৰম্ভ হয় । আছুৰ অভিযোগ ডিব্ৰুগড়ৰ আৰক্ষীয়ে শ্বহীদক অপমান কৰিছে । লগতে আছু কৰ্মীক প্ৰহাৰ কৰাৰো অভিযোগ আৰক্ষীৰ বিৰুদ্ধে । ইতিমধ্যে আছুৱে ডিব্ৰুগড় আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিবাদ অব্যাহত ৰাখিছে (AASU protest in Dibrugarh)।

আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ ভিন্ন স্থানত আছুৰ প্ৰতিবাদ

পুনৰ ডিব্ৰুগড় আৰক্ষীৰ বিৰুদ্ধে গৰজি উঠিল সদৌ অসম ছাত্ৰ সন্থা । এইবাৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰক বৰ্খাস্তৰ দাবীত আছুৰ ডিব্ৰুগড় আঞ্চলিক সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে । সদৌ ডিব্ৰুগড় ছাত্র সন্থাৰ সভাপতি ৰূপজ্যোতি বৰঠাকুৰৰ নেতৃত্বত ডিব্ৰুগড় চৌকিডিঙ্গী চাৰিআলিত আছুকৰ্মী সকলে ন্যায় বিচাৰি সত্যাগ্ৰহ কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক ঋতুৰাজ মিলি, শিক্ষা সম্পাদক অনুজ হালৈৰ লগতে ছাত্ৰ সন্থাৰ কৰ্মীসকল । আনহাতে টিংখাঙত টিংখাং আঞ্চলিক ছাত্ৰ সন্থাই, ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থা আৰু খোৱাং আঞ্চলিক ছাত্ৰ সন্থাইও ডিব্ৰুগড় আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক :গণৰাজ্য দিৱসৰ দিনাই ডিব্ৰুগড়ত আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে প্ৰতিবাদৰ ঘোষণা

ABOUT THE AUTHOR

...view details