ETV Bharat / snippets

মিছন আই পি এল জুৱাৰী : আপত্তিজনক নথি-পত্ৰসহ ২ জুৱাৰীক আটক

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 7:45 PM IST

IPL GAMBLERS detained in BONGAIGAON
মিছন আই পি এল জুৱাৰী : আপত্তিজনক নথি-পত্ৰসহ ২ জুৱাৰীক আটক (ETV BHARAT ASSAM)

বঙাইগাঁও, ২৩ মে’ : বঙাইগাঁও জিলাত সক্ৰিয় হৈ আছে আই পি এল জুৱাৰী চক্ৰ । বুধবাৰে নিশা বঙাইগাঁও জিলাৰ ছাপ্ৰাকাটা অঞ্চলত বঙাইগাঁও আৰক্ষীয়ে জুৱাৰী বিচাৰি এক অভিযান চলায় । এক গোপন সূত্ৰৰ তথ্য অনুসৰি উত্তৰ বঙাইগাঁও তহলদাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে দুটা কুখ্যাত জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় । জুৱাৰীকেইটা হ’ল দেৱ প্ৰসাদ শৰ্মা আৰু শংকৰ দত্ত । আৰক্ষীয়ে জুৱাৰী দুটাৰ পৰা খেলত ব্যবহাৰ কৰা আপত্তিজনক নথি-পত্ৰৰ লগতে ম’বাইল আৰু প্ৰায় ১৫ হেজাৰ টকা জব্দ কৰিছে ৷ এই গেঙৰ লগত আৰু বহু ব্যক্তি জড়িত হৈ আছে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.