ETV Bharat / city

গণৰাজ্য দিৱসৰ দিনাই ডিব্ৰুগড়ত আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে প্ৰতিবাদৰ ঘোষণা

author img

By

Published : Jan 27, 2022, 2:03 PM IST

aasu-protest-against-dibrugarh-sp-shwetank-mishra
ডিব্ৰুগড়ত আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে প্ৰতিবাদৰ ঘোষণা

ডিব্ৰুগড়ত শ্বহীদ ভৱনত ভিতৰত প্ৰৱেশ কৰি আছুৰ নেতা-কৰ্মীক কাৰ্যালয়ৰ ভিতৰতে আৰক্ষীয়ে বৰ্বৰভাৱে প্ৰহাৰ কৰা কাণ্ডৰ বিৰুদ্ধে আছুৱে ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ ভাৰতৰ সংবিধানক ভূ-লুন্ঠিত কৰাৰ আশংকাত আৰু অসম চৰকাৰৰ দ্বায়িত্বহীন পক্ষপাতিত্বমূলক কাৰ্যৰ প্ৰতিবাদত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই এই কাণ্ডৰ লগত জড়িত ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ বিৰুদ্ধে বুধবাৰে প্ৰতিবাদ ঘোষণা কৰে ৷

মৰাণ, 27 জানুৱাৰী : শ্বহীদক অপমান কৰা, নিৰস্ত্ৰ আছু কৰ্মীক অত্যাচাৰ কৰা আৰক্ষীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত বুধবাৰে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ ঘোষণা কৰে । উল্লেখ্য যে, এখন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনী সংঘাতৰ আলম লৈ ডিব্ৰুগড় জিলাৰ আৰক্ষী বাহিনীয়ে কোনো আইনী জাননী প্ৰদান নকৰাকৈ শ্বহীদ ভৱনত প্ৰৱেশ কৰিছিল ৷ আৰক্ষীৰ দলটোৱে শ্বহীদ ভৱনত প্ৰৱেশ কৰি শ্বহীদ বেদী জোতাৰে গছকি শ্বহীদক অপমান কৰা লগতে আটক কৰি থানালৈ নিয়ে (AASU worker arrest in Dibrugarh)৷

আটকাধীন আছু কৰ্মীসকলক আৰক্ষীয়ে ওৰে নিশা শাৰিৰীক-মানসিক অত্যাচাৰ কৰাৰ লগতে ভিত্তিহীন বিভিন্ন ধাৰাত জেল হাজোতলৈ প্ৰেৰণ কৰাক লৈ সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ সাব্যস্ত হৈছিল । আছু নেতাৰ অভিযোগ অনুসৰি আৰক্ষীৰ এনে সংবিধান বিৰোধী কু-কৰ্মৰ নায়ক আছিল ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰ(Dibrugarh SP Shwetank Mishra) আৰু ডিব্ৰুগড় সদৰ উপ-আৰক্ষী অধীক্ষক ঐশ্বৰ্য জীৱন বৰুৱা । এই দুই বিষয়াৰ বিৰুদ্ধে সমগ্ৰ অসমত আন্দোলনৰ পৰিবেশ সৃষ্টি হোৱাৰ পাছতো এমাহ সময় অসম চৰকাৰৰ গৃহ বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সৰৱ হৈ পৰে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা(AASU Police clash in Dibruagrh) ৷

ডিব্ৰুগড় জিলা আছু নেতা

ভাৰতৰ সংবিধানক ভূ-লুন্ঠিত কৰাৰ আশংকাত আৰু অসম চৰকাৰৰ এনে দ্বায়িত্বহীন পক্ষপাতিত্বমূলক কাৰ্যৰ প্ৰতিবাদত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই বুধবাৰে গণৰাজ্য দিৱসৰ দিনা এই আন্দোলনৰ এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি বুলবুল দত্ত আৰু সাধাৰণ সম্পাদক অৱনী কুমাৰ গগৈয়ে চৰকাৰৰ ভূমিকাক সমালোচনা কৰি ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবীত এই আন্দোলনৰ ঘোষণা কৰে ৷

লগতে পঢ়ক : ছাত্ৰ সন্থাৰ সদস্যৰ পিঠিত পৰা প্ৰতিটো কোবৰ হিচাপ লাগিব : সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.