ETV Bharat / city

ছাত্ৰ সন্থাৰ সদস্যৰ পিঠিত পৰা প্ৰতিটো কোবৰ হিচাপ লাগিব : সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

author img

By

Published : Dec 26, 2021, 8:06 PM IST

আৰক্ষীয়ে ডিব্ৰুগড়ত ছাত্ৰ সন্থাৰ কাৰ্যালয়ত সোমাই ছাত্ৰ সন্থাৰ কৰ্মীৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনাত ক্ষোভ প্ৰকাশ কৰিছে আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই (Samujjal Bhattacharjya on arrest of AASU workers) ৷ ছাত্ৰ সন্থাৰ কৰ্মীৰ পিঠিত পৰা প্ৰতিটো কোবৰ হিচাপ হ'ব লাগিব বুলি দাবী জনাইছে আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে ৷

aasu-chief-adviser-samujjal-bhattacharjya-on-arrest-of-aasu-workers
ছাত্ৰ সন্থাৰ সদস্যৰ পিঠিত পৰা প্ৰতিটো কোবৰ হিচাপ লাগিব : সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

গুৱাহাটী, ২৬ ডিচেম্বৰ : মহাবিদ্যালয়ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি হোৱা মাৰপিটৰ ঘটনাত আৰক্ষীয়ে ডিব্ৰুগড়ৰ শ্বহীদ ভৱনত সোমাই ছাত্ৰ সন্থাৰ কৰ্মীৰ ওপৰত চলোৱা আক্ৰমণত চৰম ক্ষোভ প্ৰকাশ কৰিছে আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই(Samujjal Bhattacharjya on arrest of AASU workers) ৷ আৰক্ষীৰ এনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দি তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে, ছাত্ৰ সন্থাৰৰ কৰ্মীক অসম চৰকাৰৰ নিৰ্দেশতে বৰ্বৰভাৱে কাৰ্যালয়ৰ ভিতৰত সোমাই আক্ৰমণ কৰিলে আৰক্ষীয়ে ।

তেওঁ পুনৰ কয়, '' ছাত্ৰ সন্থাৰ কৰ্মীৰ পিঠিত পৰা প্ৰতিটো কোবৰ হিচাপ হ'ব লাগিব । অসম চৰকাৰলৈ আমাৰ কঠোৰ সকীয়নি, ঘটনাৰ উচিত তদন্ত নহ'লে সমগ্ৰ অসম জুৰি আন্দোলন হ'ব'' ৷ ইয়াৰোপৰি দেওবাৰৰ দিনটোত ডিব্ৰুগড়, তিনিচুকীয়া জিলাত বন্ধৰ কাৰ্যসূচী ৰূপায়ন কৰা হৈছে বুলি অৱগত কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ছাত্ৰ সন্থাৰ কৰ্মীক অতি শীঘ্ৰে মুকলি কৰি দিবলৈ দাবী জনায় ।

ছাত্ৰ সন্থাৰ সদস্যৰ পিঠিত পৰা প্ৰতিটো কোবৰ হিচাপ লাগিব : সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

তেওঁ কয়, ''ছাত্ৰ সন্থাৰ কৰ্মীৰ ওপৰত কোনোবাই মাৰপিট কৰিব তাক আমি কেতিয়াও সহ্য নকৰো । কোনে মাৰপিট কৰিলে তাৰ সঠিক তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব । ছাত্ৰ সন্থাৰ কৰ্মীক অত্যাচাৰ কৰা কোনো কাৰ্যই মানি নলওঁ'' ৷

উল্লেখযোগ্য যে, শেহতীয়াকৈ ডিব্ৰু মহাবিদ্যালয়ত ছাত্ৰ সমাজৰ দুটা ফৈদৰ মাজত নিৰ্বাচনক কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত (AASU ACP clash in Dibruagrh ) হৈছিল ৷ শুকুৰবাৰে নিশা সংঘটিত এই কাজিয়াই নিৰ্বাচনৰ ফলাফলৰ পিছতে মাৰপিটলৈ পৰিণত হয় ৷ মহাবিদ্যালয়খনৰ কেইবাজনো ছাত্ৰক আঘাতপ্ৰাপ্ত অৱস্থাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় (Student body election clash in Dibrugarh) ৷ ইয়াৰ পিছতে, দুয়োপক্ষই দিয়া এজাহাৰৰ ভিত্তিত আটক কৰা হৈছে দহজনতকৈ অধিক লোকক । ইফালে, এই ঘটনাত আহত হৈছিল পাঁচজনকৈ লোক ।

লগতে পঢ়ক : ডিব্ৰুগড়ত আছু কৰ্মীক আৰক্ষীয়ে আটক কৰা সন্দৰ্ভত লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.