অসম

assam

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Nov 27, 2022, 7:04 PM IST

TOP 10 AT 7 PM

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

Naharkatia MLA Taranga Gogoi: বিধায়ক তৰংগ গগৈ অসম ক্ৰিকেট সন্থাৰ সভাপতি নিৰ্বাচিত

গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সংস্থাৰ কাৰ্যালয়ত আজি আনুষ্ঠানিকভাৱে অসম ক্ৰিকেট সংস্থাৰ নতুন সমিতিখন ঘোষণা কৰা হয় । প্ৰতিটো পদত মাত্ৰ এজনকৈ প্ৰাৰ্থীয়ে দিছিল মনোনয়ন । সেয়ে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় সকলো প্ৰাৰ্থী । আজি আনুষ্ঠানিক ঘোষণা কৰা হয় ।

Assam Meghalaya border conflict: ষষ্ঠ দিনা মুকলি হ’ল অসম-মেঘালয়ৰ যাতায়াত ব্যৱস্থা

গুৱাহাটীৰ যোৰাবাটৰ পৰা পাঁচদিন পাছত আজি ষষ্ঠ দিনা আঁতৰিল বেৰিকেট ৷ সীমান্তৰ ঘটনাকলৈ অগ্নিগৰ্ভা হৈ পৰা মেঘালয় এতিয়াও হোৱা নাই শান্ত ৷ অসম-মেঘালয় সীমান্তত সংঘটিত হোৱা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনা অব্যাহত আছে (Assam Meghalaya border conflict) ৷ তাৰে মাজতে আজিৰে পৰা আৰম্ভ হৈছে অসম-মেঘালয়ৰ মাজত যান-বাহনৰ চলাচল (Assam and Meghalaya Transportation opened ) ৷

Pragya Sadhak honor to Dr Hiren Gohain: বিশিষ্ট সাহিত্যিক ড৹ হীৰেন গোহাঁইলৈ প্ৰজ্ঞা সাধক সন্মান

সাহিত্যিক ড৹ হীৰেন গোহাঁইলৈ আগবঢ়োৱা হৈছে প্ৰজ্ঞা সাধক উপাধি (Pragya Sadhak honor to Dr Hiren Gohain)৷

Firing in Assam Meghalaya Border : গৃহৰক্ষী জোৱান বিদ্যাছিং লেকথেক শ্বহীদ ঘোষণাৰ দাবী

অসম-মেঘালয় সীমান্তৰ মুক্ৰত মেঘালয়ৰ দুৰ্বৃত্তৰ হাতত নিহত হোৱা অসমৰ গৃহৰক্ষী জোৱান বিদ্যাছিং লেকথেক চৰকাৰে শ্বহীদ ঘোষণা কৰাৰ দাবী উত্থাপিত হৈছে ৷ ইয়াৰোপৰি মৃত গৃহৰক্ষী জোৱানৰ পত্নীক চৰকাৰী চাকৰি প্ৰদানৰ দাবীও তুলিলে গৃহৰক্ষী সন্থাই(Assam Home Guards Association) ৷

Encounter in Jorhat : যোৰহাটত আৰক্ষীৰ এনকাউণ্টাৰত আহত ডকাইত

ডকাইতি কৰিবলৈ গৈ গুলীচালনা কৰা এটা দুৰ্বৃত্ত গুলীবিদ্ধ হ’ল আৰক্ষীৰ গুলিত (Encounter in Jorhat)৷ শনিবাৰে যোৰহাটত সংঘটিত হৈছিল এই গুলীচালনাৰ ঘটনা ৷ গুলীচালনা কৰি ৰাইজৰ দ্বাৰা কৰায়ত্ব হোৱা এটা দুৰ্বৃ্ত্তক লৈ আৰক্ষীয়ে অভিযান চলাই থকাৰ সময়তে এনকাউণ্টাৰৰ ঘটনা সংঘটিত হয় দেওবাৰে ৷

Assam Meghalaya Border violence : মৃত বিদ্যাছিং লকথেক বনবীৰ ঘোষণা কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ

মৃত বিদ্যাছিং লকথেক বনবীৰ ঘোষণা কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ (Karbi Anglong Autonomous Council)৷ লেকথেৰ বাসগৃহত উপস্থিত হৈ ঘোষণা কৰিলে মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে (CEM Tuliram Ronghang)৷

Team Eknath Shinde : মা কামাখ্যাৰ আশীৰ্বাদ লৈ উভতিল সদল-বলে অহা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী

শনিবাৰে নিশাৰ ভাগত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰেডিছন ব্লু’ত উপস্থিত হৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীকে (Maharashtra CM Eknath Shinde) ধৰি মন্ত্ৰী, বিধায়ক, সাংসদ তথা শিৱসেনাৰ নেতাসকলক আৰু তেওঁলোকৰ পৰিয়ালৰ লোকক সৌজন্যতামূলক সাক্ষাৎ কৰি একেলগে নৈশ আহাৰ গ্ৰহণ কৰে । বৈঠকত মিলিত দুই মুখ্যমন্ত্ৰী ।

Naharkatia MLA Taranga Gogoi: বিধায়ক তৰংগ গগৈ অসম ক্ৰিকেট সন্থাৰ সভাপতি নিৰ্বাচিত

গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সংস্থাৰ কাৰ্যালয়ত আজি আনুষ্ঠানিকভাৱে অসম ক্ৰিকেট সংস্থাৰ নতুন সমিতিখন ঘোষণা কৰা হয় । প্ৰতিটো পদত মাত্ৰ এজনকৈ প্ৰাৰ্থীয়ে দিছিল মনোনয়ন । সেয়ে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় সকলো প্ৰাৰ্থী । আজি আনুষ্ঠানিক ঘোষণা কৰা হয় ।

One day international match: গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ

১২ জানুৱাৰীত গুৱাহাটীস্থিত বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত-শ্ৰীলংকাৰ মাজত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল(India Sri Langka One day international match) । যাৰ বাবে জানুৱাৰী মাহত ষ্টেডিয়াম পৰ্যবেক্ষণৰ বাবে আহিব বি চি চি আইৰ দল (Board of Control for Cricket in India) ।

'Jannat'ৰ পৰা 'Dil Chahta Hai'লৈকে এই পাঁচখন ছবিৰ প্ৰপ’জেলৰ দৃশ্যই স্পৰ্শ কৰিব আপোনাৰ হৃদয়

বলীউড আৰু ৰোমাঞ্চৰ সম্পৰ্ক বহু পুৰণি । চলচ্চিত্ৰ উদ্যোগে দৰ্শকক বহুতো সুন্দৰ ৰোমান্টিক ছবি উপহাৰ দিছে, যাৰ প্ৰতিটো দৃশ্যই হৃদস্পন্দন গভীৰ কৰি তোলে । সেয়ে বলীউড চিনেমাৰ এখন দীঘলীয়া তালিকাৰ পৰা আজি আমি আপোনালোকৰ বাবে লৈ আহিছো কেইখনমান ছবিৰ শ্ৰেষ্ঠ প্ৰপ’জেলৰ দৃশ্য যিয়ে নিশ্চয়কৈ আপোনাৰ হৃদয় স্পৰ্শ কৰিব ।

ABOUT THE AUTHOR

...view details