Firing in Assam Meghalaya Border : গৃহৰক্ষী জোৱান বিদ্যাছিং লেকথেক শ্বহীদ ঘোষণাৰ দাবী

author img

By

Published : Nov 27, 2022, 5:14 PM IST

Firing in Assam Meghalaya Border

অসম-মেঘালয় সীমান্তৰ মুক্ৰত মেঘালয়ৰ দুৰ্বৃত্তৰ হাতত নিহত হোৱা অসমৰ গৃহৰক্ষী জোৱান বিদ্যাছিং লেকথেক চৰকাৰে শ্বহীদ ঘোষণা কৰাৰ দাবী উত্থাপিত হৈছে ৷ ইয়াৰোপৰি মৃত গৃহৰক্ষী জোৱানৰ পত্নীক চৰকাৰী চাকৰি প্ৰদানৰ দাবীও তুলিলে গৃহৰক্ষী সন্থাই(Assam Home Guards Association) ৷

ডিফু, ২৭ নৱেম্বৰ : যোৱা ২২ নৱেম্বৰত অসম-মেঘালয় সীমান্তৰ মুক্ৰত মেঘালয়ৰ দুৰ্বৃত্তৰ হাতত নিহত হৈছিল অসমৰ গৃহৰক্ষী জোৱান বিদ্যাছিং লেকথে (Firing in Assam Meghalaya Border)৷ অসমৰ ভূমিত উৎপন্ন হোৱা বনজ সম্পদ বচাবলৈ যোৱা লেকথেক মেঘালয়ৰ দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল ৷

বিদ্যাছি্ং লেকথে সপক্ষে দেওবাৰে ডিফুস্থিত জিলা প্ৰেছ ক্লাবত এক সংবাদমেলৰ আয়োজন কৰে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ কাৰ্বি আংলং জিলা সমিতিয়ে (Assam Home Guards Association) । গৃহৰক্ষী জোৱান বিদ্যাছিং লেকথে যিহেতু সামৰিক সাজ-পোছাক পৰিধান কৰি মৃত্যুবৰণ কৰিছে সেয়ে তেওঁক অসম চৰকাৰে শ্বহীদ ঘোষণা কৰিব লাগে বুলি দাবী জনায় সন্থাই ।

ইয়াৰোপৰি কর্তব্যৰত অৱস্থাত মৃত্যুবৰণ কৰাৰ বাবে অসম চৰকাৰৰ নীতি অনুসৰি মৃত বিদ্যাছিং লেকথেক(Bidyasing Lekthe) ৫০ লাখ টকাৰ অনুদান আগবঢ়াবলৈ দাবী জনায় অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী বাহিনী সন্থাৰ কাৰ্বি আংলং জিলা সমিতিয়ে । সন্থাৰ নেতাসকলে সংবাদ মেলত অভিযোগ কৰা অনুসৰি সীমান্তত নিয়োজিত গৃহৰক্ষী জোৱানসকলে নাপায় পৰ্যাপ্ত খাদ্য, পানী আৰু কেতবোৰ অত্যাৱশ্যকীয় সা-সুবিধা ।

গৃহৰক্ষী জোৱান বিদ্যাছিং লেকথেক শ্বহীদ ঘোষণাৰ দাবী

অভিযোগ অনুসৰি প্ৰায়েই মানসিক অশান্তি আৰু অসুৰক্ষিত অনুভৱ কৰি আহিছে সীমান্তত নিয়োজিত গৃহৰক্ষীৰ জোৱানসকলে । মুক্ৰ সীমান্তৰ(Assam Meghalaya border) সুৰক্ষাত থকা গৃহৰক্ষী শিৱিৰত কেৱল ৮ জনীয়া গৃহৰক্ষীৰ জোৱান নিয়োগ ব্যৱস্থাৰ বাবে প্ৰায়েই গৃহৰক্ষীসকল মেঘালয়ৰ দুৰ্বৃত্তৰ ভাবুকিৰ সম্মুখীন হৈ অহা বুলি অভিযোগ উত্থাপন কৰিছে গৃহৰক্ষী সন্থাৰ নেতাসকলে ।

মুখ্যমন্ত্ৰীয়ে সীমান্তৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কৰা মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে সন্থাই । সন্থাই সংবাদমেল যোগে মৃত বিদ্যাছিং লেকথেৰ পত্নীক অতিশীঘ্ৰে চৰকাৰী চাকৰি দি সংস্থাপন দিয়াৰ বাবেও দাবী জনায় । দেওবাৰৰ সংবাদ মেলত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ উপদেষ্টা লোহিত বৰা, সভাপতি অমল আলচিয়াৰী, সম্পাদক অৰুণ বৰা আৰু অন্যান্য সদস্য-কৰ্মীসকল উপস্থিত থাকে ।

লগতে পঢ়ক : Assam Meghalaya border conflict: ষষ্ঠ দিনা মুকলি হ’ল অসম-মেঘালয়ৰ যাতায়াত ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.