Assam Meghalaya border conflict: ষষ্ঠ দিনা মুকলি হ’ল অসম-মেঘালয়ৰ যাতায়াত ব্যৱস্থা

author img

By

Published : Nov 27, 2022, 3:21 PM IST

after five days assam and meghalaya Transportation opened

গুৱাহাটীৰ যোৰাবাটৰ পৰা পাঁচদিন পাছত আজি ষষ্ঠ দিনা আঁতৰিল বেৰিকেট ৷ সীমান্তৰ ঘটনাকলৈ অগ্নিগৰ্ভা হৈ পৰা মেঘালয় এতিয়াও হোৱা নাই শান্ত ৷ অসম-মেঘালয় সীমান্তত সংঘটিত হোৱা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনা অব্যাহত আছে (Assam Meghalaya border conflict) ৷ তাৰে মাজতে আজিৰে পৰা আৰম্ভ হৈছে অসম-মেঘালয়ৰ মাজত যান-বাহনৰ চলাচল (Assam and Meghalaya Transportation opened ) ৷

গুৱাহাটী, ২৭ নৱেম্বৰঃ অশান্তজৰ্জৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰিস্থিতি এতিয়াও সম্পূৰ্ণ স্বাভাৱিক হোৱা নাই (Assam Meghalaya border conflict)। বিগত কেইদিন ধৰি ৰাজ্যখনৰ বিভিন্ন ঠাইত সংঘটিত হৈ আহিছে বিক্ষিপ্ত ঘটনা ৷ বিগত পাঁচদিন ধৰি অসম-মেঘালয়ৰ যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ আছিল ৷ অৱশেষত আজি ষষ্ঠ দিনা অসম-মেঘালয়ৰ মাজৰ যাতায়াত ব্যৱস্থা মুকলি কৰি দিয়া হয়। অসম-মেঘালয় সীমান্তত সংঘটিত হোৱা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনাই ভয়াৱহ ৰূপ ধাৰণ কৰাত বন্ধ ৰখা হৈছিল যাতায়াত ব্যৱস্থা (Assam and Meghalaya Transportation opened) ৷

পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তৰ মুক্ৰ'ত মঙলবাৰে সংঘটিত হোৱা ঘটনাত আৰক্ষীৰ গুলীত ৫ জন খাচী লোকৰ মৃত্যু হৈছিল ৷ আনহাতে খাচী দুৰ্বৃত্তৰ আক্ৰমণত নিহত হৈছিল অসমৰ এজন বনৰক্ষী । এই ঘটনাটোক কেন্দ্ৰ কৰি অগ্নিগৰ্ভা হৈ পৰিছে পাহাৰীয়া ৰাজ্যখন । ৰাজ্যখনৰ ঠায়ে ঠায়ে সংঘটিত হৈছিল বিক্ষিপ্ত ঘটনা ৷ বিশেষকৈ মেঘালয়ৰ ৰাজধানী শ্বিলঙত অসমৰ লোকৰ লগতে অসমৰ বাহনত আক্ৰমণ কৰা হৈছে ।

মঙলবাৰে ঘটনাৰ দিনা নিশাৰ ভাগত শ্বিলঙত অসমৰ এখন বাহন জ্বলাই দিয়াৰ পাছত বিগত কেইদিনত অসমৰ কেইবাখনো বাহনত অগ্নিসংযোগ কৰাৰ লগতে আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ৷ যাৰবাবে মঙলবাৰৰ পৰাই অসমৰ লোকসকলক মেঘালয়লৈ যোৱাৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে বাধা প্ৰদান কৰি আহিছিল ৷ বিগত পাঁচ দিনা ধৰি গুৱাহাটীৰ যোৰাবাটত মেঘালয় অভিমুখে যোৱা অসমৰ বাহন আৰু অসমৰ লোকসকলক ঘূৰাই পঠিওৱা হৈছিল ।

অৱশেষত আজি ষষ্ঠ দিনা অসমৰ বাহন সমূহ মেঘালয়লৈ যাব দিয়া হয় ৷ গুৱাহাটীৰ যোৰাবাটত অসমৰ বাহনসমূহ যোৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা আৰক্ষীৰ বেৰিকেট আজি উঠাই দিয়া হয় ৷ উল্লেখ্য যে সীমান্তৰ ঘটনাক লৈ বিগত পাঁচদিন ধৰি উত্তপ্ত হৈ থকা মেঘালয়ৰ পৰিস্থিতি এতিয়াও স্বাভাৱিক হোৱা নাই ৷ শনিবাৰে শ্বিলঙত ঘটনাৰ প্ৰতিবাদত শ্বিলঙকে ধৰি ৰাজ্যখনৰ বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ঠায়ে ঠায়ে অসমৰ আৰু মেঘালয়ৰ মুখ্যমন্ত্রীৰ জুমুঠি দাহ কৰি প্ৰতিবাদকাৰী সকলে বিক্ষোভ প্ৰদৰ্শন কৰে ৷

অসম-মেঘালয়ৰ যাতায়াত ব্যৱস্থা
অসম-মেঘালয়ৰ যাতায়াত ব্যৱস্থা

আনহাতে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ ঘৰৰ সন্মুখতো প্ৰতিবাদ সাব্যস্ত কৰে৷ একপ্ৰকাৰ জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হৈছে মেঘালয়ত । ইফালে যাতায়াত ব্যৱস্থা ব্যাহত হৈ থকাত মেঘালয়ত ইন্ধনকে ধৰি খাদ্যবস্তুৰ নাটনিয়ে দেখা দিছে ৷ অৱশ্যে আজিৰে পৰা যাতায়াত ব্যৱস্থা মুকলি হোৱাত সেই নাটনি দূৰ হ'ব বুলি আশা কৰা হৈছে ৷ ইফালে মেঘালয়ৰ শেহতীয়া অগ্নিগৰ্ভা পৰিস্থিতিৰ ফলত ত্ৰিপুৰা, মিজোৰাম আৰু আংশিকভাৱে মণিপুৰৰ লগত অসমৰ সংযোগ বিচ্ছিন্ন হৈ পৰিছে ৷

মেঘালয়ৰ মাজেৰে যাত্ৰীবাহী যানবাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰাৰ ফলত অসমৰ লগত আন আন ৰাজ্যসমূহৰো যাতায়াত ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছিল । অৱশেষত যাতায়াত ব্যৱস্থা মুকলি কৰাত পৰিস্থিতি লাহে লাহে স্বাভাৱিক হ'ব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক: Rahul Gandhi rides bullet : বুলেট চলাই ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ ৰাহুল গান্ধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.