Naharkatia MLA Taranga Gogoi: বিধায়ক তৰংগ গগৈ অসম ক্ৰিকেট সন্থাৰ সভাপতি নিৰ্বাচিত

author img

By

Published : Nov 27, 2022, 6:47 PM IST

Naharkatia MLA Taranga Gogoi

গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সংস্থাৰ কাৰ্যালয়ত আজি আনুষ্ঠানিকভাৱে অসম ক্ৰিকেট সংস্থাৰ নতুন সমিতিখন ঘোষণা কৰা হয় । প্ৰতিটো পদত মাত্ৰ এজনকৈ প্ৰাৰ্থীয়ে দিছিল মনোনয়ন । সেয়ে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় সকলো প্ৰাৰ্থী । আজি আনুষ্ঠানিক ঘোষণা কৰা হয় ।

গুৱাহাটী,২৭ নৱেম্বৰ: আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ল অসম ক্ৰিকেট সন্থাৰ নিৰ্বাচনৰ ফলাফল(Assam Cricket Association) । ইতিপূৰ্বেই ফলাফল স্পষ্ট হৈ পৰিছিল যদিও আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় । সকলো কেইটা পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকল নিৰ্বাচিত হৈছে । গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সংস্থাৰ কাৰ্যালয়ত আজি আনুষ্ঠানিকভাৱে অসম ক্ৰিকেট সংস্থাৰ নতুন সমিতিখন ঘোষণা কৰা হয় ।

উল্লেখ যে প্ৰতিটো পদত মাত্ৰ এজনকৈ প্ৰাৰ্থীয়ে দিছিল মনোনয়ন । সেয়ে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় সকলো প্ৰাৰ্থী । বাকী আছিল মাথো আনুষ্ঠানিক ঘোষণা । আজি আনুষ্ঠানিক ঘোষণা কৰা হয় । সেই অনুসৰি অসম ক্ৰিকেট সন্থাৰ সভাপতি পদত জয়ী হয় বিধায়ক তৰংগ গগৈ(Naharkatia MLA Taranga Gogoi) ।

Naharkatia MLA Taranga Gogoi
বিধায়ক তৰংগ গগৈ অসম ক্ৰিকেট সন্থাৰ সভাপতি নিৰ্বাচিত

সেইদৰে সাধাৰণ সম্পাদক পদত জয়ী ত্ৰিদীপ কোঁৱৰ, উপ-সভাপতি পদত সাংসদ কুইন ওজাৰ পুত্ৰ ৰাজদ্বীপ ওজা, কোষাধ্যক্ষ পদত জয়ী চিৰঞ্জীৱ লাংথাছা, যুটীয়া সম্পাদক পদত ৰাজিন্দাৰ সিং, অপেক্স কাউন্সিলৰ সদস্য পদত অনুপম দাস জয়ী হয়।

উল্লেখ্য যে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ হৈছে অসম ক্ৰিকেট সন্থাৰ এতিয়ালৈকে সবাতকৈ কম বয়সীয়া সভাপতি(MLA Taranga Gogoi Becomes President of ACA) । নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত । বিধায়ক গগৈয়ে গৃহ জিলাৰ পৰিৱৰ্তে গুৱাহাটী ক্ৰীড়া সন্থাৰ প্ৰতিনিধি হিচাপে এই নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াইছিল ।

লগতে পঢ়ক : One day international match: গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.