Pragya Sadhak honor to Dr Hiren Gohain: বিশিষ্ট সাহিত্যিক ড৹ হীৰেন গোহাঁইলৈ প্ৰজ্ঞা সাধক সন্মান

author img

By

Published : Nov 27, 2022, 6:30 PM IST

Pragya Sadhak honor to Dr Hiren Gohain in Guwahati

সাহিত্যিক ড৹ হীৰেন গোহাঁইলৈ আগবঢ়োৱা হৈছে প্ৰজ্ঞা সাধক উপাধি (Pragya Sadhak honor to Dr Hiren Gohain)৷

গুৱাহাটী, 27 নৱেম্বৰ: বিশিষ্ট চিন্তাবিদ, সাহিত্যিক ড৹ হীৰেন গোহাঁইলৈ আগবঢ়োৱা হৈছে প্ৰজ্ঞা সাধক উপাধি (Pragya Sadhak honor to Dr Hiren Gohain)৷ 'অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠী' টীয়কৰ উদ্যোগত দেওবাৰে প্ৰসিদ্ধ চিন্তাবিদ, অসমৰ বিশিষ্ট বুদ্ধিজীৱি, সাহিত্যিক ড৹ হীৰেন গোহাঁইক টীয়কৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিসকলৰ হৈ ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰে ৷

গুৱাহাটীৰ অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত ড৹ গোহাঁইক 'প্ৰজ্ঞা সাধক' উপাধি ফলক (Pragya Sadhak honor), সম্বধৰ্না পত্ৰ, পাতৰ গামোচা, চেলেং, জাপি, সফুঁৰা, এজোৰ সাজ, এখন প্ৰতিছবি আৰু এটি অৰিহণা প্ৰদান কৰে ৷ লগতে ড৹ গোহাঁইৰ সহধৰ্মিনী ৰাণী গোহাঁইকো সম্বধৰ্না জনায় ৷

অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ লগতে ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতি, হোলোঙাপাৰৰ লাচিত মৈদাম সংৰক্ষণ সমিতিকে ধৰি টীয়কৰ প্ৰায় ৩৫ টা সংগঠন, ৯ টা ঐতিহ্যপূৰ্ণ পৰিয়াল আৰু ৪২ গৰাকী ব্যক্তিৰ উপৰি গুৱাহাটীবাসী টীয়কীয়া ব্যক্তিসকলৰ তৰফৰ পৰাও ড৹ গোহাঁইক সম্বৰ্ধনা জনোৱা হয়(Pragya Sadhak honor to Dr Hiren Gohain in Guwahati) ৷

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি "সাম্প্ৰতিক অসমত বুদ্ধিজীৱীসকলৰ ভূমিকা কেনে হোৱা উচিত" শীৰ্ষক এক মননশীল আলোচনা অনুষ্ঠিত হয় ৷ এই অনুষ্ঠানত বিশিষ্ট লেখক ময়ূৰ বৰা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ অখিল ৰঞ্জন দত্তই আলোচনাত ভাগ লৈ সম্প্ৰতি অসমৰ চিন্তাশীল লোকসকলৰ কৰণীয় আৰু দায়িত্বৰ সম্পৰ্কে আলোকপাত কৰে ৷

Pragya Sadhak honor to Dr Hiren Gohain
ড৹ হীৰেন গোহাঁইলৈ প্ৰজ্ঞা সাধক সন্মান

এই অনুষ্ঠানতে শংকৰ শইকীয়া আৰু অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ জ্যেষ্ঠ সদস্য হিমেন ভট্টাচাৰ্যৰ সম্পাদনাত প্ৰকাশিত ড৹ হীৰেন গোহাঁইৰ অভিনন্দন গ্ৰন্থ "বৰ্ণিল আকাশৰ সাগ্নিক সূৰ্য" উন্মোচন কৰে ময়ূৰ বৰাই ৷ ইয়াৰ পিছতে ড৹ হীৰেন গোহাঁয়ে অনুভৱ ব্যক্ত কৰাৰ লগতে আলোচিত বিষয়ৰ ওপৰতো চমু ভাষণ প্ৰদান কৰে ৷

প্ৰায় ডেৰশতাধিক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত কাৰ্যসূচী আঁত ধৰে অনিৰ্বাণৰ সদস্য ড৹ সান্ত্বনা দত্ত আৰু ড৹ মন্টু কুমাৰ বৰাই ৷ অনুষ্ঠানৰ শেষত অনিৰ্বাণৰ জ্যেষ্ঠ সদস্য হিমেন ভট্টাচাৰ্যই টীয়কবাসীৰ হৈ সকলোকে কৃতজ্ঞতা আৰু শলাগ শৰাই আগবঢ়ায় ৷

লগতে পঢ়ক: Assam Meghalaya border conflict: ষষ্ঠ দিনা মুকলি হ’ল অসম-মেঘালয়ৰ যাতায়াত ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.