Encounter in Jorhat : যোৰহাটত আৰক্ষীৰ এনকাউণ্টাৰত আহত ডকাইত

author img

By

Published : Nov 27, 2022, 3:19 PM IST

Encounter in Jorhat

ডকাইতি কৰিবলৈ গৈ গুলীচালনা কৰা এটা দুৰ্বৃত্ত গুলীবিদ্ধ হ’ল আৰক্ষীৰ গুলিত (Encounter in Jorhat)৷ শনিবাৰে যোৰহাটত সংঘটিত হৈছিল এই গুলীচালনাৰ ঘটনা ৷ গুলীচালনা কৰি ৰাইজৰ দ্বাৰা কৰায়ত্ব হোৱা এটা দুৰ্বৃ্ত্তক লৈ আৰক্ষীয়ে অভিযান চলাই থকাৰ সময়তে এনকাউণ্টাৰৰ ঘটনা সংঘটিত হয় দেওবাৰে ৷

যোৰহাট, 27 নৱেম্বৰ : ৰাজ্যত পুনৰ সংঘটিত হ’ল এনকাউণ্টাৰৰ ঘটনা ৷ এইবাৰ যোৰহাটত ডকাইতলৈ লক্ষ্য কৰি অসম আৰক্ষীয়ে চলালে গুলী (Encounter in Jorhat)৷ গুলীচালনাৰ ফলত গুলীবিদ্ধ হ’ল ডকাইতটোৰ বাওঁ ভৰি ৷

শনিবাৰে নিশা যোৰহাটৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ধনদাবী কৰি এজন কৰ্মচাৰীক গুলীয়াই আহত কৰা দুৰ্বৃত্তক দেওবাৰে আৰক্ষীয়ে কৰিলে এনকাউন্টাৰ । টীয়ক বাগানৰ (Teok Tea Estate) ওচৰত আৰক্ষীৰ বাহনৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰা দুৰ্বৃত্ত প্ৰাঞ্জল বৰাৰ ওৰফে দেহা বৰালৈ লক্ষ্য কৰি আৰক্ষী গুলীচালনা কৰিবলৈ বাধ্য হয় । আৰক্ষী গুলীত আঘাতপ্ৰাপ্ত হয় দুৰ্বৃত্তটো ।

যোৰহাটত আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ ডকাইত

আৰক্ষীৰ গুলী চালনাৰ ফলত দুৰ্বৃত্তটোৰ বাওঁ ভৰিত গুলী লাগে (Miscreant injured in encounter in Jorhat)। গুলীবিদ্ধ দুৰ্বৃত্ত প্ৰাঞ্জল বৰা ওৰফে দেহা বৰাৰ ঘৰৰ নগাঁৱৰ কঠিয়াতলিত । উল্লেখ্য যে, বাৰে বাৰে দুৰ্বৃত্তটোৱে নিজৰ নাম আৰু ঘৰৰ ঠিকনাৰ সন্দৰ্ভত মিছা মাতি আৰক্ষীক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছিল । শনিবাৰে যোৰহাট চহৰত গুলীচালনাৰ ঘটনা সংঘটিত কৰি পলাবলৈ চেষ্টা কৰোতে স্থানীয় ৰাইজে কৰায়ত্ব কৰা দুৰ্বৃত্তটোক লগত লৈ আন এটা দুৰ্বৃত্তৰ সন্ধানত অভিযান চলাই থকা অৱস্থাতে পলাবলৈ চেষ্টা কৰিছিল ধৃত দুৰ্বৃত্ত প্ৰাঞ্জল বৰা (Firing in Jorhat)৷

টীয়ক বাগানৰ ওচৰত আৰক্ষী বাহন পৰাৰ পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে বাধ্য হৈ গুলীচালনা কৰে । গুলীবিদ্ধ দুৰ্বৃত্তটোক তাৎক্ষণিকভাৱে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ(Jorhat medical college) আই চি ইউত ভৰ্তি কৰোৱা হয় । আনহাতে আনটো দুৰ্বৃত্তৰ সন্ধানো ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, ডকাইতৰ গুলীত আঘাতপ্ৰাপ্ত সুনীল কুমাৰ শৰ্মা আৰু গুলীচালনা কৰা এটা ডকাইতক আটক কৰা যাদৱ নামৰ যুৱকজনলৈ অসম আৰক্ষীয়ে পঞ্চাশ হাজাৰকৈ টকা দিয়াৰ কথা ঘোষণা কৰিছে ৷

লগতে পঢ়ক : Open firing in Jorhat : যোৰহাটৰ মাজ মজিয়াত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.