ETV Bharat / state

নিঃশব্দ প্ৰেমৰ সমফল প্ৰাপ্তি, দুই মুকবধিৰে মেলিলে সংসাৰৰ পাতনি - Special Marriage

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 9:40 PM IST

Special Marriage: এখন বিশেষ বিয়া । আনন্দত তলবল বিবাহ অনুষ্ঠানলৈ অহা প্ৰতিগৰাকী অতিথি । সৰগীয় প্ৰেমক দিলে অনন্য মাত্ৰা । পিছে কিয়নো বিশেষ এই বিয়া ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Deaf and dumb couple tie knot in Dhemaji
দুই মুকবধিৰে মেলিলে সংসাৰৰ পাতনি
দুই মুকবধিৰে মেলিলে সংসাৰৰ পাতনি

ধেমাজি, ৩০ এপ্ৰিল : প্ৰেমৰ নাই কোনো নিৰ্দিষ্ট ভাষা, প্ৰেমে নেমানে কোনো জাতিকুল কিম্বা কোনো বাধাৰ প্ৰাচীৰ । সোমবাৰে সৰগীয় প্ৰেমৰ এই চিৰন্তন সত্যক পুনৰ প্ৰমাণিত কৰা এক সফল পৰিসমাপ্তিৰ সাক্ষী হৈ ৰ’ল ধেমাজিবাসী ৷ দুগৰাকী মুকবধিৰ ৷ ধেমাজিৰ ডেনী মিলি আৰু নলবাৰীৰ ভাগ্যশ্ৰী বড়ো ৷ দুয়ো পৰস্পৰক লগ পাইছিল গুৱাহাটীৰ ডিফ এণ্ড ডাম্ব স্কুলত ৷

মাত মাতিব নোৱাৰে কোনো এগৰাকীয়েও, দুয়োয়ে নুশুনে কোনো শব্দ ৷ কিন্তু প্ৰেমক জানো বান্ধি ৰাখিব পাৰে কোনো বাধাই ? ধেমাজিৰ ডেনীৰ চকুৰ ভাষা ঠিকেই বুজিলে নলবাৰীৰ ভাগ্যশ্ৰীয়ে ৷ নিঃশব্দ ভাষাৰেই ভাগ্যশ্ৰীয়ে সঁহাৰি দিলে ডেনীৰ নিঃশব্দ আৱেগক ৷ দুয়োৰে নিৰ্বাক প্ৰেমে এদিন পৰস্পৰৰ সঁহাৰিত আগবাঢ়ি গৈ লাভ কৰিলে পূৰ্ণতা ৷

একেলগে একেখন বিদ্যালয়ত পঢ়া দুয়োগৰাকী মুকবধিৰৰ ১২ বছৰীয়া প্ৰেমে সোমবাৰে পালে পূৰ্ণতা ৷ এহাত দীঘল ওৰণি টানি নলবাৰীৰ ভাগ্যশ্ৰী হ’লহি ধেমাজিৰ বোৱাৰী ৷ সম্প্ৰতি ৰাজ্য চৰকাৰৰ চতুৰ্থবৰ্গৰ চাকৰিয়াল ডেনী মিলিয়ে গুৱাহাটীত ভাগ্যশ্ৰীৰ ঘৰখনৰ নিয়ম মানি হোমক সাক্ষী কৰি ভাগ্যশ্ৰীক বিবাহ কৰোৱাৰ পিছত ধেমাজিৰ ডেনীৰ ঘৰখনতো মিচিং পৰম্পৰাগত নীতি নিয়মৰে চাঙত উঠাই সম্পন্ন কৰে বিবাহ অনুষ্ঠানৰ মাংগলিকতা ৷

ইফালে ডেনী-ভাগ্যশ্ৰীৰ এই বিবাহ অনুষ্ঠানৰ সাক্ষী হৈ ৰয় গুৱাহাটী ডিফ এণ্ড ডাম্ব স্কুলৰ কুৰি গৰাকীৰো অধিক মুকবধিৰ সহপাঠী ৷ শব্দহীন অথচ আৱেগ আৰু আনন্দত তলবল দুচকুৰে, আকাৰে ইংগিতে এওঁলোকে ডেনী-ভাগ্যশ্ৰীৰ যুগ্ম জীৱন সুখময় হোৱাৰ কামনাৰে প্ৰাৰ্থনা জনায় নেদেখাজনৰ ওচৰত ৷

লগতে পঢ়ক : বিয়াৰ বাবে সাজু হৈছিল দৰা-কইনা, কিন্তু দৰা এতিয়া চিকিৎসালয়ৰ মৰ্গত - Groom Died During Wedding Ceremony

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.