ETV Bharat / bharat

বিয়াৰ বাবে সাজু হৈছিল দৰা-কইনা, কিন্তু দৰা এতিয়া চিকিৎসালয়ৰ মৰ্গত - Groom died during wedding ceremony

author img

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 6:13 PM IST

Electric shock to groom: কোটাৰ বুণ্ডী ৰোডত অৱস্থিত এখন ৰিজ’ৰ্টত বিবাহ অনুষ্ঠানৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ দৰাজনৰ মৃত্যু হয় । বিবাহ সম্পন্ন হ'বলৈ বাকী আছিল মাত্ৰ কেইটামান মুহূৰ্ত ।

Groom died during wedding ceremony
ELECTRIC SHOCK TO GROOM

নিউজ ডেস্ক, ২৩ এপ্ৰিল: মঙলবাৰে কোটা চহৰৰ নান্টা থানাৰ অন্তৰ্গত বুণ্ডী ৰোডত এখন ৰিজ’ৰ্টত বিবাহ অনুষ্ঠানৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ দৰাজনৰ মৃত্যু হয় । বিয়াৰ ৰীতি-নীতি চলি থকাৰ সময়তে হঠাতে দৰাজন বিদ্যুৎস্পৃষ্ট হয় । লগে লগে দৰাজনক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁৰ মৃত্যু ঘটে । বিবাহ সমাপ্ত হ'বলৈ মাত্ৰ কেইটামান মুহূৰ্ত বাকী থকাৰ পূৰ্বে সংঘটিত হয় এই দুৰ্ঘটনা ।

নান্টা আৰক্ষী থানাৰ বিষয়া নৱল কিশোৰ শৰ্মাই জানিবলৈ দিয়া মতে, মৃত যুৱকজনৰ নাম সূৰজ ছাক্সেনা (৩০)। তেওঁ প্ৰথমে কোটা চহৰৰ কেশৱপুৰা অঞ্চলত বাস কৰিছিল । ইয়াত বুণ্ডী ৰোডৰ মেনাল ৰেচিডেন্সি ৰিজ'ৰ্টত বিবাহ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল । হালদী মেহেন্দীৰ অনুষ্ঠান চলি আছিল ।

এই সময়ছোৱাত দৰাজন বিদ্যুৎস্পৃষ্ট হয় । দুৰ্ঘটনাটোৰ পিচত হঠাতে বিবাহ অনুষ্ঠানৰ উছাহ ম্লান পৰি সমগ্ৰ চৌহদত শোকাকুল পৰিৱেশৰ সৃষ্টি হয় । দৰাজনে চাকৰি কৰিছিল বেংগালুৰুত ।

আৰক্ষী বিষয়াজনে জনোৱা মতে, দৰা বহি থকা ঠাইৰ ওচৰতে কুলাৰ লগোৱা হৈছিল । ওচৰতে চুইমিং পুলৰ ৰেলিং আৰু লগতে পেণ্ডেলৰ খুঁটাও আছিল । হয়তো এই তাঁৰবোৰৰ পৰাই দৰাজন বিদ্যুৎস্পৃষ্ট হৈছিল । বিদ্যুৎস্পৃষ্ট হোৱাৰ লগে লগে আন মানুহে তেওঁক বচাবলৈ চেষ্টা কৰিছিল যদিও তেওঁ অচেতন হৈ পৰিছিল ।

চিকিৎসালয়লৈ নিয়াৰ সময়ত তেওঁক মৃত বুলি ঘোষণা কৰা হয় ৷ দুৰ্ঘটনাৰ পিচতে পৰিয়ালৰ লোকে মৃতদেহটো এম বি এছ হাস্পতালৰ মৰ্গলৈ আনে । বৰ্তমান পৰিয়ালটো এই বিষয়ে একো ক’ব পৰা অৱস্থাত নাই ।

দুৰ্ঘটনাটোৰ কিছু সময়ৰ আগতে সমগ্ৰ পৰিয়ালটোৱে আনন্দ উল্লাস কৰি আছিল । কিন্তু হঠাতে সমগ্ৰ পৰিয়ালটোৰ ওপৰত দুখৰ পাহাৰ ভাগি পৰিল । দুৰ্ঘটনাৰ সময়ত কইনাগৰাকীও চৌহদত উপস্থিত আছিল । দৰাৰ মৃত্যু হোৱাত শোকত ভাগি পৰিছে কইনাগৰাকীও ।

লগতে পঢ়ক: গাৰ নোম শিয়ৰি উঠা এটা ঘটনা : কোনে কয় ঈশ্বৰ নাই ? - LUCKNOW RAILWAY STATION

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.