Team Eknath Shinde : মা কামাখ্যাৰ আশীৰ্বাদ লৈ উভতিল সদল-বলে অহা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী

author img

By

Published : Nov 27, 2022, 1:26 PM IST

Team Eknath Shinde

শনিবাৰে নিশাৰ ভাগত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰেডিছন ব্লু’ত উপস্থিত হৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীকে (Maharashtra CM Eknath Shinde) ধৰি মন্ত্ৰী, বিধায়ক, সাংসদ তথা শিৱসেনাৰ নেতাসকলক আৰু তেওঁলোকৰ পৰিয়ালৰ লোকক সৌজন্যতামূলক সাক্ষাৎ কৰি একেলগে নৈশ আহাৰ গ্ৰহণ কৰে । বৈঠকত মিলিত দুই মুখ্যমন্ত্ৰী । মুম্বাইত নতুন অসম ভৱন নিৰ্মাণৰ বাবে মাটি দিব সিন্দে চৰকাৰে । অসমতো মহাৰাষ্ট্ৰ ভৱন নিৰ্মাণৰ বাবে মাটি বিচাৰিলে সিন্দে চৰকাৰে ।

গুৱাহাটী, ২৭ নৱেম্বৰ : মা কামাখ্যাৰ আশীৰ্বাদ লৈ আজি মুম্বাইলৈ উভতি গ'ল সদল-বলে অহা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে । উল্লেখ্য যে, শনিবাৰে এদিনৰ বাবে গুৱাহাটীলৈ উঠি আহিছিল মহাৰাষ্ট্ৰ চৰকাৰ । মুখ্যমন্ত্ৰী একনাথ সিন্দেকে(Maharashtra CM Eknath Shinde) ধৰি মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী, বিধায়ক, সাংসদসকলৰ উপৰি তেওঁলোকৰ পৰিয়াল শনিবাৰে উপস্থিত হৈছিল গুৱাহাটীত (Eknath Shinde in Guwahati)।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আমন্ত্ৰণমৰ্মে মা কামাখ্যা মন্দিৰ দৰ্শনৰ উদ্দেশ্যে একনাথ সিন্দেৰ নেতৃত্বত অহা মহাৰাষ্ট্ৰৰ মন্ত্ৰী-বিধায়ক, সাংসদ তথা শিৱসেনাৰ নেতাসকল দেওবাৰে পুৱা মুম্বাইলৈ উভতি যায় । ৫০ গৰাকীকৈ মন্ত্ৰী-বিধায়ক-সাংসদৰ লগতে তেওঁলোকৰ পৰিয়ালসহ মুঠ ১৭৬ গৰাকী প্ৰতিনিধি শনিবাৰে দুপৰীয়া বিশেষ বিমানযোগে গুৱাহাটীলৈ আহিছিল ।

দেওবাৰৰ দুপৰীয়া ১.২০ বজাত বিশেষ বিমানযোগে তেওঁলোক বৰঝাৰত উপস্থিত হোৱাৰ লগেলগে অসম চৰকাৰৰ হৈ মন্ত্ৰী অজন্তা নেওগ, ডাঃ ৰণোজ পেগু আৰু বিমল বৰাই গামোচা পিন্ধাই উষ্ম আদৰণি জনাইছিল । ইয়াৰ পাচতেই মহাৰাষ্ট্ৰৰ মন্ত্ৰী-বিধায়কৰ দলটো বিমানবন্দৰৰ পৰা পোনে পোনে শক্তিপীঠ কামাখ্যাত উপস্থিত হৈ পূজা-অৰ্চনা কৰে (Eknath Shinde visit Kamakhya Mandir)।

মা কামাখ্যাৰ আশীৰ্বাদ লৈ উভতিল সদল-বলে অহা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী

কামাখ্যাত পূজা-অৰ্চনা কৰি দলটো গুৱাহাটীৰ হোটেল ৰেডিছন ব্লু’ত উপস্থিত হয় । নিশা হোটেলত কটাই আজি পুৱা উভতি যায় । উল্লেখ্য যে নিশাৰ ভাগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৰেডিছন ব্লু’ত উপস্থিত হৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰী, বিধায়ক, সাংসদ তথা শিৱসেনাৰ নেতাসকলক আৰু তেওঁলোকৰ পৰিয়ালৰ লোকক সৌজন্যতামূলক সাক্ষাৎ কৰাৰ লগতে একেলগে নৈশ আহাৰো গ্ৰহণ কৰে (Maharatra CM at Raddison Blu hotel)।

উল্লেখ্য যে, যোৱা জুন মাহত মহাৰাষ্ট্ৰ চৰকাৰত বিসম্বাদ চলি থকাৰ সময়ত একনাথ সিন্দেৰ নেতৃত্বত শিৱসেনা আৰু নিৰ্দলীয় বহুকেইগৰাকী মন্ত্ৰী, বিধায়ক, সাংসদে হোটেল ৰেডিছন ব্লু’ত আশ্ৰয় লৈছিল । বহুকেইদিন হোটেল ৰেডিছন ব্লু’ত বাহৰ পাতি তেওঁলোকে মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ পৰিকল্পনা যুগুতাইছিল ।

আনকি ২৯ জুনৰ দিনা সিন্দেই মনোকামনা পূৰণৰ বাবে কামাখ্যা মন্দিৰত উপস্থিত হৈ মা কামাখ্যাৰ আশীৰ্বাদ বিচাৰিছিল । মা কামাখ্যাৰ আশিস লৈ যোৱাৰ পাছতেই সিন্দেৰ নেতৃত্বত মহাৰাষ্ট্ৰত চৰকাৰ গঠন হয় । চৰকাৰ গঠনৰ চাৰি মাহ পাছত সিন্দেই সদলবলে গুৱাহাটীলৈ আহি পুনৰ মা কামাখ্যাৰ আশীৰ্বাদ গ্ৰহণ কৰে ।

ইফালে নৈশ ভোজৰ পূৰ্বে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী সিন্দেৰ সৈতে বিভিন্ন বিষয়ক লৈ এক বৈঠকত মিলিত হয় । উক্ত বৈঠকত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত মহাৰাষ্ট্ৰ ভৱন নিৰ্মাণৰ বাবে অসম চৰকাৰৰ পৰা মাটি বিচাৰে (Maharashtra house in Assam)। আনহাতে অসম চৰকাৰৰ তৰফৰ পৰাও মুম্বাইত নতুন অসম ভৱন এটা নিৰ্মাণৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰৰ পৰা মাটি বিচাৰে (Assam house in Mumbai)। এইক্ষেত্ৰত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সহমত প্ৰকাশ কৰে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰৰ কেইবাগৰাকী কেবিনেট মন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী সিন্দেৰ নেতৃত্বত অহা দলটোৰ সৈতে আলোচনাত মিলিত হৈ নৈশ ভোজত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : Mukro violence update: মেঘালয়ত আবদ্ধ অসমৰ লোকসকলক উদ্ধাৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.