'Jannat'ৰ পৰা 'Dil Chahta Hai'লৈকে এই পাঁচখন ছবিৰ প্ৰপ’জেলৰ দৃশ্যই স্পৰ্শ কৰিব আপোনাৰ হৃদয়

author img

By

Published : Nov 27, 2022, 4:03 PM IST

hindi movies-with-proposal-scene-from-jannat-to-dil-chahta-hai-will-melt-your-heart

বলীউড আৰু ৰোমাঞ্চৰ সম্পৰ্ক বহু পুৰণি । চলচ্চিত্ৰ উদ্যোগে দৰ্শকক বহুতো সুন্দৰ ৰোমান্টিক ছবি উপহাৰ দিছে, যাৰ প্ৰতিটো দৃশ্যই হৃদস্পন্দন গভীৰ কৰি তোলে । সেয়ে বলীউড চিনেমাৰ এখন দীঘলীয়া তালিকাৰ পৰা আজি আমি আপোনালোকৰ বাবে লৈ আহিছো কেইখনমান ছবিৰ শ্ৰেষ্ঠ প্ৰপ’জেলৰ দৃশ্য যিয়ে নিশ্চয়কৈ আপোনাৰ হৃদয় স্পৰ্শ কৰিব ।

বলীউড আৰু ৰোমাঞ্চৰ সম্পৰ্ক বহু পুৰণি । চলচ্চিত্ৰ উদ্যোগে দৰ্শকক বহুতো সুন্দৰ ৰোমান্টিক ছবি উপহাৰ দিছে, যাৰ প্ৰতিটো দৃশ্যই হৃদস্পন্দন গভীৰ কৰি তোলে । বলীউৰ পৰাই চাগে আমাৰ মাজৰ বহু লোকে প্ৰেমৰ কৰিবলৈ শিকিছে বহুতে হয়তো প্ৰেম দৰাচলতে হয় কি তাৰ অৰ্থ বুজিছে ৷ জীৱনৰ যিকোনো পৰিস্থিতিত নিজৰ জীৱনসংগীৰ হাতত হাত থৈ হিয়া উজাৰি ভালপাও বুলি কোৱা এনেধৰণৰ বহু দৃশ্য আমি বলীউড চিনেমাত প্ৰায়েই দেখিছো যাক হয়তো বহুতে নিজৰ বাস্তৱ জীৱনতো প্ৰয়োগ কৰিছে ৷

সেয়ে বলীউড চিনেমাৰ এখন দীঘলীয়া তালিকাৰ পৰা আজি আমি আপোনালোকৰ বাবে লৈ আহিছো কেইখনমান ছবিৰ শ্ৰেষ্ঠ প্ৰপ’জেলৰ দৃশ্য যিয়ে নিশ্চয়কৈ আপোনাৰ হৃদয় স্পৰ্শ কৰিব । এই ছবিসমূহৰ কাহিনীসমূহত দেখুওৱা প্ৰেমৰ চিত্ৰণ অধিকাংশই বাস্তৱৰ পৰা বহু দূৰত, তথাপিও ই আপোনাৰ মনত ৰোমাঞ্চ আৰু ‘প্ৰকৃত প্ৰেম’ৰ প্ৰেৰণা যোগাই আহিছে ।

Yeh Jawaani Hai Deewani: জীৱনটোক উপভোগ কৰা তথা স্বাধীনতা লাভ কৰাৰ ধাৰণা সলনি কৰা ৰণবীৰ কাপুৰ-দীপিকা পাডুকন অভিনীত ছবি Yeh Jawaani Hai Deewaniয়ে আমাক কিছু প্ৰেমৰ শিক্ষাও দিলে । নতুন বছৰৰ প্ৰথম প্ৰাকঃক্ষণত কেক আৰু বেলুন লৈ নেনাৰ ঘৰত বানি উপস্থিত হোৱাৰ দৃশ্যটোৱে সঁচাকৈয়ে আজিও আমাৰ হৃদয় স্পৰ্শ কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

Jannat: ইমৰাণ হাছমী আৰু সোনাল চৌহান অভিনীত ছবি ‘Jannat’ৰ প্ৰেম কাহিনী অতি সুন্দৰ । ছবিখনৰ প্ৰপ’জেল দৃশ্যটো চাবলগীয়া যেতিয়া ইমৰানে সোণালক প্ৰপ’জ কৰিবলৈ পিছত পৰি থাকে আৰু সমগ্ৰ ট্ৰেফিক বন্ধ কৰি দিয়ে । উন্মাদনাৰে ভৰা এই দৃশ্য আজিও এক অবিস্মৰণীয় দৃশ্য ।

  • " class="align-text-top noRightClick twitterSection" data="">

Dil Chahta Hai: প্ৰেমিকৰ বিবাহৰ সংগীতৰ নিশা নষ্ট কৰা আৰু তাৰ পিছত তেওঁৰ প্ৰতি আপোনাৰ প্ৰেমৰ ভাৱ প্ৰকাশ কৰাটো সঁচাকৈ এটা ডাঙৰ কথা । আমিৰ খানে তেওঁৰ হ'বলগীয়া জীৱনসংগীৰ সন্মুখত আঁঠু লৈ প্ৰীতি জিণ্টাৰ প্ৰতি থকা অনুভৱ প্ৰকাশ কৰে আৰু তাৰ পিছত প্ৰীতি জিন্তাক জয়ী কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

Wake Up Sid: ছিডে(ৰণবীৰ কাপুৰ) উপলব্ধি কৰে যে, তেওঁ আইছাৰ(কংকনা সেন শৰ্মা) প্ৰেমত পৰিছে যেতিয়া তেওঁ নিজৰ এপাৰ্টমেণ্ট এৰি ঘৰলৈ উভতি আহে । এই দৃশ্যই ছবিখনক ছুপাৰ ৰোমান্টিক কৰি তুলিছে । বৰষুণত যেতিয়া গাড়ী চলাই ছিড ঘূৰি ফুৰে মাথোঁ আয়েশা ক’ত থাকিব পাৰে সেইটো জানিবলৈ । অৱশেষত আইছাক বিচাৰি পোৱাত ছিডে তাইক সাৱটি ধৰে । এই দৃশ্যই আজিও সকলোৰে হৃদয় স্পৰ্শ কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

2 States: অৰ্জুন কাপুৰে এই ছবিত আলিয়াক পাবলৈ যি পৰিস্থিতিৰ সন্মুখীন হয়, সেয়ে এই ছবিখনে দৰ্শকক অতি আকৰ্ষণ কৰে । যি সময়ত অৰ্জুনে(কৃষ) আলিয়া ভাটৰ ইন্টাৰভিউলৈ গৈ আলিয়াৰ কাষত বহি কয় যে, তেওঁ কেৱল আলিয়াকে(অনন্যা) বিয়া কৰাব বিচাৰে ৷ কৃষে যি আৱেগেৰে অনন্যাক প্ৰেমৰ প্ৰস্তাৱ দিয়ে, সেই আৱেগটোৱে আপোনাক সুখী কৰাৰ লগতে আৱেগিকো কৰিব ৷

  • " class="align-text-top noRightClick twitterSection" data="">
  • " class="align-text-top noRightClick twitterSection" data="">

লগতে পঢ়ক: ষ্টাৰকিডৰ তালিকাত নতুন সংযোজন ৰণবীৰ-আলিয়াৰ কন্যা ‘ৰাহা’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.