মেঘালয়বাসীৰ বাবে সুখবৰ । ৰাজ্যখনৰ দূৰৱৰ্তী অঞ্চলসমূহলৈ ড্ৰোণৰ জৰিয়তে ঔষধ, ভেকছিন আদি প্ৰেৰণ কৰা হ'ব । এই প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনাৰ বাবে জেংজালৰ মহকুমা চিকিৎসালয়ত ড্ৰোণ ষ্টেচন নিৰ্মাণ কৰা হৈছে (Jengjal drone station)। সোমবাৰে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব এই ড্ৰোণ ষ্টেচন ।
আলফা(স্বা:)ৰ সদস্য যুগল শৰ্মা ওৰফে প্ৰাইভেট দীপক অসমৰ মৃত্যু(ULFA I member) ৷ আলফা(স্বা:)ৰ 86নং গোটৰ নবাগত সদস্য আছিল যুগল শৰ্মা ওৰফে প্ৰাইভেট দীপক অসম ৷ যোৱা কিছু দিন ধৰি একাধিক জটিল ৰোগত আক্ৰান্ত হৈ আছিল প্ৰাইভেট দীপক অসম ৷
ৰাজস্থানৰ উদয়পুৰত জি-২০ শ্বেৰ্পা বৈঠকৰ বিশেষ প্ৰস্তুতি (G20 Sherpa meeting in Udaipur)। সোমবাৰৰ পৰা আৰম্ভ হৈছে এই বৈঠক । কূটনীতিবিদসকলে বিভিন্ন বিষয়ত গভীৰভাৱে আলোচনা কৰিব ।
ক্ৰমাৎ সুস্থ হৈ উঠিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিঙৰ ঘটনাৰ ভুক্তোভোগী আনন্দ শৰ্মা (DU ragging incident) ৷ অতি কম দিনৰ ভিতৰতে আনন্দ শৰ্মা পূৰ্বৰ দৰে সুস্থ হৈ উঠিব ৷ আনহাতে, ঘটনাৰে জড়িত সকলৰ ওপৰত লোৱা হ’ব কঠোৰ ব্যৱস্থা ৷ সংবাদমাধ্যৰ আগত এই কথা সদৰি কৰিছে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷
আজি অনুষ্ঠিত হৈছে গুজৰাট বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ(Gujrat election phase2) ৷ গুজৰাট বিধানসভাৰ 14 খন জিলাৰ মুঠ 93টা সমষ্টিৰ বাবে পুৱা 8 বজাৰ পৰা অনুষ্ঠিত হৈছে ভোট গ্ৰহণ (Gujrat assembly election) ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহমেদাবাদৰ Nishan Public school ত সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ (PM Modi cast his vote) ৷
উন্নয়নৰ নমুনা ! এজন চিকিৎসকৰে চলিছে ৩০ খন বিচনাযুক্ত জোনাই খণ্ড প্ৰাথমিক চিকিৎসালয় ৷ যাৰ ফলত ওচৰতে এটা চৰকাৰী স্বাস্থ্যকেন্দ্ৰ (Government Primary Health Center) থকাৰ পিছতো চিকিৎসক, ঔষধৰ অভাৱত গাঁঠিৰ ধন ভাঙি ৰোগীসকল অন্য ঠাইলৈ চিকিৎসাৰ বাবে আহিবলগা হয় ৷
গুজৰাট বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ পূৰ্বে নিৰ্বাচনী হিংসা (Gujrat election violence) ৷ গুজৰাটৰ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত দান্তা সমষ্টিৰ কংগ্ৰেছ বিধায়ক কান্তি খাৰাদিক আক্ৰমণ দুৰ্বৃত্তৰ (Congress MLA attacked) ৷ এই আক্ৰমণেৰে বিজেপিৰ লোক জড়িত থকাৰ অভিযোগ ভাগদাম সমষ্টিৰ বিধায়ক জিগনেশ মেৱানীৰ ৷
লখিমপুৰ ৰাজহ চক্র বিষয়াৰ কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়কক গ্ৰেপ্তাৰ ৷ লখিমপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উৎকোচৰ বেহা চলাৰ অভিযোগ (Allegation of fraud) ৷ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অভিযোগৰ ভিত্তিতে গ্ৰেপ্তাৰ হৈছে নন্দন বৰা নামৰ কৰ্মচাৰীজন (Revenue circle office employee arrested) ৷
এয়া আঘোণৰ বতৰ । নাঙলৰ সীৰলুত ফাঁট মেলা ধৰিত্ৰীৰ বুকুৰ পৰা ওলোৱা সেউজী ফচল আজি সোণগুটি হৈ পথাৰ ভৰিছে (Paddy fields are full of crops) । প্ৰাপ্তিৰ হাঁহি মুখত পিন্ধি সোণগুটি চপোৱাত ব্যস্ত কৃষক (Paddy cultivation in Assam)। চৌদিশে মাথো পকা ধানৰ আমোলমোল গোন্ধ । এনে সময়তে জোনাইৰ শান্তিপুৰ গাঁৱৰ আঘোণৰ সোণোৱালী পথাৰখন ঐনিতমেৰে জীপাল কৰি তুলিছে শান্তিপুৰ গাঁৱৰ জীয়ৰী-বোৱাৰী দাৱনীসকল(Farmers busy in paddy field) ।
সোমবাৰে ছিংগাপুৰত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বৃক্ক সংৰোপণ কৰা হ'ব (Kidney transplant for Lalu Yadav)। তেওঁৰ দ্বিতীয় কন্যা ৰোহিনী আচাৰ্যই পিতৃক বৃক্ক দান কৰিব । অস্ত্ৰোপচাৰ যাতে সফলতাৰে হয় তাৰ বাবে টুইটযোগে কন্যাই ৰাইজৰ পৰা প্ৰাৰ্থনা বিচাৰিছে ।