Pathetic conditions of Hospital: 30 খন বিচনাযুক্ত চিকিৎসালয়ত চিকিৎসক মাত্ৰ এজন

author img

By

Published : Dec 5, 2022, 12:27 PM IST

poor conditions of medical services at jonai

উন্নয়নৰ নমুনা ! এজন চিকিৎসকৰে চলিছে ৩০ খন বিচনাযুক্ত জোনাই খণ্ড প্ৰাথমিক চিকিৎসালয় ৷ যাৰ ফলত ওচৰতে এটা চৰকাৰী স্বাস্থ্যকেন্দ্ৰ (Government Primary Health Center) থকাৰ পিছতো চিকিৎসক, ঔষধৰ অভাৱত গাঁঠিৰ ধন ভাঙি ৰোগীসকল অন্য ঠাইলৈ চিকিৎসাৰ বাবে আহিবলগা হয় ৷

জোনাই, 5 ডিচেম্বৰ : যি সময়ত চৰকাৰে উন্নয়ণৰ ঢোল-ঢাক বজাই আছে সেই সময়তে পোহৰলৈ আহিছে জোনাই মহকুমা স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ । জোনাইৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয় আৰু জোনাই খণ্ড প্ৰাথমিক চিকিৎসালয় দুখনৰ পয়াঁলগা দৃশ্যই পুনৰবাৰ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে (Devastated form of Jonai State dispensary) ।

জোনাই ৩০ খন বিচনাযুক্ত চিকিৎসালয়ত মাহ মাহ ধৰি চিকিৎসা সেৱা আগবঢ়াই আহিছে মাত্ৰ এজন চিকিৎসকে । যাক লৈ ৰোগীৰ মাজত এতিয়া সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ (Shortage of doctors at Jonai Civil Hospital) । সঁচা অৰ্থত জোনাইৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয়ত এক পঁয়ালগা দৃশ্যই বিৰাজ কৰিছে । নাই যে নাই চিকিৎসালয়খনত নাই বিদ্যুতৰ সুবিধাও ।

জোনাইত স্বাস্থ্য বিভাগৰ পঁয়া লগাস্বৰূপ

চিকিৎসালয়খনত অতি কমেও ১০ জনতৈ অধিক বিভিন্ন বিভাগৰ চিকিৎসক‌ থাকিব লাগে যদিও তাৰ সলনি তিনিজন চিকিৎসকৰ এটা শ্বিফটত মাত্ৰ এজন চিকিৎসকে চিকিৎসা সেৱা কৰি আহিছে দীৰ্ঘদিনৰ পৰা ।

যাৰ ফলত ৰোগীয়ে চিকিৎসালয়ত চিকিৎসা সেৱা কৰিবলৈ গৈ মৃত্যুৰে যুঁজি ঘূৰি যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । ইয়াৰ উপৰিও চিকিৎসালয়খনত নাই কোনো উন্নতমানৰ ঔষধ-পাতিকে আদি কৰি উন্নত সুবিধা । গতিকে অতি শীঘ্ৰে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে চিকিৎসলয়খনত পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক নিযুক্তি দিয়াৰ লগতে ঔষধ-পাতি যোগান ধৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: GMC mud scam: গুৱাহাটীলৈ অনা হ’ল ধৃত বিতৰ্কিত ঠিকাদাৰ মিঠু আগৰৱালাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.