Jonai Paddy Field: সোণগুটিৰ সুবাস আৰু ঐনিতমৰ সুৰেৰে মুখৰিত জোনাইৰ পথাৰ

By

Published : Dec 5, 2022, 9:52 AM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

এয়া আঘোণৰ বতৰ । নাঙলৰ সীৰলুত ফাঁট মেলা ধৰিত্ৰীৰ বুকুৰ পৰা ওলোৱা সেউজী ফচল আজি সোণগুটি হৈ পথাৰ ভৰিছে (Paddy fields are full of crops) । প্ৰাপ্তিৰ হাঁহি মুখত পিন্ধি সোণগুটি চপোৱাত ব্যস্ত কৃষক (Paddy cultivation in Assam)। চৌদিশে মাথো পকা ধানৰ আমোলমোল গোন্ধ । এনে সময়তে জোনাইৰ শান্তিপুৰ গাঁৱৰ আঘোণৰ সোণোৱালী পথাৰখন ঐনিতমেৰে জীপাল কৰি তুলিছে শান্তিপুৰ গাঁৱৰ জীয়ৰী-বোৱাৰী দাৱনীসকল(Farmers busy in paddy field) । শান্তিপুৰ গাঁৱৰ সোণোৱালী পথাৰত প্ৰায় ডেৰ শতাধিক জীয়ৰী-বোৱাৰীয়ে একেলগে ধান দাই বজায় ৰাখিছে গাঁৱখনৰ ঐক্যতাৰ পৰিচয় ৷ প্ৰাপ্তিৰ আনন্দত নিগৰিছে ঐনিতম, কাবান (Paddy cutting tradition in Assam) ৷ সোণোৱালী পথাৰৰ পকা ধানৰ আমোলমোল গোন্ধৰ মাজতে একেলগে বহি ৰবাব টেঙা, লাঃচৰ অইং আৰু নামচিঙেৰে তৃপ্তিৰে খাইছে একেলগে এসাঁজ ৷ জীয়ৰী, বোৱাৰী আনকি বৃদ্ধা পৰ্যন্ত ওলাই আহি ধান দাই পঃৰাগ উৎসৱৰ বাবে সংগ্ৰহ কৰিছে পুঁজি ৷

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.