Lalu kidney transplant : ছিংগাপুৰত হ'ব লালু প্ৰসাদ যাদৱৰ বৃক্ক সংৰোপণ


Lalu kidney transplant : ছিংগাপুৰত হ'ব লালু প্ৰসাদ যাদৱৰ বৃক্ক সংৰোপণ
সোমবাৰে ছিংগাপুৰত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বৃক্ক সংৰোপণ কৰা হ'ব (Kidney transplant for Lalu Yadav)। তেওঁৰ দ্বিতীয় কন্যা ৰোহিনী আচাৰ্যই পিতৃক বৃক্ক দান কৰিব । অস্ত্ৰোপচাৰ যাতে সফলতাৰে হয় তাৰ বাবে টুইটযোগে কন্যাই ৰাইজৰ পৰা প্ৰাৰ্থনা বিচাৰিছে ।
নেশ্যনেল ডেস্ক,৫ ডিচেম্বৰ : বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰজেডিৰ সভাপতি লালু প্ৰসাদ যাদৱৰ সোমবাৰে ছিংগাপুৰৰ এখন চিকিৎসালয়ত বৃক্ক সংৰোপণ কৰা হ'ব (Kidney transplant for RJD President Lalu Yadav)। লালুৰ কন্যা ৰোহিনী আচাৰ্যই বৃক্ক দান কৰিব । অস্ত্ৰোপচাৰৰ সৈতে জড়িত সকলো আনুষ্ঠানিকতা ইতিমধ্যে সম্পূৰ্ণ হৈছে ।
ৰোহিনীয়ে অস্ত্ৰোপচাৰৰ পূৰ্বে টুইট কৰি ৰাইজৰ ওচৰত এক বিশেষ আবেদন জনাইছে । লালু প্ৰসাদ যাদৱৰ পুত্ৰ তথা বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা লালুৰ পত্নী ৰাবড়ী দেৱী, সাংসদ মিছা ভাৰতী অস্ত্ৰোপচাৰৰ পূৰ্বে ছিংগাপুৰত গৈ উপস্থিত হৈছে ।
ৰোহিণী আচাৰ্যই অস্ত্ৰোপচাৰৰ পূৰ্বে ৰাইজক তেওঁৰ পিতৃ লালু যাদৱৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনাইছে । পিতৃক বৃক্ক দান কৰা ৰোহিনী আচাৰ্য লালু প্ৰসাদৰ দ্বিতীয় কন্যা (Rohini Acharya will donate kidney to Lalu)। টুইটাৰত অতি সক্ৰিয় আৰু নৰেন্দ্ৰ মোডী চৰকাৰক সমালোচনা কৰা ৰোহিনী আচাৰ্যই তেওঁৰ স্বামী আৰু সন্তানৰ সৈতে ছিংগাপুৰত বাস কৰে ।
-
Ready to rock and roll ✌️
— Rohini Acharya (@RohiniAcharya2) December 5, 2022
Wish me a good luck 🤞 pic.twitter.com/R5AOmFMW0E
শেহতীয়াকৈ, লালু প্ৰসাদ ছিংগাপুৰলৈ যাওঁতে চিকিৎসকসকলে বিভিন্ন পৰীক্ষা কৰিছিল । লালু প্ৰসাদৰ লগতে কন্যা ৰোহনীৰো বিভিন্ন পৰীক্ষা কৰা হৈছিল আৰু অৱশেষত বৃক্ক সংৰোপণৰ বাবে চিকিৎসকসকলে অনুমোদন দিছিল ।
উল্লেখ্য যে, ছিংগাপুৰত বৃক্ক সংৰোপণৰ অত্যাধুনিক সুবিধা আছে । বৃক্ক সংৰোপণ কৰা লোকসকলৰ সফলতাৰ ঘটনাও গড় হিচাপত যথেষ্ট ভাল । যদি জীৱিত লোকৰ পৰা বৃক্ক সংৰোপণ কৰা হয়, তেনেহ'লে ইয়াৰ সফলতাৰ হাৰ হৈছে ৯৮.১১ শতাংশ । আনহাতে মৃত লোকৰ পৰা বৃক্ক সংৰোপণৰ সফলতাৰ হাৰ ৯৪.৮৮ শতাংশ ।
একে সময়তে, যদি আপুনি ভাৰতত বৃক্ক সংৰোপণৰ সফলতাৰ অনুপাত লক্ষ্য কৰে, ই হৈছে প্ৰায় ৯০ শতাংশ । জীৱিত লোকৰ পৰা বৃক্ক সংৰোপণৰ ফলত এগৰাকী লোকৰ জীয়াই থকাৰ প্ৰত্যাশা ১২-২০ বছৰ বৃদ্ধি হয় ৷ আনহাতে যদিহে মৃত ব্যক্তিৰ পৰা বৃক্ক সংৰোপণ কৰা হয় তেনেহ'লে ৮-১২ বছৰ বৃদ্ধি হয় ।
লগতে পঢ়ক :Gujarat assembly election phase2: আজি গুজৰাট বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ
