ETV Bharat / state

ন্যায়াধীশৰ জাল চহী কৰি ৰঙাঘৰৰ আলহী হ'ল অধিবক্তা - Advocate fraud case

author img

By ETV Bharat Assamese Team

Published : May 7, 2024, 9:12 AM IST

Advocate allegedly use Judge's fake signature
ন্যায়াধীশৰ জাল চহী কৰি ৰঙাঘৰৰ আলহী হ'ল অধিবক্তা (Etv Bharat Assam)

Advocate allegedly use Judge's fake signature : মৃত ব্যক্তিক লৈ প্ৰৱঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে অধিবক্তাৰ বিৰুদ্ধে ৷ মৰিয়নীত দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লোৱা এগৰাকী ব্যক্তিৰ জীৱন বীমাৰ ধন আত্মসাৎ কৰাৰ চেষ্টাৰে ন্যায়াধীশৰ জাল চহী কৰি শ’লঠেকত পৰিল গৈ অধিবক্তা পাৰ্থজ্যোতি গগৈ ৷

ন্যায়াধীশৰ জাল চহী কৰি ৰঙাঘৰৰ আলহী হ'ল অধিবক্তা (Etv Bharat Assam)

যোৰহাট, 7 মে’ : যেতিয়া ন্যায়দাতাই জালিয়াতি কৰে তেতিয়া জনসাধাৰণে কাৰ ওপৰত নিৰ্ভৰ কৰিব ? এগৰাকী অধিবক্তাৰ কৰ্মকাণ্ডই হতচকিত কৰিব আপোনাকো ৷ সাধাৰণতে আমি যিকোনো অন্যায়ৰ বিৰোধিতা কৰি অধিবক্তাৰ কাষ চাপো ৷ কিন্তু যেতিয়া তেনে অধিবক্তাই প্ৰৱঞ্চনা কৰে তেতিয়া সাধাৰণ লোকে বিশ্বাস হেৰুৱাই ৷

এইবাৰ মৃত ব্যক্তিক লৈ প্ৰৱঞ্চনা কৰিলে এগৰাকী অধিবক্তাই ৷ প্ৰৱঞ্চনাৰ জাল পেলাই মৃত ব্যক্তিৰ নামত ধন আত্মসাৎ কৰিবলৈ ফন্দি তৰিছিল অধিবক্তা পাৰ্থজ্যোতি গগৈয়ে । মৰিয়নীত দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লোৱা এগৰাকী ব্যক্তিৰ জীৱন বীমাৰ ধন আত্মসাৎ কৰিবলৈ চেষ্টা চলাই ন্যায়ধীশৰ চহী জালিয়াতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে অধিবক্তা পাৰ্থজ্যোতি গগৈৰ বিৰুদ্ধে ৷ সম্প্ৰতি যোৰহাট আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত অধিবক্তাগৰাকীক ৷

ঘটনাৰ বিৱৰণী অনুসৰি, মৰিয়নী নগৰৰ তিলেশ্বৰ ফুকন নামৰ অধ্যাপকগৰাকী এক পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিল ৷ ইয়াৰ পিচতে অধ্যাপকজনৰ জীৱন বীমা (MACT) আবেদনৰ বাবে ফুকনৰ পত্নীয়ে সকলো দায়িত্ব দিছিল পাৰ্থজ্যোতি গগৈ নামৰ অধিবক্তাজনক ৷ কিন্তু পৰিয়ালটোক প্ৰৱঞ্চনা কৰি অধিবক্তাগৰাকীয়ে খোদ ন্যায়ধীশৰ চহী জাল কৰি উক্ত জীৱন বীমা বাবে আবেদন কৰিছিল ।

ইয়াৰ পিচতে অধিবক্তাগৰাকীৰ কু-কৰ্ম ফাদিল হয় ৷ সম্প্ৰতি দুৰ্ভগীয়া পৰিয়ালটোৱে অধিবক্তাগৰাকীৰ বিৰুদ্ধে যোৰহাট সদৰ থানাত এক গোচৰ ৰজু কৰে ৷ ফলত উক্ত গোচৰ ভিত্তিত অধিবক্তাগৰাকীক যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোমবাৰে আদালত হাজিৰ কৰায় । ন্যায়ধীশৰ চহী জাল কৰা আৰু প্ৰৱঞ্চনা দলিল ৰচনা কৰা অধিবক্তাগৰাকীক আদালতে 5 মে’ত জেইল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: ৰাজপথৰ পৰা হঠাৎ নোহোৱা হ'ল চিটি বাছ: হাৰাশাস্তি যাত্ৰীৰ - City Bus Crisis In Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.