Gujarat Congress MLA attacked: গুজৰাটত কংগ্ৰেছ বিধায়কক আক্ৰমণ দুৰ্বৃত্তৰ

author img

By

Published : Dec 5, 2022, 10:06 AM IST

Gujarat Congress MLA attacked

গুজৰাট বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ পূৰ্বে নিৰ্বাচনী হিংসা (Gujrat election violence) ৷ গুজৰাটৰ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত দান্তা সমষ্টিৰ কংগ্ৰেছ বিধায়ক কান্তি খাৰাদিক আক্ৰমণ দুৰ্বৃত্তৰ (Congress MLA attacked) ৷ এই আক্ৰমণেৰে বিজেপিৰ লোক জড়িত থকাৰ অভিযোগ ভাগদাম সমষ্টিৰ বিধায়ক জিগনেশ মেৱানীৰ ৷

নিউজ ডেস্ক: গুজৰাট বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ পূৰ্বে নিৰ্বাচনী হিংসা (Gujrat election violence) ৷ গুজৰাটৰ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত দান্তা সমষ্টিৰ কংগ্ৰেছ বিধায়ক কান্তি খাৰাদিক আক্ৰমণ দুৰ্বৃত্তৰ (Congress MLA Kanti Kharadi) ৷ দেওবাৰে নিশা গাড়ীৰে গৈ থকাৰ সময়তে এটা দুৰ্বৃত্তৰ দলে বিধায়কগৰাকীৰ গাড়ীত আক্ৰমণ চলায় (Gujrat Congress MLA Attack) ৷

এই আক্ৰমণৰ ঘটনাত বিধায়ক কান্তি খাৰাদি আহত হোৱাৰ লগতে আহত হয় আৰু 7-8 গৰাকী ব্যক্তি ৷ দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ঘটনাস্থলীৰ কাষত হাবিত আত্মগোপন কৰি থাকে বিধায়কগৰাকীয়ে ৷ ঘটনা সংঘটিত হোৱাৰ প্ৰায় 4 ঘণ্টাৰ পিছত আৰক্ষীয়ে উদ্ধাৰ কৰে বিধায়ক কান্তি খাৰাদিক ৷

দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ পূৰ্বে কংগ্ৰেছ বিধায়কগৰাকীৰ ওপৰত কৰা এই আক্ৰমণৰ ঘটনাই ৰাজ্যখনত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ (Sensation in Gujrat)) ৷

Gujarat Congress MLA attacked
গুজৰাটত নিৰ্বাচনী হিংসা, কংগ্ৰেছ বিধায়কক আক্ৰমণ দুৰ্বৃত্তৰ

বিধায়কগৰাকীৰ ওপৰত হোৱা এই আক্ৰমণৰ ঘটনাৰে ভাৰতীয় জনতা পাৰ্টীৰ গুণ্ডা বাহিনী জড়িত থকা বুলি অভিযোগ উত্থাপন কৰিছে গুজৰাটৰ ভাদগাম সমষ্টিৰ বিধায়ক জিগনেশ মেৱানীয়ে (Attacked by BJP Goons) ৷ জিগনেশ মেৱানীয়ে লগতে টুইটযোগে অভিযোগ উত্থাপন কৰি কয় যে, ‘‘বিধায়ক কান্তি খাৰাদিক হত্যাৰ প্ৰচেষ্টা চলাৱো হৈছিল’’(MLA Jignesh Mevani) ৷

উল্লেখ্য যে, দান্তা সমষ্টিত বিজেপি প্ৰাৰ্থী লাটুভাই পাৰঘীৰ বিৰুদ্ধে নিৰ্বাচনীত প্ৰতিদ্বন্দিতা কৰিছে বিধায়ক কান্তি খাৰাদিয়ে ৷ ইফালে, এই আক্ৰমণৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাত ৰখাৰ কথা সদৰী কৰিছে আৰক্ষীয়ে ৷ আজি গুজৰাটত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ৷

লগতে পঢ়ক:আজি গুজৰাট বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.