ETV Bharat / state

কাছাৰত বজ্ৰপাতত দুজনৰ মৃত্যু - Lightning strikes

author img

By ETV Bharat Assamese Team

Published : May 6, 2024, 10:45 PM IST

Lightning strikes
Lightning strikes in Cachar (ETV Bharat)

Lightning strikes in Cachar: বৰাকত বজ্ৰ পৰি দুজনৰ মৃত্যু । মৃতকৰ ভিতৰত আছে এটি শিশুও । কলগাছিয়াতো বজ্ৰপাতত ছাত্ৰীৰ মৃত্যু

শিলচৰ, ৬ মে': কাছাৰৰ কাটিগড়াৰ গুমৰা চাহ বাগিচা আৰু ভাৰত-বাংলাদেশ সীমান্তৰ লেবাৰপুতাত ব্ৰজপাতত দুজনৰ শিশুসহ মৃত্যু । মৃত দুগৰাকী ক্ৰমে গুমৰা চাহ বাগিচাৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ৰোহন গুনজু আৰু ভাৰত-বাংলাদেশ সীমান্তৰ ভটেৰচক গাঁৱৰ ফৰিন্দ্ৰ দাস ৷ প্ৰথমটো ঘটনা সংঘটিত হৈছে গুমৰা চাহ বাগিচাত ।

জানিব পৰা মতে, ৰোহন গুনজু নামৰ ষষ্ঠ শ্ৰেণীৰ এগৰাকী ছাত্ৰ মাছ ধৰিবলৈ গৈ হঠাৎ হোৱা ব্ৰজপাতত থিতাতে মৃত্যুমুখত পৰে । লগতে আহত হয় জয়কুমাৰ গুনজু নামৰ আন এজন শিশু ৷ ঘটনাৰ পাছত স্থানীয় লোকে আহত শিশুটিক ততাতৈয়াকৈ উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰে ।

ইপিনে এই ঘটনাৰ কিছু সময় পাছত কাটিগড়াৰ ভাৰত-বাংলাদেশ সীমান্তৰ লেবাৰপুতাত আন এক ব্ৰজপাতৰ ঘটনা সংঘটিত হয় । ভয়ংকৰ এই ঘটনাত মৃত্যু হয় ফৰিন্দ্ৰ দাস নামৰ এজন লোকৰ ৷ লগতে এটা গোধনৰো মৃত্যু হয় । জানিব পৰা মতে, পথাৰৰ পৰা গৰু আনিবলৈ গৈছিল লোকজন । গৰু লৈ উভতি অহাৰ পথত হঠাৎ হোৱা ব্ৰজপাতত গৰুসহ লোকজনৰ মৃত্যু হয় ।

ঘটনাৰ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ।

ইফালে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত মইনবৰীতো সোমবাৰে বজ্ৰপাতত এগৰাকী ছাত্ৰীৰ মৃত্য়ু হয় । মৃত ছাত্ৰীগৰাকী নিজ মইনবৰী গাঁৱৰ ছফেৰ আলীৰ কন্য়া নুৰেজা খাতুন । বেকী নদীৰ পাৰেৰে পিতৃ-মাতৃৰ লগত গৰু আনি থকাৰ সময়ত বজ্ৰ পৰাত মৃত্যুক আঁকোৱালি লয় ছাত্ৰীগৰাকীয়ে । ছাত্ৰীগৰাকীক চান্দমামা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।

লগতে পঢ়ক: কলগাছিয়াৰ সত্ৰ মইনবৰীত বজ্ৰপাতত ছাত্ৰীৰ মৃত্য়ু - Thunderstorm

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.