কলগাছিয়াৰ সত্ৰ মইনবৰীত বজ্ৰপাতত ছাত্ৰীৰ মৃত্য়ু - Thunderstorm

By ETV Bharat Assamese Team

Published : May 6, 2024, 8:40 PM IST

thumbnail
কলগাছিয়াৰ সত্ৰ মইনবৰী (ETV BHARAT ASSAM)

জনীয়া, ৬ মে': বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সত্ৰ মইনবৰীত বজ্ৰপাতত আজি এগৰাকী ছাত্ৰীৰ মৃত্য়ু হয় । ছাত্ৰীগৰাকী নিজ মইনবৰী গাঁৱৰ ছফেৰ আলীৰ কন্য়া নুৰেজা খাতুন । ছাত্ৰীগৰাকীয়ে বেকী নদীৰ পাৰত পিতৃ-মাতৃৰ লগত গৰু আনি থকাৰ সময়ত বজ্ৰ পৰাত মৃত্যুক আঁকোৱালি লয় । বৰভিঠা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ বিৰাজ কৰিছে ।

পিচত আত্মীয়ই ছাত্ৰীগৰাকীক চান্দমামা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । ছাত্ৰীগৰাকীৰ পৰিয়ালটোক এককালীন সাহায্য দিবলৈ স্থানীয় ৰাইজে চৰকাৰক আহ্বান জনাইছে । উল্লেখযোগ্য যে দেওবাৰে সাওৰাচৰা ৰিজাৰ্ভ গাঁৱত বজ্ৰ পৰি মাতৃ-কন্যাৰ মৃত্যুৰ পিচত পুনৰ নিজ মইনবৰী গাঁৱত বজ্ৰ পৰি এই ঘটনা সংঘটিত হোৱাত অঞ্চলটোত শোকৰ বন্য়া বৈছে ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.