কলগাছিয়াত বজ্ৰ পৰি মাতৃ-কন্যাৰ মৃত্যু - Thunderstorm

By ETV Bharat Assamese Team

Published : May 5, 2024, 10:49 PM IST

thumbnail
সাওৰাচৰা ৰিজাৰ্ভ গাঁৱত শোকাৱহ ঘটনা (ETV BHARAT ASSAM)

জনীয়া, ৫ মে’: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত সাওৰাচৰা ৰিজাৰ্ভ গাঁৱত আজি এক শোকাৱহ ঘটনা সংঘটিত হয় । দেওবাৰে দিনৰ দুই বজাত বজ্ৰ পৰি মাতৃ-কন্যাৰ মৃত্যু হয় । গাঁওখনৰ ফজলুৰ ৰহমানৰ পত্নী মমিৰন নেছা (৬২) আৰু কন্যা জ্যোস্না খাতুনে (২৫) প্ৰৱল বৰষুণৰ সময়ত পথাৰৰ পৰা গৰু আনি গোহালিত বান্ধি থকা অৱস্থাত বজ্ৰ পৰি গোহালি ঘৰতেই মৃত্যুমুখত পৰে ।  

এই ঘটনাত জ্যোস্না খাতুনৰ ১১ বছৰীয়া পুত্ৰ সন্তানো গুৰুতৰভাৱে আহত হয় । পিচত আত্মীয়ই তিনিওকে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মমিৰন নেছা আৰু জ্যোস্না খাতুনক মৃত বুলি ঘোষণা কৰে । মাতৃ কন্যাই এনেদৰে মৃত্যুক সাৱটি লোৱা ঘটনাই অঞ্চলটোত শোকৰ বন্য়া বোৱাইছে ।

লগতে পঢ়ক:Thunderstorm: বিশ্বনাথত বজ্ৰ পৰি দুজনৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.