কাকপথাৰত বোমাতংকৰ অৱসান
অৱশেষত অৱসান ঘটিল তিনিচুকীয়াৰ কাকপথাৰত বোমাতংকৰ পৰিৱেশৰ(End of bombing terror in Kakopathar) । শনিবাৰে এটা বেগ উদ্ধাৰক কেন্দ্ৰ কৰি কিছু সময়ৰ বাবে তিনিচুকীয়াত সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্য । স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত তিনিচুকীয়াৰ এখন দোকানত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল এটা বেগ (Rescue a bag at Kakapathar) ৷ এই বেগটোক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ । অৱশ্যে কিছু সময়ৰ পিছত উদ্ধাৰ হোৱা বেগটোত ওলাল কাপোৰ আৰু নথিপত্ৰ । এই বেগটো এগৰাকী কলেজীয়া ছাত্ৰৰ বুলি জানিব পৰা গৈছে ।
কেনে আছে বৃটিছ উপনিৱেশৰ সাক্ষ্য বহনকাৰী বিজুলী প্ৰসাদ ?
বিজুলী প্ৰসাদ ৷ বগা চাহাবৰ ৰাজ আতিথ্য লাভ কৰা সমগ্ৰ দেশৰ ভিতৰতে আটাইতকৈ বয়স্ক হাতীটোৰ নামেই হৈছে বিজুলী প্ৰসাদ (Oldest elephant Bijuli Prashad) । শতবৰ্ষ গৰকাৰ পথত এতিয়া বিজুলী প্ৰসাদ ।
বিধায়ক শ্বেৰমান আলীৰ মন্তব্য, স্বাধীনতাৰ অমৃত মহোৎসৱৰ সোৱাদ লাভ কৰা নাই দেশৰ সকলো নাগৰিকে
বহু ত্যাগৰ বিনিময়ত স্বাধীনতা লাভ কৰিছিল ভাৰতে (75th Years of Independence) ৷ কিন্তু স্বাধীনতাৰ সুফল পোৱা নাই দেশবাসীয়ে ৷ আজিও দেশৰ এক তৃতীয়াংশ নাগৰিক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰি আছে ৷ ইয়াতকৈ আৰু আন দুৰ্ভাগ্যৰ কথা নাই ৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে (Sherman Ali Ahmed criticized BJP govt) ৷
অষ্টম শ্ৰেণীৰ পৰা বুৰঞ্জী আৰু ভূগোল বাধ্যতামূলক হোৱাৰ ঘোষণা মুখ্যমন্ত্রীৰ
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই(Chief Minister Dr Himanta Biswa Sarma)কয় যে বুৰঞ্জী নজনাৰ বাবেই জাতি জনগোষ্ঠীসমূহৰ মাজত সমন্বয়ৰ অভাৱ ঘটিছে । আমি আমাৰ ইতিহাস নজনাৰ বাবে বিতৰ্কিত কথাৰে পৰিৱেশ বিনষ্ট কৰো । এইখন অসমতে পৃথুৰ দৰে ৰজা আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এতিয়া বুৰঞ্জীৰ ওপৰত গুৰুত্ব দিয়াৰ সময় আহিছে ।
সীমান্তত জীৱশ্ৰেষ্ঠই হাতীক হত্যা কৰি কাটি নিলে অংগ
অসম-মেঘালয় সীমান্তৰ ৰাণীত সংঘটিত হ’ল এক জঘণ্য ঘটনা ৷ দুৰ্বৃত্তই এজনী মাইকী হাতীক হত্যা কৰি কাটি লৈ গ’ল শুঁৰৰ লগতে ভিন্ন অংশৰ মাংস ৷ মৃত হাতীজনীৰ কাষত এটা থ্ৰি নট থ্ৰি বন্দুকৰ গুলীৰ খালি কাৰ্টিজো উদ্ধাৰ কৰে বন বিভাগে (Elephant killed at Rani)।