ETV Bharat / state

সীমান্তত জীৱশ্ৰেষ্ঠই হাতীক হত্যা কৰি কাটি নিলে অংগ

author img

By

Published : Aug 13, 2022, 6:32 PM IST

অসম-মেঘালয় সীমান্তৰ ৰাণীত সংঘটিত হ’ল এক জঘণ্য ঘটনা ৷ দুৰ্বৃত্তই এজনী মাইকী হাতীক হত্যা কৰি কাটি লৈ গ’ল শুঁৰৰ লগতে ভিন্ন অংশৰ মাংস ৷ মৃত হাতীজনীৰ কাষত এটা থ্ৰি নট থ্ৰি বন্দুকৰ গুলীৰ খালি কাৰ্টিজো উদ্ধাৰ কৰে বন বিভাগে (Elephant killed at Rani)।

Elephant killed at Rani
সীমান্তত জীৱশ্ৰেষ্ঠই হাতীক হত্যা কৰি কাটি লৈ গ’ল শুঁৰ, মাংস

গুৱাহাটী, ১৩ আগষ্ট: গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অসম-মেঘালয় সীমান্তৰ ৰাণীৰ বেলগুৰীত চোৰাং চিকাৰীয়ে বন্দুকৰে গুলীয়াই এটা বনৰীয়া হাতীক নিধন কৰি হাতীটোৰ শুঁৰ, ডিঙিৰ মাংস আৰু পাছফালৰ অংশ কাটি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে (Elephant killed at Rani)।

প্ৰাপ্ত খবৰ মতে শুকুৰবাৰে বিয়লি কোনো দুৰ্বৃত্তই এটা হাতীক বেলগুৰিৰ মেঘালয় সীমান্তৰ গাতে লাগি থকা লচি পাহাৰত ক্ষত-বিক্ষত অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰি নিকটৱৰ্তী নালাপাৰা খণ্ড বন কাৰ্যালয়ত খবৰ দিয়ে । কিন্তু অভিযোগ মতে সন্ধিয়া হোৱাৰ লগতে অঞ্চলটোলৈ বহুদূৰ খোজ কাঢ়ি যাবলগীয়া হোৱাৰ অজুহাত দেখুৱাই বনকর্মীৰ দল ঘটনাস্থলীত উপস্থিত নহ’ল । অৱশ্যে শনিবাৰে পুৱা পলমকৈ হ’লেও ঘটনাস্থলীত উপস্থিত হয় ৰাণীৰ বন বিভাগৰ এটা দল (Rani Forest Division)।

ৰাণীৰ আঞ্চলিক বন বিষয়া জয়ন্ত গোস্বামীৰ নেতৃত্বত যোৱা বনকর্মীৰ দলটোৱে উৱলি যাবলৈ ধৰা হাতীৰ মৃতদেহৰ ওচৰত এটা থ্ৰি নট থ্ৰি বন্দুকৰ গুলীৰ খালি কাৰ্টিজ উদ্ধাৰ কৰে । পাচত ঘটনাস্থলীত উপস্থিত হয় ৰাণী আৰক্ষী চকী, মেঘালয়ৰ আৰক্ষী আৰু বন বিভাগৰ এটা দল । আনহাতে পৰৱৰ্তী সময়ত তাত উপস্থিত হয় বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী ৰোহিণী বল্লভ শইকীয়া, সহকাৰী বন সংৰক্ষক এ কে ডেকাসহ এটা বনকর্মীৰ দল ।

অসম আৰু মেঘালয়ৰ বন-আৰক্ষীৰ দলটোৱে প্ৰাৰম্ভিক তদন্তত মেঘালয়ৰ দিশৰ পৰা অহা চোৰাং চিকাৰীয়ে হাতীটোক কেবাদিনো পূৰ্বে গুলীয়াই হত্যা কৰি শুৰ, নেজকে ধৰি দেহৰ আন আন স্থানৰ মাংসখিনি কাটি লৈ যোৱাটো নিশ্চিত কৰে । পাচত বন বিভাগৰ আহ্বানমৰ্মে ৰাণী ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাঃ নাৰায়ণ দেউৰীয়ে পশু ক্ষেত্ৰ সহায়ক অসীম দাসক লগত লৈ ঘটনাস্থলীত উপস্থিত হয় আৰু মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে ।

মৰণোত্তৰ পৰীক্ষাৰ অন্তত হাতীটোক তাতে বনকর্মীৰ দলে গাত খান্দি সমাধিস্থ কৰে । ডাঃ নাৰায়ণ দেউৰীয়ে সদৰি কৰা অনুসৰি প্ৰায় ১৫ বছৰীয়া মাখুন্দীজনীক কমেও দুসপ্তাহ পূৰ্বে হত্যা কৰা হৈছে । ইফালে সীমান্তত বাস কৰা অসমৰ একাংশ লোকে জানিবলৈ দিয়া মতে মেঘালয়ৰ গাতে লাগি থকা অঞ্চল হিচাবে তাত মেঘালয়ৰ দিশৰ পৰা অহা চোৰাং চিকাৰীৰ দল গভীৰ অৰণ্যত চিকাৰৰ সন্ধানত মাজে-সময়ে হাতত বন্দুক লৈ ঘূৰি ফুৰা প্ৰত্যক্ষ কৰি আহিছে ।

পূৰ্বেতেও গভীৰ সীমান্তত গুলীয়াই হাতী নিধন কৰি মাংস লৈ যোৱাৰ দৰে ঘটনা সংঘটিত হৈছে । আনকি খাচী জনগোষ্ঠীৰ বুলি সন্দেহ কৰা মেঘালয়ৰ চোৰাং চিকাৰীয়ে সুযোগ বুজি পৰম্পৰাগত চিকাৰৰ গইনা লৈ বান্দৰ, কেৰ্কেটুৱা, চৰাই, হৰিণাকে ধৰি বিভিন্ন বনৰীয়া জীৱ-জন্তু হত্যা কৰি আহিছে (Wildlife killing at Assam Meghalaya border)।

লগতে পঢ়ক: World Elephant Day celebration, মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব হস্তী দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.