ETV Bharat / state

জ্যেষ্ঠ সাংবাদিক ডঃ জেচিম ৰাজাৰ মৃত্যু

author img

By

Published : Aug 13, 2022, 6:41 PM IST

জ্যেষ্ঠ সাংবাদিক ডঃ জেচিম ৰাজাৰ বিয়োগ । হৃদৰোগত আক্ৰান্ত সাংবাদিকগৰাকীৰ পুৱতি নিশা ৭৩ বছৰ বয়সত মৃত্যু (Senior journalist Jessim Raja dies)। সংবাদজগতত শোকৰ ছাঁ ।

Journalist
জ্যেষ্ঠ সাংবাদিক ডঃ জেচিম ৰাজাৰ মৃত্যু

গুৱাহাটী, ১৩ আগষ্ট : অসমৰ জ্যেষ্ঠ সাংবাদিক ডঃ জেচিম ৰাজাৰ শনিবাৰে বিয়োগ ঘটে (Journalist Jessim Raja passed away)। পুৱতি নিশা হৃদৰোগত আক্ৰান্ত হৈ ৭৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিকগৰাকীয়ে । যোৱা প্ৰায় এমাহ ধৰি অসুস্থ হৈ থকা জেষ্ঠ সংবাদিক ডঃ জেচিম ৰাজাক প্ৰথমে জি এম চি এইছত ভৰ্তি কৰোৱা হৈছিল । দুদিন পূৰ্বে তেওঁক 'পালন' নামৰ ৰিহেব চেন্টাৰত ভৰ্তি কৰোৱা হৈছিল ।

কিন্তু পুনৰ অসুস্থ হোৱাত যোৱা নিশা প্ৰায় ১২.৩০ বজাত মহানগৰীৰ এপ'ল' হাস্পতালত তেওঁক ভৰ্তি কৰোৱা হৈছিল যদিও পুৱতি নিশা ৰাজাৰ মৃত্যু হয় । ত্ৰিভাষিক তিনিদিনীয়া বাতৰি কাকত 'ৰাইজৰ সংবাদ'ৰ স্বত্বাধিকাৰী তথা সম্পাদক জেচিম ৰাজাই প্ৰথম খণ্ডৰ পৰা একাদশ খণ্ডলৈ মুঠ ১৮৭ টা সময়ৰ কবিতা প্ৰকাশ কৰি উলিয়াইছিল ।

হাস্পতালৰ পৰা জ্যেষ্ঠ সাংবাদিক জেচিম ৰাজাৰ মৃতদেহ পুৱা ৭.৩০ বজাত মাছখোৱাস্থিত তেওঁৰ বাসভৱনলৈ অনা হয় । বাসগৃহত তেওঁৰ আত্মীয়ৰ লগতে শুভাকাংক্ষীসকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

জানিব পৰা মতে নিশা ৯ বজাত আঠগাঁও কবৰস্থানত শেষকৃত্য সম্পন্ন কৰা হ'ব । জেচিম ৰাজা বিভিন্ন সামাজিক কৰ্মৰ লগতে খেল সম্পৰ্কীয় ক্লাৱ আৰু পশ্চিম গুৱাহাটী বিহু সন্মিলনীৰ সৈতেও জড়িত আছিল । ইফালে জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যুত সংবাদজগতত শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়ক:নিশা লখিমপুৰত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.