নিশা লখিমপুৰত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজনে

By

Published : Aug 13, 2022, 12:32 PM IST

thumbnail

শুকুৰবাৰে নিশা লখিমপুৰৰ ডুবিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ উপৰি শিশুসহ গুৰুতৰভাৱে আহত হয় আন দুজন(One dead and two injured in road accident) । এখন অচিনাকি বাহনে মটৰচাইকেলত খুন্দা মৰাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো । দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱাই মটৰ চাইকেল আৰোহী গৰাকীয়ে । আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাহনখনে । দুৰ্ঘটনাস্থলীত লালুক আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত শিশু আৰু আন এজন লোকক ততাতৈয়াকৈ লালুক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । দুৰ্ঘটনা সংঘটিত কৰা অচিনাকি বাহনৰ সন্ধান বৰ্তমালৈকে আৰক্ষীয়ে উলিয়াব পৰা নাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.