ETV Bharat / state

লখিমপুৰৰ ঐতিহাসিক ৰহধলা পুখুৰী পাৰত ৬৫ ফুট উচ্চতাৰ জাতীয় পতাকা উত্তোলন

author img

By

Published : Aug 13, 2022, 6:46 PM IST

লখিমপুৰত এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু ঐতিহাসিক ৰহধলা পুখুৰীৰ পাৰৰ ৬৫ ফুট উচ্চতাৰ জাতীয় পতাকা (65 feet tall national flag in Lakhimpur)। শনিবাৰে ঘৰে ঘৰে জাতীয় পতাকা কাৰ্যসূচীৰ অংশস্বৰূপে বিধায়ক মানৱ ডেকাই উত্তোলন কৰে বিশাল জাতীয় পতাকাখন । পতাকাখনৰ দৈৰ্ঘ্য দহ ফুট আৰু প্ৰস্থ পোন্ধৰ ফুট ।

national flag
লখিমপুৰৰ ঐতিহাসিক ৰহধলা পুখুৰী পাৰত ৬৫ ফুট উচ্চতাৰ জাতীয় পতাকা উত্তোলন

লখিমপুৰ, ১৩ আগষ্ট : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানত ৰাজ্যত আৰম্ভ হৈছে ঘৰে ঘৰে জাতীয় পতাকা কাৰ্যসূচীৰ (Har Ghar Tiranga mission in Assam) । অসমৰ বাকী জিলাসমূহৰ দৰে লখিমপুৰ জিলাও ব্যতিক্ৰম নহয় । লখিমপুৰৰ ঘৰে ঘৰে, চৰকাৰী আৰু বে-চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত জাতীয় পতাকা উত্তোলন কৰা দেখা গৈছে (Independence day preparation in Lakhimpur)। আনহাতে উত্তৰ লখিমপুৰ পৌৰ সভাৰ উদ্যোগত নগৰৰ ঐতিহাসিক ৰহধলা পুখুৰীৰ পাৰত পতাকা উত্তোলন কৰে স্থানীয় বিধায়ক মানৱ ডেকাই (Lakhimpur MLA hoists huge national flag)।

প্ৰায় ৬৫ ফুট উচ্চতাৰ বিশাল জাতীয় পতাকাখন উত্তোলন কৰি আনন্দিত বিধায়কগৰাকী (65 feet tall national flag hoisted in Lakhimpur)। পতাকাখনৰ দৈৰ্ঘ্য দহ ফুট দৈৰ্ঘ্য আৰু প্ৰস্থ পোন্ধৰ ফুট । লখিমপুৰ পৌৰ সভাৰ উদ্যোগত স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । বিধায়কগৰাকীৰ সৈতে এই কাৰ্যসূচীত উপায়ুক্ত সুমিত সাত্তাৱান আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লখিমপুৰৰ ঐতিহাসিক ৰহধলা পুখুৰী পাৰত ৬৫ ফুট উচ্চতাৰ জাতীয় পতাকা উত্তোলন

ইয়াৰ উপৰিও পৌৰসভাৰ বিষয়া-কৰ্মচাৰীৰ লগতে স্থানীয় লোকসকলেও কাৰ্য্যসূচীত অংশগ্রহণ কৰে । পতাকা উত্তোলন কৰি বিধায়ক মানৱ ডেকাই লখিমপুৰৰ কেতবোৰ উল্লেখযোগ্য আঁচনিৰ বিষয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে । বিধায়কগৰাকীয়ে জনোৱা মতে উক্ত পতাকাখন থকা স্থানত এখন উদ্যানৰ নিৰ্মাণকাৰ্য চলি আছে । অতি শীঘ্ৰে উদ্যানখনৰ নিৰ্মাণকাৰ্য সম্পন্ন হ'ব বুলিও তেওঁ উল্লেখ কৰে ।

ইফালে লখিমপুৰ ৰাইজৰ সুবিধাৰ্থে জিলাখনত আন কেইবাখনো অনুৰূপ উদ্যান নিৰ্মাণ হ'ব বুলিও বিধায়কগৰাকীয়ে সংবাদবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে । জিলাখনৰ নাগৰিকৰ বাবে চৰকাৰে লোৱা বিভিন্ন উন্নয়নমূলক পদক্ষেপ সম্পৰ্কে উল্লেখ কৰি বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক:জোনাইত আৰক্ষীৰ শেনচকুৰ মাজত স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.