ETV Bharat / state

বিধায়ক শ্বেৰমান আলীৰ মন্তব্য, স্বাধীনতাৰ অমৃত মহোৎসৱৰ সোৱাদ লাভ কৰা নাই দেশৰ সকলো নাগৰিকে

author img

By

Published : Aug 13, 2022, 6:56 PM IST

বহু ত্যাগৰ বিনিময়ত স্বাধীনতা লাভ কৰিছিল ভাৰতে (75th Years of Independence) ৷ কিন্তু স্বাধীনতাৰ সুফল পোৱা নাই দেশবাসীয়ে ৷ আজিও দেশৰ এক তৃতীয়াংশ নাগৰিক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰি আছে ৷ ইয়াতকৈ আৰু আন দুৰ্ভাগ্যৰ কথা নাই ৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে (Sherman Ali Ahmed criticized BJP govt) ৷

75th Years of Independence
স্বাধীনতাৰ অমৃত মহোৎসৱৰ সোৱাদ লাভ কৰা নাই দেশৰ সকলো নাগৰিকে মন্তব্য বিধায়ক শ্বেৰমান আলীৰ

বৰপেটা, 13 আগষ্ট : ‘‘আমি বগা চাহাবক খেদিলো ঠিকেই; কিন্তু দেশৰ সম্পদ একাংশ পুঁজিপতিয়ে কুক্ষিগত কৰি ৰাখিছে ৷ দেশৰ স্বাধীন হোৱাৰ পাচতো দেশৰ সকলো নাগৰিকে স্বাধীনতাৰ সুফল ভোগ কৰিব পৰা নাই’’ ৷ শুকুৰবাৰে বৰপেটাত উপস্থিত হৈ এই সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে (Sherman Ali Ahmed criticized BJP govt)৷

লগতে তেওঁ কয়, ‘‘বিজেপি নেতৃত্বাধীন চৰকাৰখনে বিগত 7 বছৰত দেশৰ সম্পদ বিক্ৰী কৰাৰ লগতে বিজেপিৰ ঘনিষ্ঠ একাংশ পুঁজিপতিৰ কোটি কৌটি টকাৰ বেংক ঋণ মাফ কৰি দিছে ৷ লগতে আন একাংশই দেশৰ ধন লুটি বিদেশলৈ পলাই গৈছে ৷ ফলত দেশৰ অৰ্থনীতি ভাঙি পৰিছে’’ ৷

স্বাধীনতাৰ অমৃত মহোৎসৱৰ সোৱাদ লাভ কৰা নাই দেশৰ সকলো নাগৰিকে মন্তব্য বিধায়ক শ্বেৰমান আলীৰ

বিধায়কগৰাকীয়ে আৰু কয়, ‘‘চলিত বছৰটোক যদিও স্বাধীনতাৰ অমৃত মহোৎসৱ বুলি কোৱা হৈছে, কিন্তু স্বাধীনতাৰ এই অমৃতৰ সোৱাদ সকলো নাগৰিকে উপভোগ কৰিব পাৰিলে ভাল আছিল ৷ যিটো হৈ উঠা নাই’’ ৷ অৱশ্যে শাসনাধিষ্ঠিত চৰকাৰখনে জাৰী কৰা হৰ ঘৰ ত্ৰিৰংগা (Har Ghar Tiranga) কাৰ্যসূচীৰ প্ৰতি সমৰ্থন জনাই বিধায়ক শ্বেৰমান আলী আহমেদে ৷

লগতে পঢ়ক : অমৃত মহোৎসৱৰ এই প্ৰচেষ্টা আদৰণীয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.