ETV Bharat / state

অষ্টম শ্ৰেণীৰ পৰা বুৰঞ্জী আৰু ভূগোল বাধ্যতামূলক হোৱাৰ ঘোষণা মুখ্যমন্ত্রীৰ

author img

By

Published : Aug 13, 2022, 5:55 PM IST

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই(Chief Minister Dr Himanta Biswa Sarma)কয় যে বুৰঞ্জী নজনাৰ বাবেই জাতি জনগোষ্ঠীসমূহৰ মাজত সমন্বয়ৰ অভাৱ ঘটিছে । আমি আমাৰ ইতিহাস নজনাৰ বাবে বিতৰ্কিত কথাৰে পৰিৱেশ বিনষ্ট কৰো । এইখন অসমতে পৃথুৰ দৰে ৰজা আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এতিয়া বুৰঞ্জীৰ ওপৰত গুৰুত্ব দিয়াৰ সময় আহিছে ।

ৱ

গুৱাহাটী, ১৩ আগষ্ট: আগন্তুক শিক্ষাবৰ্ষৰ পৰা অসমৰ শৈক্ষিক ক্ষেত্রত সংযোজিত হ'ব বুৰঞ্জী আৰু ভূগোল । অষ্টম শ্ৰেণীৰ পৰা ভাৰত বুৰঞ্জীৰ লগতে অসম বুৰঞ্জী বাধ্যতামূলক হ'ব । লগতে বাধ্যতামূলক হ'ব ভূগোল । এইক্ষেত্রত পাঠ্যক্ৰম প্ৰস্তুত কৰি থকা হৈছে । এই কথা সদৰি কৰিছে মুখ্যমন্ত্রী ড৹হিমন্ত বিশ্ব শৰ্মাই(Chief Minister Dr Himanta Biswa Sarma)। উল্লেখ্য় যে ৰাজ্যৰ অন্যতম ভূমিপুত্র মৰাণ জনগোষ্ঠীৰ আধাৰত ৰচনা কৰা 'মৰাণ জনগোষ্ঠীৰ বুৰঞ্জী'(History of Moran tribe)শীৰ্ষক গ্ৰন্থখন শণিবাৰে জনতা ভৱনত উন্মোচন কৰা হয় । অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম মৰাণ সভাৰ(Assam Moran Sabha) সহযোগত আয়োজন কৰা অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰে মুখ্যমন্ত্রী ড৹শৰ্মাই ।

Chief Minister Dr Himanta Biswa Sarma
অষ্টম শ্ৰেণীৰ পৰা বুৰঞ্জী আৰু ভূগোল বাধ্যতামূলক হোৱাৰ ঘোষণা মুখ্যমন্ত্রীৰ

উক্ত উন্মোচনী অনুষ্ঠানত মুখ্যমন্ত্রী ড৹হিমন্ত বিশ্ব শৰ্মাই বুৰঞ্জীৰ প্ৰসংগত কয়, 'আমি আমাৰ বুৰঞ্জী নজনাৰ বাবেই জাতি-জনগোষ্ঠীসমূহৰ মাজত সমন্বয়ৰ অভাৱ ঘটিছে।' ভাষণ প্ৰসংগত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে অহা বছৰৰ পৰা অষ্টম শ্ৰেণীৰ পৰা বুৰঞ্জী আৰু ভূগোল বিষয় বাধ্যতামূলক হ'ব । তেওঁ লগতে কয় যে অসমৰ জাতি গঠন প্ৰক্ৰিয়াত কেইবাটাও জাতি-জনগোষ্ঠীৰ ইতিহাস জড়িত হৈ আছে শিক্ষাৰ্থীসকলৰ মাজত বুৰঞ্জীৰ চৰ্চা কমকৈ হোৱাৰ ফলতে সামাজিক বিশৃংখলতাৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয়,'আমি আমাৰ ইতিহাস নজনাৰ বাবে বিতৰ্কিত কথাৰে পৰিৱেশ বিনষ্ট কৰো ।' তেওঁ কয় যে এইখন অসমতে পৃথুৰ দৰে ৰজা(King Prithu)আছিল যিজনে প্ৰথম মুছলমানৰ শাসন ওফৰাই দিছিল ।

Chief Minister Dr Himanta Biswa Sarma
অষ্টম শ্ৰেণীৰ পৰা বুৰঞ্জী আৰু ভূগোল বাধ্যতামূলক হোৱাৰ ঘোষণা মুখ্যমন্ত্রীৰ

ৰাজ্যখনত অসম বুৰঞ্জী অধ্য়য়নৰ ক্ষেত্রত শিক্ষাৰ্থীৰ অভাৱ থকাৰ কথা মুখ্যমন্ত্রী ড৹হিমন্ত বিশ্ব শৰ্মাই প্ৰসংগক্ৰমে উল্লেখ কৰি কয় যে বুৰঞ্জীৰ ওপৰত গুৰুত্ব দিয়াৰ সময় আহি পৰিছে । তেওঁ মৰাণ জনগোষ্ঠীৰ গৌৰৱোজ্বল ইতিহাসৰ কথা উল্লেখ কৰি কয় যে গ্ৰন্থখনে মৰাণ জনগোষ্ঠীৰ ইতিহাস, পৰম্পৰা, ঐতিহ্য, সংস্কৃতি, ৰাজনৈতিক দিশ উন্মোচন কৰিছে । ছাত্ৰ-ছাত্ৰী, গৱেষক সকলৰ বাবে গ্ৰন্থখন এখন দস্তাবেজ হ'ব বুলি তেওঁ উল্লেখ কৰে । উক্ত অনুষ্ঠানত সাংসদ পবিত্র মাৰ্ঘেৰিটা(MP Pabitra Margherita),বিধায়ক বলিন চেতিয়া,বিধায়ক সুৰেন ফুকন,গ্ৰন্থখনৰ সম্পাদক ড৹নিৰোদ বৰুৱা,মৰাণ সভাৰ সভাপতি ৰাজীৱ বৰাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক:মহানগৰীত প্ৰভাত ফেৰীত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.