ETV Bharat / state

কেনে আছে বৃটিছ উপনিৱেশৰ সাক্ষ্য বহনকাৰী বিজুলী প্ৰসাদ ?

author img

By

Published : Aug 13, 2022, 6:50 PM IST

বিজুলী প্ৰসাদ ৷ বগা চাহাবৰ ৰাজ আতিথ্য লাভ কৰা সমগ্ৰ দেশৰ ভিতৰতে আটাইতকৈ বয়স্ক হাতীটোৰ নামেই হৈছে বিজুলী প্ৰসাদ (Oldest elephant Bijuli Prashad) । শতবৰ্ষ গৰকাৰ পথত এতিয়া বিজুলী প্ৰসাদ ।

কেনে আছে বৃটিছ উপনিৱেশৰ সাক্ষ্য বহনকাৰী বিজুলী প্ৰসাদ ?
কেনে আছে বৃটিছ উপনিৱেশৰ সাক্ষ্য বহনকাৰী বিজুলী প্ৰসাদ ?

বিশ্বনাথ, 13 আগষ্ট : বিজুলী প্ৰসাদ ৷ নামটো হয়তু সকলোৰে বাবে চিনাকী ৷ হয়, আপোনালোকে ভবা সেই বিজুলী নামৰ হাতীটোৰ কথাই কৈছো ৷ ভাৰতৰ আটাইতকৈ বয়স্ক জীৱিত হাতীটো বৰ্তমান আছে বিহালী সমষ্টিত (Indias oldest Elephant bijuli Prasad) ।

তথ্য অনুসৰি, বৃটিছ উপনিৱেশৰ সাক্ষ্য বহনকাৰী ভাৰতৰ আটাইতকৈ বয়স্ক জীৱিত হাতীটোৰ নাম হৈছে বিজুলী প্ৰসাদ । পূৰ্বে বিজুলিক বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বৰগাঁও চাহ বাগিছাত ৰখা হৈছিল যদিও সম্প্ৰতি জিলাখনৰে বিহালী চাহ বাগিছাৰ বাসিন্দা বিজুলী প্ৰসাদ ।

আজিও সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা বিজুলীৰ খবৰ ৰাখে ইংৰাজ চাহাবে । প্ৰায় 86 বছৰ পূৰ্বে উইলিয়ামছন মেগৰ টি কোম্পানীয়ে ক্ৰয় কৰিছিল হাতীটো । বৃটিছৰ অলিভাৰ চাহাবে হাতীটোক নাম দিছিল বিজুলী প্ৰসাদ । মেগৰ কোম্পানীৰ পৰিয়ালৰ সদস্য হৈ পৰা বিজুলী এসময়ত হৈ পৰিছিল কোম্পানীটোৰ আভিজাত্যৰ প্ৰতীক ।

কেনে আছে বৃটিছ উপনিৱেশৰ সাক্ষ্য বহনকাৰী বিজুলী প্ৰসাদ ?

বিজুলীৰ খাদ্য তালিকাত আছে প্ৰতিদিনে 25 কেজি চাউল, সম পৰিমাণৰ গোমধান, বুটমাহ আৰু সপ্তাহত কেইবাগাড়ীও কলগছ ৷ এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে চাহ বাগিচাৰ কৰ্তৃপক্ষই । আনকি বিজুলী প্ৰসাদক পৰিচৰ্যাৰ বাবে বৃটিছৰ অলিভাৰ চাহাবে নিয়োগ কৰিছিল কেইবাজনো কৰ্মচাৰী । বৰ্তমান টমাছ মুণ্ডা আৰু নৰেশ সৰকাৰে চোৱা চিতা কৰি আছে বিজুলীক ৷

প্ৰতি সপ্তাহতে বিজুলী প্ৰসাদৰ শৰীৰৰ ওজন পৰীক্ষা কৰাৰ লগতে নিয়মিত বিজুলীৰ স্বাস্থ্য পৰীক্ষা কৰি পঠোৱা হয় বাগিচাখনৰ মুখ্য কাৰ্যালয় কলিকতালৈ । বৰ্তমান পুৱাই বিজুলীক দিয়া হয় 25 কেজি খাদ্য ৷ বিজুলীৰ খাদ্যৰ তালিকাত আছে চাউল, গোমধান আৰু বুটমাহৰ লগতে দৈনিক যোগান ধৰা হয় কলগছ ৷

বিজুলীক পৰিচৰ্যা কৰোতে বছৰি 6 লাখ টকা খৰচ হয় ৷ অৱশ্য বিজুলীৰ নামত খৰচ হোৱা সমুদায় ধন ব্যয় কৰে চাহ কোম্পানীয়ে ৷ পশু চিকিৎসক ডাঃ কে কে শৰ্মাৰ তত্বাৱধানত হাতীটোক এতিয়াও নিয়মিত স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে জোখা হয় ওজন ৷ ইপিনে, আজিও যদি বিজুলী প্ৰসাদৰ স্বাস্থ্যৰ খবৰ চাহ কোম্পানীৰ কলিকতাস্থিত মুখ্যকাৰ্যালয়ত পোৱাত বিলম্ব হয়, তেন্তে মুখ্য কাৰ্যালয়ৰ ভিতৰ চ'ৰাত লাগে খদম দম ।

এতিয়া এনেদৰেই সম্পূৰ্ণ ৰাজ আতিথ্যত দিন অতিবাহিত কৰিছে বৃটিছ আভিজাত্যৰ প্ৰতীক বিজুলী প্ৰসাদে । শুকুৰবাৰে বিশ্ব হস্তী দিৱস (World Elephant Day) উপলক্ষে বিহালী চাহ বাগিছাৰ ৰঙাগড়া ডিভিজনত অনুষ্টুপীয়াকৈ আয়োজন কৰ হয় এক বিশেষ অনুষ্ঠানৰ ৷ য’ত পুৱাই বিজুলীক গা-পা ধোঁৱাই সজাই পৰাই পালন কৰা হয় হস্তী দিৱস ৷

কৰ্ণাটকৰ বয়স্ক হাতী চামুণ্ডা প্ৰসাদৰ 82 বছৰ বয়সত মৃত্যু হোৱাৰ পিছত এতিয়া বিজুলী প্ৰসাদেই দেশৰ বৰ্ষীয়ান হাতী হিচাপে স্বীকৃতি লাভ কৰিছে৷ ETV Bharat অসমৰ তৰফৰ পৰাও বিজুলীৰ দীৰ্ঘায়ু তথা সুস্বাস্থ্য কামনা কৰিলো ৷

লগতে পঢ়ক : World Elephant Day, কাজিৰঙাত নোৱাই-ধুৱাই পূজা কৰা হ’ল পোহনীয়া হাতীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.