ETV Bharat / state

মাজুলীত কোনোমতে ৰক্ষা পৰিল এখন ফেৰী

author img

By

Published : Aug 13, 2022, 5:56 PM IST

মাজুলীত প্ৰচণ্ড ধুমুহা । অফলামুখঘাটত ধুমুহাৰ কৱলত পৰি কোনোমতে ৰক্ষা পৰিল এখন ফেৰী (A ferry in the grip of a storm in Majuli)। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰীৰ তৎপৰতাত ৰক্ষা পৰিল ফেৰী আৰু কেইবাখনো বাহন ।

storm
মাজুলীত কোনোমতে ৰক্ষা পৰিল এখন ফেৰী

মাজুলী,১৩ আগষ্ট : ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ অঘটন । যোৱা ৮ ছেপ্টেম্বৰৰ মাজুলীৰ ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল এখন ফেৰী । অফলামুখত ধুমুহাৰ ফলত ভয়ংকৰ পৰিস্থিতি (Severe storm in Majuli)। ধুমুহাৰ ফলত সৃষ্টি হোৱা নৈৰ ঢৌত এখন ফেৰী উটুৱাই লৈ যোৱাৰ উপক্ৰম হয় ।

যাৰ বাবে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় মাজুলীৰ আফলমুখত (Incident at Afalamukh Ghat in Majuli)। অৱশ্যে ঘাটৰ কৰ্মচাৰীসকলৰ তৎপৰতাত কোনোমতে উটি যোৱাৰ পৰা ৰক্ষা পৰে ফেৰীখন । লক্ষণীয়ভাৱে ফেৰীখনৰ ওপৰত আছিল কেইবাখনো বাহন । বাহনবোৰৰ ভিতৰত আছিল চাৰিচকীয়া আৰু দুচকীয়া বাহন ।

মাজুলীত কোনোমতে ৰক্ষা পৰিল এখন ফেৰী

কৰ্মচাৰী তথা সেই স্থানত উপস্থিত থকা লোকসকলে অতি বিপদজনক পৰিস্থিতিৰ মাজেৰে ফেৰীখন বান্ধি ৰাখিবলৈ সক্ষম হয় । ফেৰীখনৰ ওপৰত কেইবাজনো লোকো আছিল । এই ঘটনাৰ পাছতে অফলামুখৰ যাত্ৰীসকল আতংকিত হৈ পৰিছে । ইফালে আভ্যন্তৰীণ জন পৰিবহণ বিভাগৰ কৰ্মচাৰীসকলে অতি কষ্টৰে ৰুষ্ট প্ৰকৃতিৰ সৈতে যুঁজ দিয়া দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰীৰ আহ্বানক সঁহাৰি জনাই বৰপেটাত দোভাগ নিশা উত্তোলন ৰাষ্ট্ৰীয় পতাকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.