ETV Bharat / state

বিজেপি দলৰ বিৰুদ্ধে পুনৰ সোচ্ছাৰ আব্দুল খালেক

author img

By

Published : Aug 13, 2022, 6:44 PM IST

Congress
বিজেপি দলৰ বিৰুদ্ধে পুনৰ সোচ্ছাৰ আব্দুল খালেক

৭৫ বছৰীয়া স্বাধীনতা দিৱসক লৈ কংগ্ৰেছ আৰু বিজেপিৰ পৃথক কাৰ্যসূচী । কংগ্ৰেছক সমালোচনা কৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ সাংসদ আব্দুল খালেক (Abdul Khalek criticized BJP)। স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ নকৰা দল-সংগঠনে কংগ্ৰেছ দলক দেশপ্ৰেমৰ শিক্ষা দিব নালাগে বুলি কয় সাংসদগৰাকীয়ে ।

ৰঙিয়া,১৩ আগষ্ট : দেশৰ স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন । সকলোতে চলিছে স্বাধীনতা দিৱসৰ প্ৰস্তুতি (Independence Day preparation)। ৰাজনৈতিক দলসমূহেও নিজাববীয়াকৈ দেশৰ ৭৫ বছৰীয়া স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি পৃথকে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে । ইতিমধ্যে বিজেপি দলে অসমত ঘৰে ঘৰে জাতীয় পতাকা (Har Ghar Tiranga) শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰিছে ।

কংগ্ৰেছ দলেও স্বাধীনতাৰ গৌৰৱময় যাত্ৰা (Congress Rally over Independence Day) শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰিছে । কিন্তু ইয়াৰ মাজতে বিজেপি আৰু কংগ্ৰেছ দলৰ নেতাসকলৰ মাজত বাক-বিতণ্ডা হোৱাও দেখা গৈছে । বিজেপিৰ ঘৰে ঘৰে জাতীয় পতাকা কাৰ্যসূচীক সমালোচনা কৰিছে একাংশ কংগ্ৰেছ নেতাই ।

বিজেপি দলৰ বিৰুদ্ধে পুনৰ সোচ্ছাৰ আব্দুল খালেক

ইয়াৰ মাজতে ৰঙিয়াত কংগ্ৰেছৰ সাংসদ আব্দুল খালেকৰ বিস্ফোৰক মন্তব্য । স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ নকৰা দল-সংগঠনে কংগ্ৰেছ দলক দেশপ্ৰেমৰ শিক্ষা দিব নালাগে বুলি কয় সাংসদগৰাকীয়ে (Congress MP Abdul Khalek slams BJP)। সাংসদগৰাকীৰ মতে কংগ্ৰেছৰ প্ৰতিজন কৰ্মীৰেই দেহৰ সিৰে সিৰে দেশপ্ৰেমৰ ভাৱনা বৈ আছে । ৰঙিয়াৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি এনেদৰে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে ।

বিজেপিৰ বিৰুদ্ধে কৌশলী মন্তব্য কৰি কংগ্ৰেছৰ নেতা গৰাকীয়ে কয় যে যি দলে দেশৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা নাছিল বা তেওঁলোকৰ কোনো লোকে কাৰাগাৰত থকা নাছিল বা শ্বহীদ হোৱা নাছিল তেনে দলে কংগ্ৰেছক দেশপ্ৰেমৰ শিক্ষা দিব নালাগে । লগতে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা আৰু কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই কংগ্ৰেছক লৈ কৰা মন্তব্যৰো তীব্ৰ বিৰোধিতা কৰি সাংসদ আব্দুল খালেকে কয় যে ভৱেশ কলিতাই দেশ আৰু ৰাজ্য কংগ্ৰেছমুক্ত হোৱা বুলি দাবী কৰিছিল যদিও বিহাৰৰ উদাহৰণে অন্য এক প্ৰেক্ষাপটতহে দাঙি ধৰা পৰিলক্ষিত হৈছে ।

আনহাতে বিধায়ক দিগন্ত কলিতাই কংগ্ৰেছৰ বিধায়কক লৈ কৰা মন্তব্যৰ কঠোৰ সমালোচনা কৰি সাংসদগৰাকীয়ে কয় যে কংগ্ৰেছৰ পুনৰুত্থান হ'লে আন বহু নেতাৰ লগতে দিগন্ত কলিতাইয়ো কংগ্ৰেছৰ দিশত ধাৱমান হ'ব ।

লগতে পঢ়ক :নগাঁৱত স্বাধীনতাৰ অমৃত মহোৎসৱৰ বিশাল ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.