অসম

assam

Murder in Biswanath: পিতৃক হত্যা কৰি ৰঙাঘৰলৈ পুত্ৰ

By

Published : Jun 25, 2022, 5:20 PM IST

বিশ্বনাথৰ তৰাজুলিত অঘটন ৷ এইবাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ (Son killed father in Biswanath)৷ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য ৷

Murder in Biswanath
পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ

বিশ্বনাথৰ, ২৫ জুন :শুকুৰবাৰে নিশা বিশ্বনাথত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড (Biswanath murder case)। নিজ পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ (Son killed father in Biswanath)। তথ্য অনুসৰি, বিশ্বনাথ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী তৰাজুলি টঙীয়া গাঁৱত সংঘটিত হয় এই হত্যাকাণ্ডটো ৷

ঘটনাৰ বিৱৰণি অনুসৰি, এটা সামান্য কথাতে শুকুবাৰে নিশা প্ৰায় ১০ বজাত সুৰাসক্ত অৱস্থাত থকা চোলে তেৰণ (২৩) নামৰ যুৱকজনে তেওঁৰ পিতৃ সিং তেৰণৰ (৫৫) মাজত সৃষ্টি হয় তৰ্ক যুদ্ধৰ ৷ তাৰ পাচত সুৰাৰ ৰাগিত মাতাল হৈ পুত্ৰ চোলে তেৰণে কাঠ-খৰিৰ এটা টুকুৰাৰে প্ৰহাৰ কৰে পিতৃ সিং তেৰণক ৷ পুত্ৰৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় সিং তেৰণ ৷

পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ

তাৰ পাচত পুত্ৰৰ প্ৰহাৰৰ ফলত ঘৰৰ এটা চুকত পৰি ৰয় সিং তেৰণ ৷

শনিবাৰে পুৱতি নিশা প্ৰায় ৩:৩০ বজাত পিতৃৰ স্বাস্থ্যৰ বুজ ল’বলৈ পুত্ৰ চোলে তেৰণ সিং তেৰণৰ কাষলৈ আহে ৷ তেতিয়াই পিতৃৰ মৃত্যু হোৱা বুলি অনুমান কৰে পৰিয়ালৰ আন সদস্যই ৷ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত গাঁওৰক্ষী বাহিনীয়ে খবৰ দিয়ে বালিচাং আৰক্ষীক ৷ খবৰ পোৱাৰ মাত্ৰে ঘটনাস্থলীত উপস্থিত হৈ বালিচাং আৰক্ষীয়ে উদ্ধাৰ কৰে সিং তেৰণৰ মৃতদেহ ৷ তথ্য অনুসৰি, ঘটনা সন্দৰ্ভত বালিচাং আৰক্ষীয়ে আটক কৰে অভিযুক্ত চোলে তেৰণক ৷ তথ্য অনুসৰি, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত ৷

ইফালে স্থানীয় ৰাইজৰ অভিযোগ, দীৰ্ঘদিন ধৰি অবৈধ অৰুণাচলী সুৰা আৰু চুলাইৰ মুকলি বেহাৰ বাবেই সঘনে এনে ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে ৷ এই ক্ষেত্ৰত প্ৰশাসনক কিছু কঠোৰ হ’বলৈ দাবী কৰে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক :Murder in Nalbari: পিতৃক হত্য়া কৰি পুত্ৰই পান কৰিলে বিহ

ABOUT THE AUTHOR

...view details