ETV Bharat / state

Murder in Nalbari: পিতৃক হত্য়া কৰি পুত্ৰই পান কৰিলে বিহ

author img

By

Published : Apr 20, 2022, 4:57 PM IST

নলবাৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড । চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পিতৃক হত্যা কৰিলে পুত্ৰই (Son killed father in Nalabari)৷ আক্ৰমণত গুৰুতৰভাৱে আহত ভাতৃ ৷

Murder in Nalbari
পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ, গুৰুতৰভাৱে আহত ভাতৃ

নলবাৰী, ২০ এপ্ৰিল: নলবাৰীত নিশা সংঘটিত হ’ল চাঞ্চল্যকৰ হত্যাকাণ্ড । নিজ পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ (Son killed father in Nalabari)। ককায়েকৰ চুৰিকাঘাতত গুৰুতৰভাৱে আহত হ’ল সেনা বাহিনীত কৰ্মৰত ভাতৃ । নলবাৰীৰ দিহজাৰীত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা ।

পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবেই নিশা উন্মত্ত হৈ জ্যেষ্ঠ পুত্ৰ জয়ন্ত বৈশ্যই পিতৃ লখেশ্বৰ বৈশ্য আৰু ভাতৃ বাপুকণ বৈশ্যক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে । নিজ পুত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা পিতৃ লখেশ্বৰ বৈশ্যৰ চিকিৎলায়লৈ নিয়াৰ পথত মৃত্যু হয় (Murder in Nalbari)। আনহাতে মুমূৰ্ষু অৱস্থাত চিকিৎসাধীন হৈ আছে বাপুকণ বৈশ্য ।

পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ, গুৰুতৰভাৱে আহত ভাতৃ

ইপিনে এই বৰ্বৰ কাণ্ড সংঘটিত কৰি জয়ন্ত বৈশ্যয়ো আত্মহত্যাৰ অপচেষ্টা কৰে । বিহপান কৰি পাগলাদিয়া নৈত জাপ দি আত্মহত্যাৰ অপচেষ্টা কৰে জয়ন্ত বৈশ্যই । বুধবাৰে পাগলাদিয়াৰ বালিচৰত জয়ন্ত বৈশ্যক অচেতন অৱস্থাত উদ্ধাৰ কৰে স্থানীয় ৰাইজে । সম্প্ৰতি জয়ন্ত বৈশ্য নলবাৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

পিতৃক পানী পৰা ঘৰত ৰাখি ডাঙৰ পুত্ৰ পকী ঘৰত থকা কাৰ্যত অসন্তুষ্ট হৈ ঘৰলৈ অহা সেনাবাহিনীৰ জোৱান কনিষ্ঠ পুত্ৰ বাপুকণ বৈশ্যই ককায়েকক কিছু গালি গালাজ কৰিছিল । এই কথাক লৈয়ে সংঘটিত হ’ল লংকাকাণ্ড । এই বৰ্বৰ কাণ্ডই সমগ্ৰ অঞ্চলটোতে উদ্বিগ্নতাৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক: কোকৰাঝাৰত আৰক্ষী-উগ্ৰপন্থীৰ গুলীয়াগুলীত নিহত গো-মাফিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.