ETV Bharat / state

কোকৰাঝাৰত আৰক্ষী-উগ্ৰপন্থীৰ গুলীয়াগুলীত নিহত গো-মাফিয়া

author img

By

Published : Apr 19, 2022, 7:12 PM IST

গোসাইগাঁৱৰ যমদুৱাৰত আৰক্ষীৰ ওপৰত অচিনাক্ত উগ্ৰপন্থীৰ এম্বুশ্ব (Extremist ambush on police in Kokrajhar) ৷ আৰক্ষীৰ ওপৰত চলোৱা এই এম্বুশ্বত চাৰি জন আৰক্ষী জোৱান আহত হোৱাৰ লগতে আৰক্ষীৰ সৈতে থকা দুই আন্তঃৰাষ্ট্ৰীয় গৰু মাফিয়া নিহত হয় ৷ নিহত গৰু মাফিয়া দুগৰাকীক উত্তৰপ্ৰদেশৰ মীৰাটৰ আকবৰ বানজাৰা আৰু ছলমান বানজাৰা বুলি জানিব পৰা গৈছে ।

extremist-ambush-on-police-in-kokrajhar-two-of-international-cattle-mafia-died
কোকৰাঝাৰত আৰক্ষীৰ ওপৰত উগ্ৰপন্থীৰ এম্বুছত নিহত হ’ল গৰু মাফিয়া

কোকৰঝাৰ, ১৯ এপ্ৰিল : কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ যমদুৱাৰত মঙলবাৰে পুৱতি নিশা আৰক্ষীৰ বিৰুদ্ধে এক ভয়ংকৰ এম্বুশ্বৰ ঘটনা সংঘটিত হয় (Ambush on police in Kokrajhar) ৷ অচিনাক্ত উগ্ৰপন্থীয়ে আৰক্ষীৰ ওপৰত চলোৱা এই এম্বুশ্বত চাৰিজনকৈ আৰক্ষী জোৱান আহত হোৱাৰ লগতে আৰক্ষীৰ সৈতে থকা দুই আন্তঃৰাষ্ট্ৰীয় গো-মাফিয়া নিহত হয় (International cattle mafia died) ৷ উগ্ৰপন্থীৰ এম্বুশ্বত নিহত গৰু মাফিয়া দুগৰাকীক উত্তৰপ্ৰদেশৰ মীৰাটৰ আকবৰ বানজাৰা আৰু ছলমান বানজাৰা বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে, কেইদিনমান পূৰ্বে গোচৰ নং 23/2022 U/S ৰ অধীনত আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 279/353/307/289/ 379/411 IPC & r/w sec-11 (a)(d) (e) (h) o PCA Act. R/W section 17/18/39/40 of UA (P) ACT মৰ্মে উত্তৰপ্ৰদেশৰ মীৰাটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল গৰু মাফিয়া আকবৰ বানজাৰা আৰু ছলমান বানজাৰাক ৷

গৰুৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং চক্ৰৰ (International racket of cattle mafia) সৈতে হাৱলাযোগে ধনৰ লেনদেন কৰিছিল মাফিয়া আকবৰ বানজাৰা আৰু ছলমান বানজাৰাই ।

কোকৰাঝাৰত আৰক্ষীৰ ওপৰত উগ্ৰপন্থীৰ এম্বুছত নিহত হ’ল গৰু মাফিয়া

আৰক্ষীৰ জেৰা তথা অনুসন্ধানত অসম-পশ্চিমবংগ সীমান্তৰ সোণকোষ নদীৰে অবৈধভাৱে গৰু সৰবৰাহ কৰাৰ তথ্য পোহৰলৈ আহে । এই সমগ্ৰ তথ্য পৰীক্ষণৰ বাবে আৰক্ষীয়ে আজি পুৱতি নিশা দুই মাফিয়াক লগত লৈ যমদুৱাৰ অঞ্চললৈ বুলি যায় ৷ কিন্তু আৰক্ষীয়ে উক্ত অঞ্চল পোৱাৰ লগে লগেই পূৰ্বৰে পৰা এম্বুশ্ব লৈ থকা উগ্ৰপন্থীয়ে আৰক্ষীলৈ গুলীবৰ্ষণ কৰে ।

হঠাতে হোৱা আক্ৰমণত দিশহাৰা হৈ পৰা আৰক্ষীয়ে ততালিকে গাড়ীৰ পৰা জপিয়াই নামি পজিচন লৈ গুলীচালনাৰে প্ৰত্যুত্তৰ দিয়ে । আৰক্ষী আৰু উগ্ৰপন্থীৰ দলটোৰ মাজত প্ৰায় ১০-১২ মিনিট ধৰি গুলীচালনা হয় । ইপিনে, আৰক্ষীৰ গাড়ীৰ ভিতৰত থকা গৰু মাফিয়া আকবৰ বানজাৰা আৰু ছলমান বানজাৰা উগ্ৰপন্থীৰ গুলীত থকাসৰকা হয় ।

গুলীচালনা বন্ধ হোৱাৰ পিছত আৰক্ষীয়ে আকবৰ বানজাৰা আৰু ছলমান বানজাৰাক উদ্ধাৰ কৰি শৰাইবিল প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ লৈ আনে যদিও চিকিৎসকে গুলীবিদ্ধ আকবৰ বানজাৰা আৰু ছলমান বানজাৰাক মৃত বুলি ঘোষণা কৰে ।

ইপিনে, ঘটনাস্থলীৰ আশে-পাশে আৰক্ষীয়ে অভিযান চলাই এটা একে ৪৭ ৰাইফল, দুটা মেগজিন, ৩৫ জাঁই সজীৱ গুলী উদ্ধাৰ কৰিছে । লগতে ঘটনাস্থলীৰ পৰা একে ৪৭ ৰাইফৰ ২৮ জাঁই খালী কাৰ্টিজ আৰক্ষীয়ে উদ্ধাৰ কৰে । আনহাতে, উগ্ৰপন্থীৰ এম্বুশ্বত আহত হোৱা চাৰিগৰাকীকৈ আৰক্ষী জোৱান সম্প্ৰতি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ৰিপুন বৰাক বহল অন্তৰৰ মানুহ আখ্যা ৰকিবুল হুছেইনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.