ETV Bharat / state

ৰিপুন বৰাক বহল অন্তৰৰ মানুহ আখ্যা ৰকিবুল হুছেইনৰ

author img

By

Published : Apr 19, 2022, 5:07 PM IST

Updated : Apr 19, 2022, 5:33 PM IST

ৰিপুন বৰাৰ কংগ্ৰেছ ত্যাগক লৈ (Ripun Bora's resignation from congress) কংগ্ৰেছৰ সকলোৱে তীৰ্যক মন্তব্য প্ৰদান কৰাৰ বিপৰীতে ৰিপুন বৰাৰ অভিযোগক একপ্ৰকাৰ সমৰ্থন দিলে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে । চাও আহক কি ক’লে ৰকিবুল হুছেইনে ৷

Rakibul Hussain on Ripun Bora's TMC journey
ৰিপুন বৰাক বহল অন্তৰৰ মানুহ আখ্যা ৰকিবুল হুছেইনৰ

নগাঁও, 19 এপ্ৰিল : বিগত পোন্ধৰ বছৰে ক্ষমতাত থাকি ক্ষমতাচ্যুত হোৱা বহু কংগ্ৰেছী নেতাই যেন এতিয়া হেৰুৱাইছে দিক-বিদিক (Congress leaders in dilemma)। ক’লৈ যাব কি কৰিব অৱস্থা হৈ পৰিছে বহু কংগ্ৰেছী নেতা তথা প্ৰাক্তন মন্ত্ৰীৰ । বিজেপিত যোগদান কৰিব বিচাৰিলেও দুই এক কংগ্ৰেছ নেতাক বিজেপিয়ে স্থান নিদিয়া বুলিও চলি আছে ব্যাপক চর্চা । এনে সময়তে কংগ্ৰেছ ত্যাগ কৰি মমতাৰ তৃণমূলত যোগদান কৰা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাৰ পক্ষত যেন থিয় দিলে প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইন ।

তৃণমূলত যোগদান কৰা সদ্য প্ৰাক্তন জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰিপুন বৰাৰ সমালোচনাত কংগ্ৰেছ নেতাসকল সৰৱ হৈ থকাৰ সময়ত ৰকিবুল হুছেইনে পৰোক্ষভাৱে হ’লেও বৰাক সমৰ্থন আগবঢ়োৱা বিষয়টোৱে বহন কৰিছে বিশেষ তাৎপৰ্য । ৰিপুন বৰাৰ দল ত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া (Rakibul Hussain on Ripun Bora's TMC journey) প্ৰকাশ কৰি ৰকিবুল হুছেইনে ক’লে, ৰিপুন বৰাক কংগ্ৰেছত এচামে বহুত জ্বলাইছিল । মোকো জ্বলাইছিল । কিন্তু ৰিপুন বৰাৰ দৰে মই মূৰ পোলোকা মাৰি পলায়ণ নকৰোঁ । মই কংগ্ৰেছৰ নিষ্ঠাৱান সৈনিক। মই যুঁজিম'' ৷

ৰিপুন বৰাক বহল অন্তৰৰ মানুহ আখ্যা ৰকিবুল হুছেইনৰ

মঙলবাৰে নগাঁৱৰ নিজা বাসভৱনত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ৰকিবুল হুছেইনে কয়, ''তেঁও দলত্যাগ কৰাটো ভুল ৷ ৰিপুন বৰাৰ অভিযোগ পত্ৰৰ প্ৰতি মোৰ ৮০ শতাংশ সমৰ্থন আছে । ৰিপুন বৰাই দলৰ বাবে নিষ্ঠাৰে কাম কৰিছিল আৰু তেওঁৰ দলত্যাগে কংগ্ৰেছক ক্ষতিগ্ৰস্ত কৰিব'' ৷ উল্লেখযোগ্য যে, সংবাদমাধ্যমৰ সন্মুখত ৰকিবুল হুছেইনৰ এই অকপট স্বীকাৰোক্তিয়ে কংগ্ৰেছ দলৰ ভিতৰচোৱাত চলি থকা বিভেদৰ দিশটো পুনৰ স্পষ্ট কৰিলে ।

ইপিনে, প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ প্ৰতি বৰ্তমান অসন্তুষ্টিৰ সৃষ্টি হৈছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত ৰকিবুল হুছেইনে কয়, ''মই ৰোজা ৰাখি অলপ দুৰ্বল হৈ আছো । ৰমজানৰ পিছতে এইবোৰ কথাৰ উত্তৰ মই দিম'' । কেৱল ইমানেই নহয়, বিজেপিৰ পৰা শিকিবলগীয়া আছে বুলিও একপ্ৰকাৰ অকপট স্বীকাৰোক্তি প্ৰদান কৰিলে এগাৰাকী অতি চতুৰ ৰাজনীতিক হিচাপে পৰিচিত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : ৰিপুণ বৰাই অসমত কেনেকৈ উৰুৱাব বাঙালী জাত্যাভিমানৰ পতাকা ?

Last Updated : Apr 19, 2022, 5:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.