অসম

assam

ৰক্ষকেই ভক্ষক: আৰক্ষীৰ সহযোগত ভাঙৰ খেতি !

By

Published : Aug 26, 2021, 4:46 PM IST

কলগাছিয়াৰ বহু অঞ্চলত অবৈধ ভাং(Canavis)ৰ মুকলি খেতি ৷ ভাং খেতিয়ক তথা ব্যৱসায়ীয়ে একাংশ আৰক্ষীক মেনেজ কৰি ভাঙৰ ব্যৱসায় চলাই নিয়াৰ অভিযোগ ৷

canavis-farming-at-kalgachia
ৰক্ষকেই ভক্ষক: আৰক্ষীৰ সহযোগত ভাঙৰ খেতি !

জনীয়া, 26 আগষ্ট: ৰাজ্যত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে(Assam Police) চলোৱা অভিযানৰ মাজতে কলগাছিয়াত পোহৰলৈ আহিছে অবৈধ ভাং(Canavis) খেতিৰ ৰমৰমীয়া বেহাৰ ঘটনা ৷ একাংশ লোকে ঘৰে ঘৰে ৰোপন কৰিছে ভাঙৰ গছ ৷ জানিব পৰা মতে, একাংশ ভাং ব্যৱসায়ীয়ে আৰক্ষীক কমিশ্যন দি চলাই নিছে ভাং খেতিৰ বৃহৎ ব্যৱসায় ৷

আমাৰ সাংবাদিকে চলোৱা এক অভিযানত পোহৰলৈ আহিছে যে, কলগাছিয়াৰ আদিতপুৰ, খাতাৰটাৰী গাঁৱত ভাঙৰ বৃহৎ ব্যৱসায় চলাই গৈছে একাংশই ৷ সাংবাদিকৰ কেমেৰা দেখিয়েই ব্যৱসায়ীসকলে ভাং গছ কটা পৰিলক্ষিত হৈছে ৷ আদিতপুৰ গাঁৱৰ প্ৰায় অৰ্ধ শতাধিক পৰিয়ালৰ ঘৰত অবৈধ ভাঙৰ খেতি কৰা হৈছে ৷

সোমবাৰে নিশাৰ ভাগত বালিকুৰি আৰক্ষীয়ে ভাং ব্যৱসায়ীৰ ঘৰত উপস্থিত হৈ ভাং গছ কাটি থৈ যায় যদিও আন একাংশ ভাং ব্যৱসায়ীৰ পৰা গাঁওবুঢ়াৰ জৰিয়তে মোটা অংকৰ ধন লৈ ভাং গছ নকটাকৈ গুচি যোৱা বুলি অভিযোগ উত্থাপন হৈছে । কলগাছিয়াৰ সাংবাদিকৰ এটি দলে ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ভাং গছৰ ভিডিঅ’ সংগ্ৰহ কৰাত আৰক্ষী আৰু ভাং ব্যৱসায়ীৰ লগত হোৱা গোপন মিতিৰালিৰ কথা প্ৰকাশ পায় ।

ৰক্ষকেই ভক্ষক: আৰক্ষীৰ সহযোগত ভাঙৰ খেতি !

লগতে পঢ়ক:জনীয়া সমষ্টিৰ টাপাজুলী পাথাৰত অব্যাহত ভাঙৰ ৰমৰমীয়া বেহা

সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত একাংশ ভাং ব্যৱসায়ীয়ে আৰক্ষীক টকা দি মেনেজ কৰাৰ কথা স্বীকাৰ কৰে । আৰক্ষীৰ এনে ভূমিকাক ৰাইজে সমালোচনা কৰাৰ লগতে ‘ৰক্ষকেই যদি ভক্ষক হয়’ তেন্তে এই অবৈধ ভাঙৰ ব্যৱসায় কোনে বন্ধ কৰিব বুলি প্ৰশ্ন উত্থাপন কৰিছে ।

আনহাতে, খাতাৰটাৰীত সাংবাদিকৰ উপস্থিতিত ঘৰে ঘৰে গৈ ভাং খেতি ধ্বংস কৰিলে খোদ গাঁওবুঢ়াই । অবৈধ ভাঙৰ ৰমৰমীয়া বেহা বন্ধ কৰিবলৈ যেন আহৰি নাই বৰভিটা আৰক্ষীৰ । গাঁওখনৰ প্ৰায় শতাধিক লোকৰ ঘৰে ঘৰে ভাঙৰ খেতি প্ৰত্যক্ষ কৰা হৈছে । এইদৰে প্ৰায় ঘৰে ঘৰে ভাঙৰ ব্যৱসায় চলি আছে যদিও কুম্ভকৰ্ণ নিদ্ৰাত আছে বৰভিটা আৰক্ষী । গাঁওবুঢ়াৰ ভূমিকাক ৰাইজে প্ৰশংসা কৰাৰ লগতে ভাং ব্যৱসায়ীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সচেতন মহলে দাবী জনাইছে ।

লগতে পঢ়ক:নগাঁৱত ড্ৰাগছসহ ৩ সৰবৰাহকাৰীক আটক

ABOUT THE AUTHOR

...view details