ETV Bharat / state

জনীয়া সমষ্টিৰ টাপাজুলী পাথাৰত অব্যাহত ভাঙৰ ৰমৰমীয়া বেহা

author img

By

Published : Aug 24, 2021, 7:54 PM IST

জনীয়া সমষ্টিৰ টাপাজুলী পাথাৰত অব্যাহত ভাংৰ ৰমৰমীয়া বেহা
জনীয়া সমষ্টিৰ টাপাজুলী পাথাৰত অব্যাহত ভাংৰ ৰমৰমীয়া বেহা

ৰাজ্যত এতিয়াও আৰক্ষীৰ চকুত ধূলি দি এচামে চলাই গৈছে ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ ৷ সমান্তৰালভাৱে প্ৰতিদিনে আৰক্ষীৰ জালতো পৰিছে এই অবৈধ ব্যৱসায়ৰ লগত জড়িত বহু ব্যক্তি ৷

জনীয়া, 24 আগষ্ট: মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাচতে ৰাজ্যজুৰি অসম আৰক্ষীয়ে ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান আব্যাহত ৰাখিছে ৷ ৰাজ্যত কোটি কোটি টকাৰ ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰী ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু তাৰ পাচতো এতিয়াও ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিদিনে উদ্ধাৰ হৈ আহিছে ড্ৰাগছকে ধৰি নিচজাতীয় সামগ্ৰী ৷ যি বিষয়টোৱে আৰক্ষীকো কৰি তুলিছে উদ্বিগ্ন ৷

জনীয়া সমষ্টিৰ টাপাজুলী পাথাৰত অব্যাহত ভাংৰ ৰমৰমীয়া বেহা

তাৰ মাজতে মঙলবাৰে বৰপেটা জিলাৰ জনীয়া সমষ্টি তথা কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত জনতা টাপাজুলী পাথাৰত এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণ ভাং জব্দ কৰিবলৈ সক্ষম হৈছে ৷ স্থানীয় ৰাইজৰ অভিযোগ, জনতা টাপাজুলীৰ পাথাৰৰ নৈমুদ্দিন নামৰ লোকজনৰ ঘৰত প্ৰতিদিনে ভাং খাবলৈ সমাগম হয় বিভিন্নজনৰ ৷

লগতে পঢ়কঃ অসম-মেঘালয় সীমান্তত খাচী লোকৰ উপদ্ৰৱ: ভাঙি চুৰমাৰ অসম আৰক্ষীৰ শিবিৰ

কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে ৷ আৰক্ষীৰ নাকৰ তলতে চলি আছে ভাংৰ এখন ৰমৰমীয়া বেহা ৷ একেদৰে গাঁওখনৰ ঘৰে ঘৰে ভাঙৰ ব্যৱসায় চলি থকাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সচেতন ৰাইজে ৷ কিন্তু এই সকলোবোৰ দেখি শুনিও স্থানীয় আৰক্ষী কুম্ভকৰ্ণ নিদ্ৰাত থকাৰ অভিযোগ এইসকল লোকৰ ৷

উল্লেখযোগ্য যে, এনেদৰে মুকলিকৈ ভাঙৰ ব্যৱসায় চলি থকাৰ ফলত ধ্বংসৰ পথলৈ গতি কৰিছে অঞ্চলটোৰ একাংশ যুৱ প্ৰজন্ম । অতি শীঘ্ৰে ভাং ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষী সক্ৰিয় হৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে মদ, ভাং আদি নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় বন্ধ কৰি যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহৰ পৰা ৰক্ষা কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়কঃ ঠিকাৰ ধন সময়ত নোপোৱাৰ বাবেই বিজেপি নেতাই কৰিলে আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.