ETV Bharat / state

অসম-মেঘালয় সীমান্তত খাচী লোকৰ উপদ্ৰৱ: ভাঙি চুৰমাৰ অসম আৰক্ষীৰ শিবিৰ

author img

By

Published : Aug 24, 2021, 6:22 PM IST

tense-situation-in-assam-meghalaya-border
খাচী লোকে ভাঙি চুৰমাৰ কৰিলে অসম আৰক্ষীৰ শিৱিৰ

অসম-মেঘালয় সীমান্ত অঞ্চল উমলাফেৰত উত্তেজনা ৷ উমলাফেৰত আৰক্ষীয়ে স্থাপন কৰা এটা তালাচী চকীক কেন্দ্ৰ কৰি উদ্ভৱ হয় এই উত্তপ্ত পৰিস্থিতিৰ ৷

ডিফু, 24 আগষ্ট: পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্ত অঞ্চলৰ উমলাফেৰত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ৷ উমলাফেৰত স্থাপন কৰা অসম আৰক্ষীৰ শিবিৰ ঘেৰাও কৰি দুই শতাধিক খাচী লোকে ভাঙি চুৰমাৰ কৰিলে শিবিৰত স্থাপন কৰা বাংকাৰ ৷ উমলাফেৰত আৰক্ষীয়ে স্থাপন কৰা তালাচী চকীক কেন্দ্ৰ কৰি উদ্ভৱ এই উত্তপ্ত পৰিস্থিতিৰ ৷ প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰে নিশা আৰক্ষী তালাচী চকীত এজন খাচী লোকক আৰক্ষীৰ এজন কনিষ্টবলে কৰা দুব্যৱহাৰৰ প্ৰতিবাদত আৰক্ষী শিবিৰ ঘেৰাও কৰে স্থানীয় খাচী লোকে ৷

ঘটনাস্থলীত মেঘালয় আৰক্ষী উপস্থিত হোৱাৰ বিপৰীতে পশ্চিম কাৰ্বি আংলঙৰ পৰা আৰক্ষীৰো এটা দল ৰাউনা হৈছে উমলাফেৰলৈ ৷ এই ঘটনাক কেন্দ্ৰ কৰি অসম আৰক্ষীৰ শীৰ্ষ মহল তথা স্থানীয় সচেতন ৰাইজৰ মাজত সৃষ্টি হৈছে ব্য়াপক প্ৰতিক্ৰিয়া ৷ বিভাগীয় তদন্তৰ অন্তত অসম আৰক্ষীয়ে এই সন্দৰ্ভত কি পদক্ষেপ গ্ৰহণ কৰে সেইয়া হ'ব মন কৰিব লগীয়া ৷ ঘটনাৰ কাৰণ যিয়েই নহওক কিয়, সীমান্ত অঞ্চলত এনেদৰে চুবুৰীয়া ৰাজ্যৰ লোকৰ উপদ্ৰৱে স্বাভাৱিকেই নিৰাপত্তাহীনতাৰ ভাবুকি আহি পৰিছে সীমান্ত অঞ্চলটোৰ ৰাইজৰ মাজত ৷

খাচী লোকে ভাঙি চুৰমাৰ কৰিলে অসম আৰক্ষীৰ শিৱিৰ

মন কৰিবলগীয়া যে, অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত মিজো দুৰ্বৃত্তই অসম আৰক্ষীৰ ওপৰত বৰ্বৰ আক্ৰমণ চলোৱাৰ পাছৰে পৰা অসম-নগালেণ্ড, অসম-মেঘালয় সীমান্ততো অব্যাহত আছে সংঘাতৰ উকমুকনি ৷ বাৰে বাৰে অসম আৰক্ষীক আক্ৰমণৰ চেষ্টা অব্যাহত ৰাখিছে একাংশ দুৰ্বৃত্তই ৷

লগতে পঢ়কঃ সোণোৱালক অসমৰ ৰাইজৰ আগত পৰিচয় কৰাবৰ বাবেহে জন আশীৰ্বাদ যাত্ৰা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.