ETV Bharat / state

নগাঁৱত ড্ৰাগছসহ ৩ সৰবৰাহকাৰীক আটক

author img

By

Published : Aug 26, 2021, 11:23 AM IST

নগাঁৱত এণ্টি নাৰ্ক'টিক্স স্কোৱাড(Anti Narcotics Squad)ৰ অভিযানত আটক ৩ ড্ৰাগছ সৰবৰাহকাৰী । ধৃত সৰবৰাহকাৰীকেইটাৰ পৰা বহু পৰিমাণৰ ড্ৰাগছ(Drugs) জব্দ কৰে অভিযানকাৰী দলটোৱে । লগতে জব্দ কৰে নগদ ৭ হাজাৰ টকা ।

Drugs peddler arrested at Nagaon
নগাঁৱত ড্ৰাগছসহ ৩ সৰবৰাহকাৰীক আটক

চামগুৰি, ২৬ আগষ্ট : ৰাজ্যৰ জিলাই জিলাই চলিছে ড্ৰাগছ(Drugs) বিৰোধী অভিযান । অবৈধ ড্ৰাগছ ব্যৱসায়ীক নাকী লগাবলৈ প্ৰশাসন তৎপৰ হৈ পৰিছে । নগাঁও(Nagaon) জিলাতো আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ(Anand Mishra)ৰ নেতৃত্বত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে । বুধবাৰে নগাঁও চহৰৰ ধিং গেটৰ আয়ুব আলী ভাটাৰ পৰা এণ্টি নাৰ্ক'টিক্স স্কোৱাড(Anti Narcotics Squad)ৰ অভিযানকাৰী দলে ৩টা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ।

ধৃত সৰবৰাহকাৰীকেইটাৰ পৰা ড্ৰাগছ ভৰ্তি ১৩টা কন্টেইনাৰ আৰু নগদ ৭ হাজাৰ টকা আৰক্ষীয়ে জব্দ কৰে । ধৃত সৰবৰাহকাৰীকেইটা হৈছে আজিবুৰ ৰহমান, লালু চৌহান আৰু নাজিম শেখ । অভিযানকাৰী দলটোৱে ১ নং মোল্লাপটীৰ বাসিন্দা নাজিম শেখৰ ঘৰত অভিযান চলাই যদিও কোনো আপত্তিজনক বস্তু জব্দ কৰিবলৈ সক্ষম নহ'ল । উল্লেখ্য যে, নগাঁও আৰক্ষীয়ে এটাৰ পিছত আনটো সফল অভিযান চলোৱাৰ পিছতো এতিয়াও জিলাখনত ড্ৰাগছৰ অবাধ বেহা চলি থকাক লৈ চিন্তিত হৈ পৰিছে সচেতন ৰাইজ ।

ইতিমধ্যে নগাঁও চহৰৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ হৈছে হেৰ'ইন, ব্ৰাউন চুগাৰৰ আদি । মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে নিচাযুক্ত দ্ৰব্যৰ অবৈধ বেহাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰশসাসন নিৰ্দেশ দিছিল । এই নিৰ্দেশমৰ্মে জিলা জিলাই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে । ধনৰ লালসাত মাৰাত্মক ড্ৰাগছৰ ব্যৱসায় কৰি ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে বহু সৰবৰাহকাৰী । কিন্তু তথাপিও একাংশ ড্ৰাগছ ব্যৱসায়ীয়ে অবৈধ বেহা চলাই আছে ।

লগতে পঢ়ক: কেন্দ্ৰীয় চৰকাৰে আজি মুকলি কৰিব E-Shram portal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.