ETV Bharat / bharat

কেন্দ্ৰীয় চৰকাৰে আজি মুকলি কৰিব E-Shram portal

author img

By

Published : Aug 26, 2021, 10:34 AM IST

বৃহস্পতিবাৰে ই-শ্ৰম পৰ্টেল(E-Shram portal) মুকলি কৰিব কেন্দ্ৰীয় চৰকাৰে । যোৱা ২৪ আগষ্টত ই-শ্ৰম পৰ্টেলৰ ল'গ' উন্মোচন কৰিছিল শ্ৰম আৰু নিযুক্তি মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে(Bhupender Yadav) ।

Centre to launch E-Shram portal today
কেন্দ্ৰীয় চৰকাৰে আজি মুকলি কৰিব ই-শ্ৰম পৰ্টেল

নেশ্যনেল ডেস্ক, ২৬ আগষ্ট : অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ তথ্য সঠিক ৰূপত সংৰক্ষণ কৰাৰ বাবে বৃহস্পতিবাৰে ই-শ্ৰম পৰ্টেল(E-Shram portal) মুকলি কৰিব কেন্দ্ৰীয় চৰকাৰে । বৃহস্পতিবাৰে আবেলি ৩.৩০ বজাত পৰ্টেলটো মুকলি কৰা হ'ব । ইয়াৰ পূৰ্বে, যোৱা ২৪ আগষ্টত শ্ৰম আৰু নিযুক্তি মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে(Bhupender Yadav) ই-শ্ৰম পৰ্টেলৰ ল'গ' উন্মোচন কৰিছিল । ল'গ' উন্মোচন কৰি শ্ৰম মন্ত্ৰীগৰাকীয়ে কয় যে, অসংগঠিত শ্ৰমিকসকলক চিনাক্ত কৰাটো অতি প্ৰয়োজনীয় আছিল ।

শ্ৰমিকসকলৰ তথ্য সঠিক ৰূপত সংৰক্ষণৰ আহিলা স্বৰূপ এই পৰ্টেলটোৱে কল্যাণমূলক আঁচনিসমূহৰ সুবিধা লাভৰ ক্ষেত্ৰত তেওঁলোকক সহায় কৰিব বুলি তেওঁ মন্তব্য কৰে । শ্ৰম মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰৰ আঁচনিসমূহৰ উদ্দেশ্য হৈছে সহায়ৰ হাত আগবঢ়োৱা আৰু ই-শ্ৰম পৰ্টেল এই ক্ষেত্ৰত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ । এই পৰ্টেলটোৱে লাখ লাখ অসংগঠিত শ্ৰমিকৰ সামাজিক সুৰক্ষা সুনিশ্চিত কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে ।

উল্লেখ্য যে, বিগত বৰ্ষত কৰ'ণা মহামাৰীৰ সংক্ৰমণৰ সময়ত লকডাউনৰ বাবে কৰ্মসংস্থাপন হেৰুৱাই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল অসংগঠিত খণ্ডৰ শ্ৰমিকসকল । খোজকাঢ়িয়েই বহু মাইল দূৰত থকা গাঁৱলৈ বাট বুলিছিল শ্ৰমিকসকলে । এই শ্ৰমিকসকলে যাতে কামৰ অভাৱত হাহাকাৰ কৰিব নালাগে আৰু তেওঁলোকৰ বাবে কল্যাণকামী আঁচনি গ্ৰহণ কৰিব পৰা যায়, তাৰ বাবে চৰকাৰে এই ই-শ্ৰম পৰ্টেল(E-Shram portal) মুকলি কৰাৰ সিদ্ধান্ত লৈছে । এই পৰ্টেলটোৰ জৰিয়তে অসংগঠিত খণ্ডৰ ৩৮ কোটি শ্ৰমিকৰ নাম পঞ্জীয়ন কৰাৰ লক্ষ্য স্থিৰ কৰিছে কেন্দ্ৰই ।

লগতে পঢ়ক: Covid-19: নতুনকৈ আক্ৰান্ত ৩৭ হাজাৰৰো অধিক লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.