চাকৰিৰ দালালি কৰি গ্ৰেপ্তাৰ হ’ল কুঁহিৰাম ডেকা
জলসিঞ্চন বিভাগৰ চাকৰিৰ দালালি কাণ্ডৰ মূল মাষ্টৰমাইণ্ড কুঁহিৰাম ডেকাক গ্ৰেপ্তাৰ ৷ দিছপুৰ আৰক্ষীয়ে মঙলদৈৰ পৰা গ্ৰেপ্তাৰ কৰে কুঁহিৰাম ডেকাক(irrigation department recruitment) ৷ আনহাতে বৰ্তমানেও পলাতক দালালি চক্ৰটোৰ আন দুই মাষ্টাৰমাইণ্ড ৰফিকুল হুছেইন আৰু আজিজুৰ হক (Broker arrested from Mongoldoi)৷
বৃহস্পতিবাৰে পাঁচটা আদিবাসী বিদ্ৰোহী সংগঠনৰে শান্তি আলোচনাত বহিব হিমন্ত বিশ্ব শৰ্মা
কাইলৈ নতুন দিল্লীত পাঁচটাকৈ আদিবাসী সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ সৈতে আলোচনাত বহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Peace pact with Adivasi militant group)৷
KFC ৰ বাৰ্গাৰত হাতমোজা: খাদ্য সুৰক্ষা বিভাগৰ জাননী জাৰি
KFC খাদ্য প্ৰিয় যদি সাৱধান হওক । কাৰণ আপোনাৰ প্ৰিয় বাৰ্গাৰ অথবা পিজ্জাৰ সৈতে সোমাই আহিব পাৰে হেণ্ড গ্লভছ অথবা মাস্ক । ইতিমধ্যে এগৰাকী গ্ৰাহকৰ এনে অভিযোগৰ ভিত্তিত খাদ্য সুৰক্ষা বিভাগে এখন KFC চিকেন ৰেষ্টুৰেন্টলৈ জাননী জাৰি কৰিছে (Food Safety Department notice to KFC Restaurant) ।
অসম-অৰুণাচল প্ৰদেশৰ সীমা বিবাদ সন্দৰ্ভত জনতা ভৱনত মুখ্যমন্ত্রীৰ বৈঠক
অসম আৰু অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা আঞ্চলিক সমিতিসমূহৰ সৈতে বৈঠকত মিলিত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (CM meeting at janata bhawan) । ১৫ ছেপ্তেম্বৰৰ পাছত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীৰ পৰ্যায়ত বৈঠক অনুষ্ঠিত হ'ব । সেই বৈঠকতে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে আলোচনা কৰি মেঘালয়ৰ দৰে বিবাদ মীমাংসাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব (Assam Arunachal Pradesh border dispute) ।
হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰীৰ নামত ভুৱা একাউন্ট
হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰীৰ নামত ভুৱা হোৱাটছ আপ একাউন্ট খুলিছে দুষ্ট চক্ৰই (Fake Whatsapp account in Hojai DC's name) ৷ উপায়ুক্তগৰাকীয়ে নিজেই উল্লেখ কৰিছে এই তথ্য ৷