ETV Bharat / bharat

ত্ৰিপুৰাত বাইক ক্ৰয় কৰাকলৈ আৰক্ষী সঞ্চালক প্ৰধানক পত্ৰ তৃণমূলৰ

author img

By

Published : Sep 14, 2022, 10:29 AM IST

aitc-writes-to-tripura-dgp-seeking-probe-on-purchasing-bikes-by-bjp-from-up
ত্ৰিপুৰাত বাইক ক্ৰয় কৰাকলৈ আৰক্ষী সঞ্চালক প্ৰধানক পত্ৰ

সমাগত ত্ৰিপুৰা বিধানসভা নিৰ্বাচন (Tripura Assembly Elections 2023) ৷ নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিয়ে ত্ৰিপুৰালৈ ক্ৰয় কৰি আনিছে কেইবাখনো মটৰ চাইকেল ৷ ত্ৰিপুৰা বিজেপিৰ মটৰ চাইকেল ক্ৰয় কৰাকলৈ সন্দেহ ব্যক্ত কৰিছে তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে ৷

নিউজ ডেস্ক, 14 ছেপ্টেম্বৰ: উত্তৰ প্ৰদেশৰ পৰা ত্ৰিপুৰালৈ বিজেপিয়ে বিপুল হাৰত মটৰ চাইকেল অনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে(Trinamool Congress Rajya Sabha MP Sushmita Dev) ৷ ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধান অমিতাভ ৰঞ্জনক মঙলবাৰে সাংসদগৰাকীয়ে এই সন্দৰ্ভত তদন্ত কৰাৰ দাবী জনায় ৷ আগন্তুক ত্ৰিপুৰা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলটোৱে এই মটৰ চাইকেলকেইখন ৰাজ্যখনলৈ অনাৰ সম্ভাৱনা ব্যক্ত কৰিছে সাংসদগৰাকীয়ে ৷

সাংসদ সুস্মিতা দেৱে অমিতাভ ৰঞ্জনলৈ(Tripura DGP Amitabh Ranjan) এখন পত্ৰ লিখি কয় যে, ভাৰতীয় জনতা পাৰ্টীয়ে কেইবাখনো মটৰ চাইকেল ক্ৰয় কৰি ত্ৰিপুৰালৈ আনিছে । মোৰ তথ্য অনুসৰি, বিজেপিয়ে ক্ৰয় কৰি অনা এই মটৰ চাইকেলবোৰত থকা পঞ্জীয়ন নম্বৰ (নম্বৰ প্লেট) উত্তৰ প্ৰদেশৰ (Purchasing bikes by BJP from UP) ৷ মোৰ আশংকা হৈছে যে, ত্ৰিপুৰাৰ পূৰ্বৰ ৰাজনৈতিক হিংসাত্মক কাৰ্যকলাপৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত (Tripura Assembly Elections 2023) মটৰ-চাইকেলকেইখন অপব্যৱহাৰ হ'ব পাৰে ৷

সাংসদগৰাকীয়ে পত্ৰখনত লগতে উল্লেখ কৰে যে, অতীততো কুখ্যাত বাইক বাহিনীয়ে ত্ৰিপুৰাত বিৰোধী দলক ভয় খুৱাবলৈ আক্ৰমণ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল । তৃণমূল কংগ্ৰেছে নিৰ্বাচন তথা অন্য সময়ত ৰাজ্যখনত আইন-শৃংখলা বজাই ৰখাৰ বাবে ন্যায়ালয়তো দ্বাৰস্থ হ’বলগীয়া নিচিনা পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ সাংসগৰাকীয়ে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীলৈ ত্ৰিপুৰাত উপস্থিত হোৱা মটৰ-চাইকেলৰ কিছুমান আলোকচিত্ৰও পত্ৰখনৰ লগত সংলগ্ন কৰি দিয়ে । তেওঁ লগতে সংবাদ মাধ্যমৰ উদ্ধৃতি দি বিৰোধী দলসমূহৰ নেতা-কৰ্মী নিৰন্তৰভাৱে বিজেপিৰ আক্ৰমণৰ সন্মুখীন হৈ আহিছে বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক: SITয়ে কৰিব ত্ৰিপুৰাৰ গুৰুত্বপূৰ্ণ NDPS গোচৰৰ তদন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.